বিভিন্ন স্থানত কৃতিমান ছাত্ৰ-ছাত্ৰীক অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাই আহিছে যদিও শিক্ষক-শিক্ষয়িত্ৰীসকলক অতি কম সংখ্যকেহে আদৰণি জনাই আহিছে। এই ক্ষেত্ৰত পুৰণিগুদামৰ আগশাৰীৰ সংগঠন কিছুমানে সফলতাৰ উচ্চ শিখৰত থকা পুৰণিগুদাম বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক শনিবাৰে গামোচা, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনাই এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিদ্যালয়খন আৰু আগবাঢ়ি যোৱাত অৰিহণা যোগায়।
এই বিদ্যালয়খনৰ পৰা ২০০৭ চনত পোনপ্ৰথমবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে সফলতা লাভ কৰাৰ পিছৰে পৰা এই বৰ্ষলৈকে এশ শতাংশ উত্তীৰ্ণৰে এই ধাৰা অব্যাহত ৰখাৰ লগতে এইবাৰ বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰই অসমৰ ভিতৰতে সপ্তম আৰু দশম স্থান লাভ কৰি বিদ্যালয়খনৰ এই সফলতাৰ দিশটো আৰু অধিক সফল কৰি তুলিবলৈ সক্ষম হয়।
এই সফলতাৰ দিশত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ লগতে পৰিচালনা সমিতিয়ে কৰি অহা ত্যাগৰ স্বীকৃতিস্বৰূপে পুৰণিগুদামৰ সংগঠনসমূহে তেওঁলোক সম্বৰ্ধনা জনায়।
পুৰণিগুদামৰ আগশাৰীৰ সংগঠনসমূহৰ অন্যতম অনিৰ্বাণ গোষ্ঠী, অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখা, জালজৰি সন্মিলিত যুৱ মঞ্চ, পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা, বিদ্যা নিকেতন পৰিচালনা সমিতি, বিদ্যা নিকেতন অভিভাৱক মঞ্চ আদিৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়।
পুৰণিগুদাম বিদ্যা নিকেতন প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা “বিদ্যা নিকেতন পুৰণিগুদামৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৃতিমানলৈ অভিনন্দন” শীৰ্ষক অনুষ্ঠানৰ আঁত ধৰে বসন্ত কৌশিক ভাগৱতীয়ে।
দেৱজিৎ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ কমল শইকীয়াই কয় এই বিদ্যালয়খনে কেৱল বৌদ্ধিক আন্দোলন নহয়, সামাজিক আন্দোলন গঢ়ি তুলিছে।
সভাত আন এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী পুলিন হাজৰিকাই ভাষণ প্ৰসংগত বিদ্যালয়ৰ সফলতাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীসকল, বিদ্যালয় পৰিচালনা সমিতিৰ চেষ্টাৰ শলাগ লয়।
অভিনন্দন সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ ভূঞা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জিনু বৰা, ৰেক্টৰ ৰোহিনী ভূঞা, সমাজকৰ্মী, শিক্ষাবিদ কমল শইকীয়া, পুলিন হাজৰিকা, সমাজকৰ্মী প্ৰফুল্ল শইকীয়া, জগমোহন শৰ্মাৰ লগতে পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে পৰিচালনা সমিতি আৰু অভিভাৱক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীসকলক উৎসাহিত কৰে।
১৯৯৬ চনৰ ১জানুৱাৰিত “অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত” পুৰণিগুদামত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মাধ্যমৰ বিদ্যালয় পুৰণিগুদাম বিদ্যা নিকেতনে আৰম্ভণিৰে পৰা শিক্ষাৰ লগতে অসমীয়া ভাষা, সংস্কৃতি, ক্ৰীড়া আদি দিশৰ উত্তৰণত অভূতপূৰ্ব বৰঙনি আগবঢ়াই আহিছে।