• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাথৰাছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ : হাথৰাচৰ ধৰ্ষণকাৰী কোনটো সভ্যতাৰ বুলি প্ৰশ্ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 7, 2020 5:06 pm
20201007_162249
296
VIEWS
Share on FacebookShare on Twitter

হত্যা ধৰ্ষণ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ কৰা দেখা গ’ল শিৱসাগৰত।  অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনূসূচীত জাতি ছাত্ৰ সন্থা,  সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা, মেচ কছাৰী যুৱ পৰিষদ আৰু জাগৃতি মহিলা সমাজে ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদ কৰে সংগঠনসমূহে। প্ৰতিবাদকাৰীসকলে নাৰীক সুৰক্ষা দিব নোৱাৰা মোডী চৰকাৰ গ’ বেক,  জাত পাত বন্ধ কৰক, নাৰীক সুৰক্ষা দিয়ক, বিজেপি গ’ বেক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্তু মেচে কয়, ‘বেটি বচাও বেটি পঢ়াও শ্ল’গান দিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ আৰু অমিত শ্বাহক আমি প্ৰশ্ন কৰিছো আপোনালোকৰ পাষণ্ড কৰ্মী বিলাকৰ পৰা আমাৰ ছোৱালী, মাতৃ, ভগ্নীসকলক কোনে বচাব?’ তেওঁ কয় ‘আপোনালোকে ভাৰতৰ ভনী মাতৃ সকলক যদি সুৰক্ষা দিব নোৱাৰে তেন্তে ভাৰত মাতা কী জয় কোৱাৰ কোনো অধিকাৰ নাই।’

প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা সভ্যতাৰ যুঁজৰ কথা কৈছিল। জিন্তু মেচে মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰে উত্তৰ প্ৰদেশত ধৰ্ষণ কৰা ধৰ্ষণকাৰী কেইটা কোনটো সভ্যতাৰ?

আনহাতে হাথৰাছত সংঘটিত জঘন্য কাণ্ডৰ বিৰুদ্ধে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ঐক্য সেনা অসমে। ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবীত আৰু দেশৰ প্ৰতিগৰাকী নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই কয়, ‘চৰকাৰে ১২ বছৰ তলৰ শিশুৰ ওপৰত যৌন নিৰ্যাতন চলিলে ফাঁচী দিয়াৰ আইন প্ৰণয়ন কৰিছে। ইয়াৰ আমি বিৰোধিতা কৰিছো। ১২ বছৰ কিয় ৬০ বছৰৰ ওপৰৰ মহিলাকো যদি বলাৎকাৰ কৰে তেন্তে ইয়াৰ শাস্তি ফাঁচী হব লাগে।’

তেওঁ লগতে কয়, বেটি বচাও বেটি পঢ়াও শ্ল’গান দিয়া বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব পৰা নাই।

হাথৰাছৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ তত্বাধাৱনত চিবিআইৰ তদন্ত দাবী কৰে ঐক্য সেনা অসমে।

আনহাতে শিৱসাগৰ জিলা কংগ্ৰেছেও হাথৰাছত সংঘটিত অমানৱীয় ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি আৰু বিজেপি চৰকাৰে কৰা অগণতান্ত্ৰিক কাৰ্যৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd