• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইচিইৰ এজেণ্টৰ গুলীত নিহত দেশৰ নাগৰিক এলেক্স প্ৰিটি; আমেৰিকাত তীব্ৰ প্ৰতিবাদ, গৰিহণাৰ জোৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 12:48 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ মিনিয়াপলিছত প্ৰব্ৰজন আইন বলবৎকাৰী ফেডাৰেল সংস্থা আইচিই এজেণ্টে এজন আমেৰিকান নাগৰিকক গুলীয়াই হত্যা কৰাৰ পিছত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। স্থানীয় নেতাসকলে এই হত্যাকাণ্ডক গৰিহণা দিছে।

শনিবাৰে আইচিইৰ এজেণ্টে ৩৭ বছৰীয়া এলেক্স প্ৰিটিক গুলীয়াই হত্যা কৰে। আইচিইৰ এজেণ্টে তেওঁক মাটিত বগৰাই আটক কৰাৰ পিছত পিঠিত কেইবাবাৰো গুলীয়াই হত্যা কৰে।

Apply Now

চলিত মাহত মিনিয়াপলিছত আইচিইৰ গুলীত নিহত হোৱা এইজন দ্বিতীয়জন আমেৰিকান নাগৰিক। চলিত মাহৰ আৰম্ভণিতে আই চি ইয়ে ৰেনী গুড নামৰ এগৰাকী মহিলাক গুলীয়াই হত্যা কৰিছিল।

ট্ৰাম্প প্ৰশাসনৰ অনুপ্ৰৱেশ বিৰোধী নীতি আৰু কঠোৰ দমনৰ বিৰুদ্ধে প্ৰচণ্ড ঠাণ্ডাৰ মাজতো প্ৰতিবাদ সাব্যস্ত কৰি মিনিয়াপলিছত ১০ হাজাৰৰো অধিক লোকে ৰাজপথলৈ ওলাই অহাৰ এদিন পিছতে প্ৰিটিক গুলীওৱাৰ ঘটনা সংঘটিত হয়।

প্ৰিটিৰ গুলীচালনাৰ পিছতে অঞ্চলটোত সমবেত হয় শ শ প্ৰতিবাদকাৰী। তেওঁলোকৰ মুখামুখি হয় অস্ত্ৰধাৰী আৰু মাস্ক পৰিহিত আইচিইৰ সদস্যৰ। আইচিইৰ সদস্যসকলে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছৰ গোলা আৰু ফ্লেছবেং গ্ৰেনেড নিক্ষেপ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় নগৰ আৰক্ষী আৰু ৰাজ্যিক আইন প্ৰয়োগকাৰী সংস্থা। শনিবাৰে নিশা ফেডাৰেল এজেণ্টে অঞ্চলটো এৰি যোৱাৰ পিছত পৰিস্থিতি কিছু শান্ত হয়। অৱশ্যে কেইবা ঘণ্টা ধৰি ৰাজপথত আছিল প্ৰতিবাদকাৰীসকল।

এই কাণ্ডৰ ফলত কেৱল মিনিয়াপলিছতে নহয়, নিউয়ৰ্ক, ৱাশ্বিংটন ডি চি আৰু ছান ফ্ৰান্সিস্কোতো প্ৰতিবাদৰ সৃষ্টি হয়।

ইতিমধ্যে কেইবাটাও ঘটনাত ক্ষুব্ধ হৈ পৰিছে মিনিয়াপলিছৰ বাসিন্দাসকল। ইয়াৰ ভিতৰত গুডক হত্যা কৰা, ঘৰৰ পৰা চুটি কাপোৰ পিন্ধা অৱস্থাত এজন আমেৰিকান নাগৰিকক গ্ৰেপ্তাৰ কৰা, স্কুলীয়া ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা আদি অন্যতম।

স্থানীয় বিষয়াসকলে সকলোকে সংযম ৰাখিবলৈ আহ্বান জনাইছে। মিনিয়াপলিছৰ আৰক্ষী অধীক্ষক ব্রায়ান অ’হাৰাই কয়, “অনুগ্রহ কৰি আমাৰ চহৰখন ধ্বংস নকৰিব৷”

প্ৰিটি হত্যাকাণ্ডই স্থানীয় আৰু ফেডাৰেল বিষয়াসকলৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। ৭ জানুৱাৰীত আন এগৰাকী আমেৰিকান ৰেনী গুডক গুলীয়াই হত্যা কৰাক লৈ স্থানীয় বিষয়াৰ সৈতে ট্ৰাম্প প্ৰশাসনৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে।

আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে সাংবাদিকৰ আগত কয় যে শনিবাৰে নিহত হোৱা লোকজনে এজেণ্টক আক্ৰমণ কৰিছিল। অৱশ্যে তেওঁ অস্ত্ৰ উলিয়াইছিল নে নাই সেয়া তেওঁ কোৱা নাই।

ফেডাৰেল বিষয়াসকলে জনোৱা মতে, প্ৰিটিৰ হাতত এটা আগ্নেয়াস্ত্ৰ আছিল। অস্ত্ৰটোৰ এখন ফটো তেওঁলোকে মুকলি কৰে।

সংবাদমেলত নোমে কয় যে মানুহজন (প্ৰিটি) শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ তালৈ যোৱা নাছিল। বৰঞ্চ তেওঁৰ উদ্দেশ্য আছিল হিংসাৰ।

অৱশ্যে স্থানীয় নেতাসকলে ফেডাৰেল চৰকাৰৰ এই দাবীক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে কয় যে, “মই ভিডিঅ’টো বিভিন্ন কোণৰ পৰা চাইছো আৰু ই ভয়ংকৰ।”

গৱৰ্ণৰ টিম ৱালজেও কয় যে এই কাণ্ডৰ তদন্তৰ নেতৃত্ব দিবলৈ ফেডাৰেল চৰকাৰক বিশ্বাস কৰিব নোৱাৰি। বিষয়টো চম্ভালিব ৰাজ্য চৰকাৰে।

মিনেছ’টা ব্যুৰো অৱ ক্রিমিনেল ইনভেষ্টিগেশ্যনৰ মুৰব্বী ড্রু ইভান্সে কয় যে শনিবাৰে ফেডাৰেল এজেণ্টে তেওঁৰ দলটোক তদন্ত আৰম্ভ কৰাত বাধা দিছিল৷

মিনিয়াপলিছৰ আৰক্ষী অধীক্ষক ব্রায়ান অ’হাৰাই জনোৱা মতে, লোকজনৰ হাতত আইনী অস্ত্ৰ আছিল। তেওঁৰ কোনো অপৰাধজনিত অভিলেখ নাছিল। তেওঁৰ বিৰুদ্ধে মাত্ৰ কেইটামান ট্ৰেফিক উলংঘাৰ অভিযোগ উত্থাপন হৈছিল।

গৱৰ্ণৰ টিম ৱালজ আৰু অন্যান্য স্থানীয় বিষয়াসকলে ট্ৰাম্প প্ৰশাসনৰ অনুপ্ৰৱেশ বিৰোধী দমন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে।

মিনিয়াপলিছৰ মেয়ৰ জেকব ফ্ৰেইয়ে এখন সংবাদমেলত প্ৰশ্ন কৰে যে, “এই দমন বন্ধ হোৱাৰ আগতে আৰু কিমান বাসিন্দা, আৰু কিমান আমেৰিকান নাগৰিকৰ মৃত্যু হ’ব লাগিব বা গুৰুতৰভাৱে আহত হ’ব লাগিব?”

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্থানীয় নিৰ্বাচিত বিষয়াসকলে বিদ্ৰোহৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd