• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাথৰাছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ : হাথৰাচৰ ধৰ্ষণকাৰী কোনটো সভ্যতাৰ বুলি প্ৰশ্ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 7, 2020 5:06 pm
20201007_162249
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হত্যা ধৰ্ষণ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ কৰা দেখা গ’ল শিৱসাগৰত।  অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনূসূচীত জাতি ছাত্ৰ সন্থা,  সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা, মেচ কছাৰী যুৱ পৰিষদ আৰু জাগৃতি মহিলা সমাজে ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদ কৰে সংগঠনসমূহে। প্ৰতিবাদকাৰীসকলে নাৰীক সুৰক্ষা দিব নোৱাৰা মোডী চৰকাৰ গ’ বেক,  জাত পাত বন্ধ কৰক, নাৰীক সুৰক্ষা দিয়ক, বিজেপি গ’ বেক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Apply Now

অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্তু মেচে কয়, ‘বেটি বচাও বেটি পঢ়াও শ্ল’গান দিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ আৰু অমিত শ্বাহক আমি প্ৰশ্ন কৰিছো আপোনালোকৰ পাষণ্ড কৰ্মী বিলাকৰ পৰা আমাৰ ছোৱালী, মাতৃ, ভগ্নীসকলক কোনে বচাব?’ তেওঁ কয় ‘আপোনালোকে ভাৰতৰ ভনী মাতৃ সকলক যদি সুৰক্ষা দিব নোৱাৰে তেন্তে ভাৰত মাতা কী জয় কোৱাৰ কোনো অধিকাৰ নাই।’

প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা সভ্যতাৰ যুঁজৰ কথা কৈছিল। জিন্তু মেচে মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰে উত্তৰ প্ৰদেশত ধৰ্ষণ কৰা ধৰ্ষণকাৰী কেইটা কোনটো সভ্যতাৰ?

আনহাতে হাথৰাছত সংঘটিত জঘন্য কাণ্ডৰ বিৰুদ্ধে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ঐক্য সেনা অসমে। ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবীত আৰু দেশৰ প্ৰতিগৰাকী নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই কয়, ‘চৰকাৰে ১২ বছৰ তলৰ শিশুৰ ওপৰত যৌন নিৰ্যাতন চলিলে ফাঁচী দিয়াৰ আইন প্ৰণয়ন কৰিছে। ইয়াৰ আমি বিৰোধিতা কৰিছো। ১২ বছৰ কিয় ৬০ বছৰৰ ওপৰৰ মহিলাকো যদি বলাৎকাৰ কৰে তেন্তে ইয়াৰ শাস্তি ফাঁচী হব লাগে।’

তেওঁ লগতে কয়, বেটি বচাও বেটি পঢ়াও শ্ল’গান দিয়া বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিব পৰা নাই।

হাথৰাছৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ তত্বাধাৱনত চিবিআইৰ তদন্ত দাবী কৰে ঐক্য সেনা অসমে।

আনহাতে শিৱসাগৰ জিলা কংগ্ৰেছেও হাথৰাছত সংঘটিত অমানৱীয় ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি আৰু বিজেপি চৰকাৰে কৰা অগণতান্ত্ৰিক কাৰ্যৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd