কলিয়াবৰ, তামুলপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনতাই সাবস্ত্য কৰিলে সৱল প্ৰতিবাদ।
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আজি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবেই এই প্ৰতিবাদ সাৱস্ত্য কৰা কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ নেতা-কৰ্মীসকলে ।
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুঁৱৰীটোলত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই, অসম চৰকাৰ গো-বেক’ আদি ধ্বনি দি প্ৰতিবাদকাৰীয়ে কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ।
ফলত বহু সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ সৃষ্টি হয় ।
ইপিনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰ জিলাৰ সদৰত তামুলপুৰ আঞ্চলিক ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
বিক্ষোভ কার্যসূচীত অংশ লয় ৰাভা ছাত্র সন্থা, শৰণীয়া কছাৰী ছাত্র সন্থা, কোঁচ ৰাজবংশী ছাত্র সন্থাৰ উপৰি কেইবাটাও জাতীয় ছাত্র সংগঠনৰ নেতা কৰ্মী।
ৰাজ্যজুৰি পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰিলে তামুলপুৰৰ।
তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে তামুলপুৰ জিলা সদৰৰ ৰাজপথ পৰিভ্ৰমণ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।
বিক্ষোভ কার্যসূচীৰ নেতৃত্ব দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ কলিতাই।