NORTHEAST NOW (Assamese)

সদ্যোজাত নাতিনীক ঘৰলৈ নিবলৈ হেলিকপ্টাৰ ভাড়া কৰিলে কৃষকে

April 27, 2022 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

সাধাৰণতেই এখন গৃহত নতুনকৈ কোনো শিশুৰ জন্ম হ’লে সমগ্ৰ গৃহতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নাতি-নাতিনীৰ আগমণত বিশেষভাৱে উৎফুল্লিত হৈ পৰে নৱজাতকৰ ককাক-আইতাক।

পিছে পুনেৰ এজন কৃষক নাতিনীৰ জন্মত ইমানেই উৎফুল্লিত হৈ পৰে যে, এই আনন্দতে তেওঁ কৰা এক বিৰল কৰ্ম সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

নাতিনীৰ জন্মত উৎফুল্লিত হৈ পুনে জিলাৰ এই কৃষকজনে মঙলবাৰে সদ্যোজাত নাতিনীক ঘৰলৈ অনাৰ বাবে ভাড়া কৰে এখন হেলিকপ্টাৰ।

পুনেৰ উপকণ্ঠত থকা বালেৱাড়ী অঞ্চলৰ বাসিন্দা অজিত পাণ্ডুৰাং বলৱাদকাৰে কয় যে তেওঁ পৰিয়ালৰ নৱতম সদস্য ক্ৰুশিকাক এক চমকপ্ৰদ আদৰণি জনাব বিচাৰে।

সেয়েহে মাতৃৰ সৈতে সদ্যোজাত কন্যা শিশুটিক ঘৰলৈ অনাৰ সময় হৈছিল তেতিয়া তেওঁ এখন হেলিকপ্টাৰ ভাড়া কৰিছিল।

কেৱল সেয়াই নহয়, শিশুটিক গৃহলৈ আদৰণি জনোৱাৰ বাবেও সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছিল। ঘৰলৈ অহা গোটেই পথটো জাক-জমকতাৰে সজাই তোলা হৈছিল। লগতে শিশুটিৰ গৃহ প্ৰৱেশৰ সময়ত সমগ্ৰ পৰিৱেশ আতচবাজীৰে উজলাই তোলা হৈছিল।

সাম্প্ৰতিক সময়ত কেৱল পুত্ৰ সন্তানৰ আশাত দেশত সততে কন্যা শিশুৰ ভ্ৰূণহত্যা কৰাৰ ঘটনা পোহৰলৈ আহে। বহুক্ষেত্ৰত জন্মৰ পিছতো নৱজাতক কন্যাৰ হত্যাৰ ঘটনা ঘটিছে।

এনে পৰিস্থিতিত পুনেৰ বলৱদকাৰ নামৰ এই কৃষকজনে কন্যা শিশুৰ জন্মৰ আনন্দত এনেদৰে ব্যয়বহুলভাৱে উদযাপন কৰা দৃশ্যক সকলোৱে প্ৰশংসা কৰিছে।

দেশৰ আগশাৰীৰ সংবাদ সংস্থা ANI- এ টুইটাৰত পৰিয়ালটোৰ এই আনন্দ উদযাপনৰ কেইখনমান ফটো প্ৰচাৰ কৰিছিল। ANI- ৰ এই টুইট এতিয়া বহুলভাৱে ভাইৰেল হৈ পৰিছে।

 

Related News