• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড্ৰেগন খেদি পঠিয়াবলৈ বদ্ধপৰিকৰ নেপালৰ ছাত্ৰ সমাজ, বিক্ষোভত অসহায় অ’লি

NE NOW NEWS এন ই নাও নিউজ
, September 28, 2020 8:25 am

2 min read

Back-of-Chaina-1
516
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ বিক্ষোভত উত্তাল হৈ পৰিছে নেপাল।

আলহীৰ ৰূপত আহি গৃহস্থকে ঘৰৰ পৰা খেদি দিবলৈ ওলোৱা চীনৰ বিৰুদ্ধে গৰজি উঠিছে নেপালৰ ছাত্ৰ সমাজ।

সৌসিদিনালৈ খাদ্যবস্তুৰ পৰা আৰম্ভ কৰি নিমখকণৰ বাবেও ভাৰতৰ ওপৰত নিৰ্ভৰ কৰা নেপালে এতিয়া ভাৰতৰ প্ৰতি পিঠি দি চীনৰে মিতিৰালি পাতিছে।

এই বন্ধুত্বৰ সুযোগ গ্ৰহণ কৰি চীনে নেপালৰ সাত খনকৈ জিলাৰ বৃহৎ অঞ্চলত চলাইছে আগ্ৰাসন।

চীনৰ আগ্ৰাসনৰ বিৰোধিতা কৰি নেপালৰ হাজাৰ হাজাৰ ছাত্ৰই বিগত দুদিন ধৰি দেশ খনত অব্যাহত ৰাখিছে জংগী প্ৰতিবাদ। ছাত্ৰ বিক্ষোভত বন্ধ হৈ পৰিছে ব্যৱসায়-বাণিজ্য।অচল হৈ পৰিছে যাতায়াত ব্যৱস্থা।

প্ৰতিবাদী ছাত্ৰ ওপৰত জঁপিয়াই পৰিছে অ’লি বাহিনী। এতিয়ালৈকে অৰ্ধ শতাধিক ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য শেহতীয়াকৈ চীনে নেপালৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছে সুবৃহৎ দালান।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।

এই খবৰ পোৱা মাত্ৰকে নেপালৰ প্ৰধানমন্ত্ৰী অ’লিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে নেপালৰ ছাত্ৰ সমাজ।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কিছুদিনৰ পৰা হুমলা জিলাৰ লাপচা-লিমিত চীনৰ প্ৰশাসনে কিছু অবৈধ দালান নিৰ্মাণ কৰিছে।

বাতৰি অনুসৰি নেপালৰ স্থানীয় জনসাধাৰণে নেপালৰ ভূমিত চীনৰ এই অবৈধ দালান নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰিছে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত হুমলা জিলাৰ প্ৰশাসনিক মুৰব্বী দলবাহাদুৰ হামালে অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যায়।

তেওঁ অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়তে চীনে নেপালৰ ভূমিত অবৈধ নিৰ্মাণ কাৰ্য চলাই থকাটো নিশ্চিত হয়।

জানিব পৰা মতে যোৱা ৩০ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰৰ ভিতৰত চীনা প্ৰশাসনে নেপালৰ ভূমিত ৯ টা প্ৰকাণ্ড দালান নিৰ্মাণ কৰিছে।

উল্লেখ্য যে যোৱা জুন মাহতো নেপালৰ কৃষি মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দেশখনৰ ডোলখা, গোৰ্খা, দাৰচুলা, হুমলা, সিন্ধুপালচক আৰু বায়ুচা জিলাৰ বিভিন্ন ঠাইত চীনে আন্তকৰ্জাতিক সীমা অতিক্ৰম কৰি আহি নেপালৰ ভূমিত অবৈধভাৱে দালান নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰা হৈছিল।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd