NORTHEAST NOW (Assamese)

সবিশেষ|| অসম অভিমুখে চহিদ মনেশ্বৰ বসুমতাৰীৰ দেহৰ অৱশেষ, সাহায্য ঘোষণা চৰকাৰৰ

February 15, 2019 8:34 pm · এন ই নাও নিউজ
Updated: February 15, 2019 8:39 pm

কাশ্মীৰৰ পৰা বিমানযোগে অসমলৈ আনি থকা হৈছে পুলৱামাত জে’শ্ব এ’ মহম্মদৰ আত্মঘাতী বিস্ফোৰণত নিহত অসমৰ চি আৰ পি এফ জোৱান মনেশ্বৰ বসুমতাৰীৰ দেহৰ অৱশেষ।

শনিবাৰে ৰাতিপুৱা ১০:২০ বজাত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ’ব বসুমতাৰীৰ মৃতদেহ কঢ়িয়াই অনা ইণ্ডিগ’ বিমানখন (নং ৬-ই-৯৩৯)। বসুমতাৰীৰ কফিনৰ লগত সংগীৰূপে আহিছে চি আৰ পি এফ জোৱান বুদ্ধেশ্বৰ ৰয়।

জোৱানজনৰ মৃতদেহ ইতিমধ্যে শ্ৰীনগৰৰ পৰা নতুন দিল্লীত আহি উপস্থিত হৈছে। দিল্লীৰ পৰা অসম অভিমুখে পুৱা ৭:৫৫ বজাত উৰা মাৰিব বিমানখনে।

চহিদ বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱত, পিতৃ দনিৰাম বসুমতাৰী।

৪৭ বছৰীয়া জোৱানজনে মৃত্যুৰ সময়লৈকে ২৪ বছৰ ৬ মাহ আৰু ৮ দিন সেৱা আগবঢ়াই গৈছে।

অসম চৰকাৰে চহিদ বসুমতাৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।

Related News