• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয়াৰ আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 22, 2019 6:35 am

2 min read

ff17403c-63cf-4fd5-94da-b5545c3e90eb

হোলীৰ দিনটোতে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ আশীৰ্বাদ ল'লে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি হোলীৰ আনন্দ-উল্লাসৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই বৃহস্পতিবাৰে পুৱাৰ ভাগত উপস্থিত হয় খ্ৰীষ্টানবস্তিস্থিত বিজয়া চক্ৰৱৰ্তীৰ বাসগৃহত।

সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা বৰ্ষীয়ান নেত্ৰী বিজয়া চক্ৰৱৰ্তীক হোলীৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে তথা তেওঁৰ চৰণ চুই আশীৰ্বাদ আশীৰ্বাদ ল’বলৈ কুইন ওজা উপস্থিত হৈছিল বুলি নৰ্থ ষ্ট নাওক জনায়।

‘’হোলী উপলক্ষে বাইদেউক মাত লগাবলৈ গৈছিলো। বাইদেউৱে মোক আশীৰ্বাদ দিছে।‘’ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই নৰ্থ ইষ্ট নাওক প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুইন ওজাই এইদৰে কয়।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰা বুলি চৰ্চা চলাত দেহে নাটানিলেও প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছিল বৰ্ষীয়ান নেত্ৰী চক্ৰৱৰ্তীয়ে।

72a0e077-0da2-44c9-863b-bb932c99d44f
হোলীৰ দিনা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ঘৰত বিজেপি প্ৰাৰ্থী কুইন ওজা। ফটো : নৰ্থইষ্ট নাও

তাৰ বিপৰীতে বৰ্তমান দলৰ সিদ্ধান্ত চক্ৰৱৰ্তীয়ে মানি লোৱা বুলি কুইন ওজাই আমাক কয়।

‘’দলে যাক প্ৰাৰ্থিত্ব দিব সেই কথা সকলোৱে মানি ল’ব লাগিব, দলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। বিজয়া বাইদেৱে নিশ্চয় মানি লৈছে,‘’-এইদৰে কয় কুইন ওজাই।

তদুপৰি,গুৱাহাটী লোকসভা সমষ্টিৰ পৰা জয়ী হ’ব বুলি দাবী কৰি ওজাই কয়, ‘’মোক টিকট দিয়াৰ কথা শুনি সমৰ্থকখিনি আনন্দিত হৈছে। মই জিকিবলৈয়ে খেলিম।‘’

আনহাতে, ওজা গুৱাহাটীৰ চূড়ান্ত প্ৰাৰ্থী বুলি খবৰ পাই দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা বৃহস্পতিবাৰে পুৱাৰ ভাগতে উপস্থিত হৈছিলগৈ কুইন ওজাৰ ঘৰত। এই কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত উল্লেখ কৰে কুইন ওজাই।

তেওঁ কয়, ‘’মই টিকট পোৱাৰ বাবে বহুত সুখী অতুল বৰা। তেওঁ আনন্দত অধীৰ হৈ পৰিছে। তেওঁৰ সৈতে পুৰণা সম্বন্ধও আছে। তেওঁৰ সৈতে সমষ্টিৰ মানুহবোৰেও মোক সহায় কৰিব।‘’

উল্লেখযোগ্য যে, হাইপ্ৰফাইল গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পোৱা কুইন ওজাই ২০১৪ চনতহে বিজেপিত যোগদান কৰিছিল। ১৯৮৫ চনৰ পৰা ২০১৪ লৈকে তেওঁ অসম গণ পৰিষদত আছিল আৰু ১৯৯৬-৯৭ চনত গুৱাহাটীৰ মেয়ৰ  হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd