• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী কমাৰ্চ কলেজৰ আজৱ নীতি! নামভৰ্তিৰ সময়ত বাধ্যতামূলক ৭০০ টকা মূল্য নামঘোষা ক্ৰয়!

কলেজ কৰ্তৃপক্ষক সিদ্ধান্ত বাতিলৰ দাবী জাতীয় যুৱ বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 2:28 pm
Gauhati Commerce College
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা। অসমীয়া সমাজ জীৱনত মহাপুৰুষ দুজনাৰ অৱদান আৰু প্রভাৱ আজিও বিৰাজমান। মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠ সৃষ্টি নামঘোষাৰ আদৰ তথা শ্ৰদ্ধা অসমীয়া সমাজ-জীৱনত পুৰুষানুক্ৰমে পৰিলক্ষিত হৈছে।

পিছে শেহতীয়াকৈ নামঘোষাৰ ক্ষেত্ৰত ঐতিহ্যমণ্ডিত গুৱাহাটী কমাৰ্চ কলেজৰ এক সিদ্ধান্তই হতবাক কৰিছে সচেতন সমাজক। কলেজ কৰ্তৃপক্ষই কলেজত নামভৰ্তিৰ সময়ত শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰিছে নামঘোষা ক্ৰয়।

Apply Now

লক্ষণীয়ভাৱে নামঘোষাখনৰ বাবে শিক্ষাৰ্থীসকলে ভৰিবলগীয়া হ’ব ৭০০ টকা মূল্য। কলেজ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই সিদ্ধান্তক গৰিহণা দিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে।

এক প্ৰেছ বিবৃতি যোগে জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে কয়,“আমি সকলোৱে নামঘোষাখনক শ্ৰদ্ধা কৰাৰ লগতে অসমীয়া সমাজৰ প্রতিঘৰ মানুহেই ঘোষাখন ঘৰত ৰাখেই। নামঘোষাখন পঢ়াক লৈ কাৰো আপত্তি নাই।”

“শংকৰ-মাধৱৰ সৃষ্টি আৰু আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। কিন্তু গুৱাহাটী কমাৰ্চ কলেজৰ নামভৰ্তি মাচুলৰ লগত নামঘোষাখন বাধ্যতামূলক কৰাৰ কাৰণ কি? বাধ্যতামূলক কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৭০০ টকাৰ বোজা জাপি দিব বিচাৰিছে কিয়?”- তেওঁ লগতে কয়।

যিসময়ত সকলো ছাত্ৰ সংগঠনে মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, সেই সময়তে অতিৰিক্তভাৱে নামঘোষাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ৭০০ টকা সংগ্ৰহ কৰাৰ অনুমতি কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন কৰে জাতীয় যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে।

“যি সময়ত চৰকাৰখনে বিনামূলীয়া শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল সেই সময়তেই এখন ধৰ্মগ্ৰন্থ ক্ৰয় কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা বাধ্যতামূলক ৭০০ টকাকৈ সংগ্ৰহ কৰাটো কেনে ধৰণৰ কথা? কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলক ধৰ্মগ্ৰন্থ ক্ৰয় কৰিবলৈ বাধ্য কৰিব পাৰেনে?”– তেওঁ লগতে কয়।

শিক্ষা আৰু ধৰ্মক একাকাৰ নকৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে গুৱাহাটী কমাৰ্চ কলেজ কৰ্তৃপক্ষক এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবলৈ দাবী উথাপন কৰে জাতীয় যুৱ বাহিনীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd