DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2022 2:02 pm
176
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কনিষ্ঠ কন্যা কেটেৰিনা টিখোনোভাই গোপনে জেলেনস্কিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছে। তেওঁলোকক কেইবাবাৰো একেলগে দেখা গৈছে। কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশিত এই প্ৰতিবেদনকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুটিনে কেতিয়াও তেওঁৰ ব্যক্তিগত জীৱনৰ কথা ৰাজহুৱা কৰা নাই। তেওঁৰ ছোৱালীৰ বিষয়েও বেছি কথা জনা নাযায়।

পুটিনৰ দুগৰাকী কন্যাৰ এগৰাকী হৈছে মাৰিয়া ভোৰোণ্টছোভা। আনগৰাকী হৈছে কেটেৰিনা। যদিও মাৰিয়াৰ বিষয়ে বিশেষ একো জনা নাযায়, কেটেৰিনাই মুকলিভাৱে থাকিবলৈ পছন্দ কৰে।

কেটেৰিনাৰ এগৰাকী বেলে নৃত্যশিল্পী হিচাপেও খ্যাতি আছে। কেটেৰিনা নৃত্যকলৈ বহুত ব্যস্ত থাকে। ২০১৩ চনত কেটেৰিনাই পুটিনৰ বন্ধুৰ পুত্ৰ কিৰিল চামালোক বিয়া কৰায়। কিন্তু সেই সম্পৰ্কটো ২০১৭ চনত ভাঙি যায়।

তাৰ পিছত, বিভিন্ন মাধ্যমত দাবী কৰা হৈছিল যে কেটেৰিনা জাৰ্মানীৰ এগৰাকী বেলে শিল্পীৰ প্ৰেমত পৰিছিল। অৱশ্যে, লগতে এইটোও দাবী কৰা হৈছিল যে এইটো এটা উৰাবাতৰি আছিল। কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ এখন বাতৰি কাকত আইষ্ট’ৰীজ আৰু জাৰ্মান বাতৰি কাকত ডেৰ স্পিগেলে দাবী কৰিছে যে ৩৫ বছৰীয়া কেটেৰিনাই প্ৰায়ে তেওঁৰ প্ৰেমিকক লগ কৰিবলৈ জাৰ্মানীৰ চহৰ মিউনিখ ভ্ৰমণ কৰে।

বাতৰি কাকত দুখনৰ প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে কেটেৰিনাৰ নতুন প্ৰেমিকৰ নাম হৈছে ইগৰ জেলেনস্কি। মিউনিখত কেটেৰিনা আৰু জেলেনস্কিক কেইবাবাৰো গোপনে লগ পোৱা দেখা গৈছে। জেলেনস্কি পেছাত এজন বেলে শিল্পী। তেওঁ মিউনিখৰ বেলে কোম্পানীৰ এগৰাকী প্ৰাক্তন বিষয়া। প্ৰতিবেদনত কোৱা হৈছে যে কেটেৰিনা আৰু জেলেনস্কিৰ এটি দুবছৰীয়া কন্যা সন্তানো আছে। তাই এতিয়া জেলেনস্কিৰ সৈতে মিউনিখত বাস কৰে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে পুটিনৰ জীয়েকৰ নতুন প্ৰেমিকৰ নাম পোহৰলৈ আহিছে। নতুন প্ৰেমিকৰ বিষয়টোলৈ যিমান কৌতূহল আছিল তাতোকৈ প্ৰেমিকৰ নামকলৈ অধিক কৌতূহলৰ সৃষ্টি হৈছিল।

ঘটনাক্ৰমে, ৰাছিয়াৰ শত্ৰু দেশ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নাম কেটেৰিনাৰ নতুন প্ৰেমিকৰ নামৰ সৈতে মিলি গৈছে। অৱশ্যে এগৰাকী ভলোডিমিৰ জেলেনস্কি আৰু আনগৰাকী হৈছে ইগৰ জেলেনস্কি।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd