আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বিলুপ্তিৰৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমগুৰি নগৰৰ চাৰিআলিত দাহ বিধায়ক প্ৰদীপ হাজৰিকা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।
আমগুৰি নগৰৰ পৰা আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চিৰদিনলৈ বন্ধ কৰি দিয়াৰ অধিসূচনা প্ৰকাশ পোৱাৰ পিছতেই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
প্ৰদীপ হাজৰিকা মুৰ্দাবাদ, ভুৱা জাতীয়তাবাদী প্ৰদীপ হাজৰিকা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চিৰদিনলৈ বিলুপ্ত কৰিবলৈ দিয়া নহ’ব শ্ল’গানেৰে আমগুৰি নগৰৰ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে আমগুৰি সমষ্টি বিলুপ্তকৰণৰ পিছতেই আমগুৰি নগৰৰ পৰা এটা এটাকৈ চৰকাৰী কাৰ্যালয় বন্ধ হ’বলৈ আৰম্ভ কৰিছে।
বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তত আমগুৰিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।





