• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ পৰিকল্পনা ধোঁৱাচাঙত

ভৱেশ মেধি by ভৱেশ মেধি
March 13, 2019 10:55 pm
ফাঁচীবজাৰৰ প্ৰস্তাৱিত উদ্ভিদ উদ্যান নিৰ্মাণৰ স্থান

ফাঁচীবজাৰৰ প্ৰস্তাৱিত উদ্ভিদ উদ্যান নিৰ্মাণৰ স্থান

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যস্ত জীৱনৰ পৰা আঁতৰি অকনমান মুকলি ঠাইত ফুৰি সময় পাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰীত মুকলি ঠাইৰ বাৰুকৈ অভাৱ। মহানগৰীৰ চাৰিওফালে সুউচ্চ অট্টালিকা, দোকান পোহাৰ, গাড়ী মটৰে ভৰি পৰিছে। গুৱাহাটীত যেন এতিয়া মানুহে উশাহ অলপ ল’ব পৰাকৈ মুকলি ঠাই নোহোৱা হৈ পৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীত মুকলি ঠাইৰ অভাৱ আৰু স্বাস্থ্যকৰ পৰিৱেশত অৱসৰ বিনোদন কৰাৰ বাবে ফাঁচীবজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ পৰিকল্পনা এতিয়াও চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে।

Apply Now

৮বছৰ পূৰ্বে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচীবজাৰৰ পৰা সৰুসজাইলৈ স্থানান্তৰ হোৱাৰ পিছৰে পৰা ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিখিনি পৰিত্যক্ত হৈ পৰি আছে। ২০১১ চনৰ ১৩ ছেপ্টেম্বৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচীবজাৰৰ পৰা নি সৰুসজাইৰ এশ বিঘা মাটিত স্থাপন কৰা হৈছিল।

তাৰ পিছত একে বছৰৰে অক্তোবৰত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ মাটিখিনি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনক হস্তান্তৰ কৰিছিল। প্ৰথমতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনে কাৰাগাৰৰ মুকলি হৈ পৰা ভূমিত শ্বপিং মল আৰু পাকিংস্থান নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। পিছত মহানগৰ উন্নয়ন প্ৰাধিকৰনে এই সিন্ধান্ত বাতিল কৰে। পিছত তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ৫৭ বিঘা মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে।

কিন্তু তিনি বছৰ পূৰ্বে মন্ত্ৰী শৰ্মাই ঘোষণা কৰা উদ্ভিদ উদ্যান নিৰ্মাণৰ কাম বৰ্তমানো ফাইলতে আৱদ্ধ হৈ আছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক দায়িত্ব দিয়া প্ৰস্তাৱিত উদ্যানখন নিৰ্মাণ আৰম্ভ হোৱা দূৰৈৰ কথা আজিলৈকে ইয়াৰ নক্সা  পৰ্যন্ত প্ৰস্তুত হোৱা নাই।

মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰা পোৱা তথ্য মতে, যোৱা ডিচেম্বৰৰ শেষত প্ৰাধিকৰণে প্ৰস্তাৱিত উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল। মহানগৰ উন্নয়ন প্ৰাধিকৰণে উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰি তোলাৰ বাবে ডেৰ বছৰ সময় নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে উদ্ভিদ উদ্যান নিৰ্মাণৰ কাম ২০২০ চনৰ ভিতৰত আৰম্ভ নহয়।

প্ৰস্তাৱিত উদ্ভিদ উদ্যানত বিশেষভাবে ঔষধি গছ ৰোপণ কৰাৰ লগতে তাত থকা জলাশয়কেইটা উন্নয়ন কৰা, অৱসৰ বিনোদন কৰাৰ বাবে উদ্যান নিৰ্মাণ কৰা, ওখ টাৱাৰ, কাৰ পাৰ্কিং স্থান, ডিজিটেল মিউজিয়াম, আলোচনা গৃহ, খোজকঢ়া স্থান নিৰ্মাণ কৰা আদি প্ৰস্তাৱ আছে।

উল্লেখযোগ্য যে ২০১৬ চনত গুৱাহাটী উন্নয়ন বিভাগে কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ঠাইখিনি উন্নয়ন কৰাৰ বাবে ৩ কোটি টকা মোকলাই দিছিল। পুনৰ ২০১৭ চনতে ৰাজ্য চৰকাৰে গুৱাহাটী উন্নয়ন বিভাগক ইয়াৰ বাবে ৫,৮৬৩.৩৫  লাখ টকা মোকলাই দিছিল। ধন মোকলাই দিয়াৰ দুবছৰৰ পিছতো উদ্ভিদ উদ্যানৰ নিৰ্মাণ আৰম্ভ কৰিব নোৱাৰাই মহানগৰ উন্নয়ন প্ৰধিকৰণৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু অৱহেলা প্ৰতিফলিত কৰিছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd