NEET (NEET-UG 2026) পৰীক্ষাক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগত উত্তাল হৈ পৰিছে দেশ। আৰু এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়ত নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ স্পষ্টকৈ দাবী কৰে যে NEET এতিয়া স্বচ্ছ পৰীক্ষা নহয়, বৰঞ্চ ‘নিলাম কেন্দ্ৰ’ত পৰিণত হৈছে।
যোৱা ১০ বছৰত ৮৯ বাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপন কৰি ৱায়ানাদৰ প্ৰাক্তন সাংসদগৰাকীয়ে মোডী চৰকাৰৰ অধীনত যুৱক-যুৱতীসকলৰ ভৱিষ্যত বিপন্ন বুলি সৰৱ হৈ পৰিছে।
ছ’চিয়েল মিডিয়া ‘এক্স’ত এটা দীঘলীয়া পোষ্টত ৰাহুল গান্ধীয়ে ক্ষোভ প্ৰকাশ কৰে। যদিও তেওঁ নিজৰ দাবীৰ সমৰ্থনত কোনো নিৰ্দিষ্ট প্ৰতিবেদন বা নথি দাখিল কৰা নাই, তথাপি তেওঁৰ আক্ৰমণ তীক্ষ্ণ আছিল।
ৰাহুল গান্ধীয়ে লিখিছে, “NEET 2026 প্ৰশ্নকাকত ফাদিলৰ খবৰ শুনিলো।এয়া এতিয়া পৰীক্ষা নহয়, NEET এতিয়া নিলামত পৰিণত হৈছে। পৰীক্ষাৰ ৪২ ঘন্টা আগতে হোৱাটছএপত প্ৰশ্ন বিক্ৰী হৈ আছিল।২২ লাখৰো অধিক শিক্ষাৰ্থীয়ে গোটেই এবছৰ দিনে-নিশাই পঢ়া-শুনা কৰিছিল, আৰু এৰাতিতে তেওঁলোকৰ ভৱিষ্যত বজাৰত নিলাম কৰি দিয়া হ’ল।”
বিজেপি চৰকাৰৰ দহ বছৰীয়া ইতিহাসৰ উদ্ধৃতি দি ৰাহুলে কয়, ‘এয়া প্ৰথমবাৰৰ বাবে নহয়। যোৱা ১০ বছৰত ৮৯ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে, ৪৮ বাৰ পৰীক্ষা পুনৰ ল’বলগীয়া হৈছে। প্ৰতিবাৰেই একে প্ৰতিশ্ৰুতি দিয়া হয়, তাৰ পিছত গভীৰ মৌনতা।”
তেওঁ আৰু কয় যে মোডী চৰকাৰৰ এই ব্যৰ্থতাৰ মূল্য দৰিদ্ৰৰ সন্তানে দিব লগা হৈছে। ৰাহুলে দাবী কৰে যে দেশৰ যুৱক-যুৱতীসকলৰ সপোনৰ পথত এতিয়া মোডী চৰকাৰেই আটাইতকৈ ডাঙৰ বাধা। অৱশ্যে তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলৰ লগত আছে আৰু এই ব্যৱস্থা সলনি কৰিব বুলি আশ্বাস দিয়ে।
ইফালে NEET পৰীক্ষাক লৈ অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে জোকাৰণি উঠিছে ৰাজস্থান আৰক্ষী। এই সন্দৰ্ভত ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযান গোটৰ তদন্ত আৰম্ভ হৈছে। এছ অ’ জিৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিশাল বানচালে কয় যে ৪১০টা প্ৰশ্নৰ এখন ‘গেচ পেপাৰ’ বা সম্ভাৱ্য প্ৰশ্নকাকত তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে।
অভিযোগ উত্থাপন হৈছে যে পৰীক্ষাৰ ৰসায়ন বিজ্ঞান শাখাৰ পৰা প্ৰায় ১২০টা প্ৰশ্ন এই ছেটৰ সৈতে হুবহু মিল আছিল। চাঞ্চল্যকৰ দাবীটো হ’ল পৰীক্ষাৰ পূৰ্বে এই নথিখন বাহিৰত প্ৰচাৰিত হৈ আছিল। তদন্তকাৰীয়ে ইয়াৰ আঁৰত কোনো অপৰাধী দল আছে নেকি তদন্ত কৰি আছে।
কিন্তু পৰীক্ষাত গাফিলতিৰ কোনো অভিযোগ মানি ল’বলৈ অনিচ্ছুক নেশ্যনেল টেষ্টিং এজেন্সীয়ে। দেওবাৰে এন টি এয়ে এক্স-হেণ্ডেলযোগে কয় যে কটকটীয়া নিৰাপত্তাৰ মাজতে যোৱা ৩ মে’ত সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। তেওঁলোকৰ দাবী-
• প্ৰশ্নকাকত পৰিবহণৰ বাবে জিপিএছ ট্ৰেক কৰা বাহন ব্যৱহাৰ কৰা হৈছিল।
• প্ৰতিখন প্ৰশ্নকাকতত এটা বিশেষ ৱাটাৰমাৰ্ক আছিল যিটো চিনাক্ত কৰা সম্ভৱ।
• কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ পৰাই এআই প্ৰযুক্তি ব্যৱহাৰ কৰি চিচিটিভি চোৱাচিতা কৰা হৈছিল।
• পৰীক্ষা কেন্দ্ৰত ৫জি জামাৰ স্থাপন কৰি প্ৰতিজন পৰীক্ষাৰ্থীৰ বায়’মেট্ৰিক পৰীক্ষা কৰা হয়।
এন টি এৰ তথ্য অনুসৰি পৰীক্ষাৰ চাৰিদিন পিছত ৭ মে’ৰ নিশাই তেওঁলোকে প্ৰথমে এই অনিয়মৰ তথ্য লাভ কৰিছিল। সেই তথ্য ৮ মে’ৰ পুৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক দিয়া হৈছিল। ৰাজস্থান এছ অ’ জিৰ তদন্তত সম্পূৰ্ণ সহযোগিতা আশ্বাস দিয়াৰ সমান্তৰালকৈ এন টি এয়ে ৩ মে’ৰ পৰীক্ষাটো সকলো নিয়ম অনুসৰি সফলতাৰে অনুষ্ঠিত হোৱা বুলি দাবী কৰে।
তদন্ত আৰু অভিযোগৰ এই যুঁজৰ মাজতে লাখ লাখ প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকল স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে।





