• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ প্ৰতিশ্ৰুতি ‘মিছা’ হ’ল; এইবাৰ ৰাহুল গান্ধীয়ে দিছে কাগজ কল ৬মাহত জীয়াই তোলাৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2019 11:40 am
rahul-gandhi_660_082518015613_012819074524

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী। ফাইল ফটো

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি ক্ষমতালৈ আহিলে বন্ধ হৈ থকা কাছাৰ কাগজকল কাৰ্য্যক্ষম কৰি তোলা হ’ব বুলি যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চগ্ৰামৰ এখন সভাত মোদীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেয়া ‘মিছা’ত পৰিণত হ’ল। মোদীৰ ৫ বছৰ কাল উকলিল। কিন্তু কাছাৰ কাগজকল জীয়াই তোলা বাদেই, নাগাওঁ কাগজ কলটোও বন্ধ হৈ মুঠ প্ৰায় ১৬০০ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবোৰলৈ দুৰ্য্যোগ নামিল।

তাৰ মাজতে এইবাৰ একেই স্থানত একেই প্ৰতিশ্ৰুতি আগ বঢ়াই কল দুটাৰ হতাশ কৰ্মচাৰীসকলক আশা দেখুৱাইছে বিৰোধী সভাপতি তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে।

Apply Now

৯ এপ্ৰিলত বৰাক উপত্যকাৰ পঞ্চগ্ৰামত এখন নিৰ্বাচনী সভাত গান্ধীয়ে কংগ্ৰেছ শাসনলৈ আহিলে কল দুটা “৬মাহৰ ভিতৰত পুনৰুজ্জীৱিত কৰি তোলা হ’ব” বুলি মন্তব্য কৰে।

গান্ধীয়ে কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাস আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী সুস্মিতা দেবৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল।

তেওঁ বৰাক উপত্যকাক আন স্থানৰ সৈতে উপযুক্তভাৱে সংযোগ কৰি বাণিজ্যিক কেন্দ্ৰ হচাপে গঢ় দিয়া হ’ব বুলিও ভাষণত উল্লেখ কৰে। দেশৰ ৫ কোটি দৰিদ্ৰ পৰিয়ালক লক্ষ্য কৰি প্ৰস্তুত কৰা ন্যূনতম আয় যোজনা (ন্যায়)ৰ কথাও দোহাৰে।

পুৱা দহমান বজাত পাঁচগ্ৰাম খেলপথাৰত শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি কংগ্ৰেছৰ উদ্যোগত নিৰ্বাচনী সভা আৰম্ভ হয় যদিও বতৰৰ বিঘিনিৰ বাবে কংগ্ৰেছৰ অধ্যক্ষজন শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানকোঠৰ পৰা হেলিকপ্টাৰৰ পৰিৱৰ্তে গাড়ীৰে দুঘণ্টা পলমকৈ সভাস্থলীত উপস্থিত হয়।

উল্লেখযোগ্য যে নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল বহু দিনৰ পৰা বন্ধ হৈ আছে।

যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ পঞ্চগ্ৰামত হোৱা এখন নিৰ্বাচনী সভাত বন্ধ হৈ থকা কাছাৰ কাগজ কলটো শীঘ্ৰেই কাৰ্য্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি সত্ত্বেও ২০১৫ চনৰ অক্টোবৰৰ পৰা বন্ধ হৈ থকা এই কলটো পুনৰুজ্জীৱিত কৰা নহ’ল। বৰং ২০১৬ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজ কলৰ উৎপাদনো বন্ধহে হ’ল।

যোৱা বছৰ নৱেম্বৰত নমামি বৰাক উৎসৱত উপস্থিত থাকি কেন্দ্ৰীয় গুৰু উদ্যোগ  মন্ত্ৰী (Heavy Industries and Public Enterprises) বাবুল সুপ্ৰিয়য়ো জাগীৰোডস্থিত নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ ল’ব বুলি ঘোষণা কৰিছিল।

আনহাতে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলক চৰকাৰে বিধানসভাৰ কামকাজ পৰিদৰ্শনৰ বাবে দিয়া এটা সুযোগৰ সময়ত পৰিস্মিতা বুঢ়াগোহাঁই নামৰ এগৰাকী ছাত্ৰীয়ে মুখ্য মন্ত্ৰীৰ সৈতে মত বিনিময় হওঁতে নগাওঁ কাগজ কলৰ কৰ্মচাৰীসকলৰ দুৰ্দশাৰ কথা বিৱৰি কৈছিল চকুত চকুলো লৈ। তেতিয়া ব্যৱস্থা কৰাৰ আশ্বাস দিছিল মুখ্য মন্ত্ৰী সোণোৱালেও। কিন্তু এইবোৰ সত্ত্বেও আজিও দৰমহাহীন অৱস্থাত দিন পাৰ কৰিছে কৰ্মচাৰীসকলে। বন্ধ হৈ আছে কল দুটাৰ সকলো কামকাজ। তাৰ মাজতে কল দুটা চৰকাৰে ব্যক্তিগত খণ্ডক নিলামত দিয়াৰ বাতৰিও ওলাইছে।

পৰিয়াল চলোৱাৰ ব্যৰ্থতাত লাজ-অপমান-হতাশা সহিব নোৱাৰি ইতিমধ্যে কল দুটাৰ কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd