• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ ৫ প্ৰকাৰৰ নথি অগ্ৰাহ্যৰ পৰামৰ্শ : প্ৰতীক হাজেলাই প্ৰকৃততে কৰিব বিচাৰিছে কি?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 8, 2018 10:23 pm
Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

1k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হৈ যোৱাৰ পাছত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই খচৰাৰ পৰা বাদ পৰা লোকসকলৰ ক্ষেত্ৰত দাবী আবেদনৰ লগত সংলগ্ন কৰিব পৰা নথি সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ পৰামৰ্শ প্ৰেৰণ কৰিছে। এই পৰামৰ্শৰ কথা ৰাজহুৱা হোৱাৰ পাছতেই বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কাৰণ প্ৰতীক হাজেলাই প্ৰেৰণ কৰা পৰামৰ্শত পূৰ্বতে প্ৰস্তুত কৰা এন আৰ চিৰ মডেলিটি অনুসৰি আবেদনকাৰীয়ে নিজকে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অসমলৈ অহাৰ বা অসমত থকাৰ প্ৰমাণ হিচাপে দাখিল কৰিব পৰা ১৫ প্ৰকাৰৰ নথিৰ ভিতৰত ৫ বিধ নথি অগ্ৰাহ্য কৰিবলৈ কোৱা হৈছে।

উল্লেখ্য যে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা পৰামৰ্শৱলীত অগ্ৰাহ্য কৰিবলৈ অনুৰোধ জনোৱা ৫ প্ৰকাৰৰ নথি হৈছে ক্ৰমে- (১) ১৯৫১ চনৰ এন আৰ চিৰ কপি, (২) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ ভোটাৰ তালিকা, (৩) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে লাভ কৰা নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, (৪) ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আৰু (৫)১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ৰেচন কাৰ্ড।

প্ৰতীক হাজেলাই এক গোপন পত্ৰ যোগে আগ বঢ়োৱা এই পৰামৰ্শ ৰাজহুৱা হোৱাৰ পাছত স্বাভাবিকতে ক্ষোভৰ উৎগিৰণ হৈছে বিভিন্ন দল-সংগঠনৰ মাজত। কিয়নো, এইখিনি নথি অগ্ৰাহ্য কৰি দিয়াৰ ফলত বৃহৎ সংখ্যক সাধাৰণ ৰাইজে ১৯৭১ চনৰ পূৰ্বৰ নথি দাখিল কৰাত সমস্যাত পৰিব।

ইপিনে, বৈধ নথি হিচাপে গ্ৰাহ্য কৰিবলৈ হাজেলাই আগ বঢ়োৱা পৰামৰ্শত অন্তৰ্ভুক্ত হৈছে ১৯৭১ চনৰ আগৰ (১) মাটিৰ নথি, (২) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, (৩) পাছপৰ্ট, (৪) বীমাৰ নথি, (৫)চৰকাৰী অনুজ্ঞাপত্ৰ, (৬) চৰকাৰী চাকৰিৰ প্ৰমাণ পত্ৰ, (৭) বেংক বা ডাকঘৰৰ পাছবুক, (৮) জন্মৰ প্ৰমাণ পত্ৰ, (৯) ব’ৰ্ড, বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, (১০) আদালতৰ নথি।

কিন্তু এই নথিসমূহ ১৯৭১ চনৰ আগৰ সাধাৰণ আৰু দুখীয়া লোকৰ নাথাকিবও পাৰে বুলি বিভিন্নজনে মন্তব্য কৰিছে।

উল্লেখ্য যে, এন আৰ চিৰ মডেলিটি প্ৰস্তুত কৰাৰ সময়ত এতিয়া প্ৰতীক হাজেলাই বৈধ বলি গ্ৰাহ্য কৰিবলৈ দিয়া ১০ প্ৰকাৰৰ নথি আৰু অগ্ৰাহ্য কৰিবলৈ পৰামৰ্শ দিয়া ৫ প্ৰকাৰৰ নথি মিলাই মুঠ ১৫ প্ৰকাৰৰ নথিক বিভিন্ন দল-সংগঠনে আলোচনামৰ্মে বৈধ হিচাপে ঘোষণা কৰা হৈছিল।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এই পৰামৰ্শৰ দ্বাৰা ‘অসম চুক্তি’ক অৱমাননা কৰা বুলি মন্তব্য কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে।

শনিবাৰে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয়, “অসম চুক্তিয়ে ১৯৭১ চনৰ ২৫ মাৰ্চলৈ প্ৰকাশিত ভোটাৰ তালিকাক মান্যতা প্ৰদান কৰিছে, কিন্তু প্ৰতীক হাজেলাই ইয়াক অগ্ৰাহ্য কৰিছে। তেওঁ নাগৰিকত্ব আইনৰ ৬ নং ধাৰাক অৱমাননা কৰিছে। যি নীতিত অধীনত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে সেই নীতিৰ ৪ নং দফাৰ ২ নং উপ দফাকো তেওঁ উলংঘা কৰিছে।”

ৰহমানে লগতে প্ৰতীক হাজেলাক নিজৰ ইচ্ছা অনুসৰি কাম কৰাৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

“হাজেলা ডাঙৰীয়া অসমৰ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ ৰাইজৰ ভাগ্যনিয়ন্তা নহয়। নাগৰিকত্ব প্ৰদান কৰা বা কৰ্তন কৰাৰ দায়িত্ব তেওঁক দিয়া হোৱা নাই। উচ্চতম ন্যায়ালয়ে তেওঁক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ নথি প্ৰদান কৰিব পৰা লোকৰ এখন তালিকাহে প্ৰস্তুত কৰিবলৈ দিছে। গতিকে তেওঁ অসমৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ আৱেগ-অনুভূতিক কুঠাৰাঘাত কৰি কাৰ নিৰ্দেশত এই ৫ প্ৰকাৰৰ নথি অগ্ৰাহ্য কৰিবলৈ পৰামৰ্শ দিলে সেই কথাত আমি আচৰিত হৈছো”, আজিজুৰ ৰহমানে কয়।

এই পৰামৰ্শই ভাৰতীয় সংবিধানে প্ৰদান কৰা ‘সমতাৰ অধিকাৰ’ ভংগ কৰিব বুলিও মন্তব্য কৰে। তেওঁ লগতে এই পৰামৰ্শ উঠাই ল’বলৈও দাবী জনায়। অন্যথা আমছুৱে ১৩ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে।

হাজেলাৰ পৰামৰ্শক লৈ সন্তুষ্ট নহয় ৰাজ্যিক বিজেপিও। কালি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই উল্লেখ কৰা মতে, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশিত দ্বিতীয় খচৰাত ভাৰতীয় গোৰ্খা, বাঙালী, হিন্দীভাষী ইত্যাদি কেইবালাখ লোকৰ নাম বাদ পৰাৰ পাছত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি আৰু মহামান্য উচ্চতম ন্যায়ালয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ মাজতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উদ্দেশ্য প্ৰণোদিতভাৱে আগবঢ়োৱা মতামতে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।”

এই সন্দৰ্ভত দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু আন ৰাজ্যিক নেতৃবৃন্দই আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে।

একেটা প্ৰসংগতে দলটোৰ হোজাইৰ বিধায়ক শিলাদিত্য দেবেও হাজেলাৰ এই পৰামৰ্শৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

“প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে। কাৰণ এই পাঁচ প্ৰকাৰৰ নথি উচ্চতম ন্যায়ালয়ে গ্ৰাহ্য কৰিছিল। ই এটা ষড়যন্ত্ৰৰ অংশ। কাৰ এই ষড়যন্ত্ৰ পাছত ওলাই পৰিব।”, শিলাদিত্য দেবে কয়।

একেই বিৰোধিতা এ আই য়ু ডি এফৰো। দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইচলামে কয়, “হাজেলা ডাঙৰীয়াই এই পৰামৰ্শ কিয় আগ বঢ়াইছে আমি বুজিব পৰা নাই। তেওঁ এই পৰামৰ্শৰ দ্বাৰা অসমৰ ৰাইজৰ বহু আকাংক্ষিত এন আৰ চিখন হ’বগৈ নে নহ’ব তাক লৈ শংকাৰ সৃষ্টি কৰিছে।”

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd