• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘১০ বছৰত ৮৯ বাৰ প্ৰশ্নকাকত ফাদিল, NEET এতিয়া নিলামত’! ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ সৰৱ ৰাহুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 7:48 am
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET (NEET-UG 2026) পৰীক্ষাক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগত উত্তাল হৈ পৰিছে দেশ। আৰু এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়ত নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ স্পষ্টকৈ দাবী কৰে যে NEET এতিয়া স্বচ্ছ পৰীক্ষা নহয়, বৰঞ্চ ‘নিলাম কেন্দ্ৰ’ত পৰিণত হৈছে।

যোৱা ১০ বছৰত ৮৯ বাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপন কৰি ৱায়ানাদৰ প্ৰাক্তন সাংসদগৰাকীয়ে মোডী চৰকাৰৰ অধীনত যুৱক-যুৱতীসকলৰ ভৱিষ্যত বিপন্ন বুলি সৰৱ হৈ পৰিছে।

Apply Now

ছ’চিয়েল মিডিয়া ‘এক্স’ত এটা দীঘলীয়া পোষ্টত ৰাহুল গান্ধীয়ে ক্ষোভ প্ৰকাশ কৰে। যদিও তেওঁ নিজৰ দাবীৰ সমৰ্থনত কোনো নিৰ্দিষ্ট প্ৰতিবেদন বা নথি দাখিল কৰা নাই, তথাপি তেওঁৰ আক্ৰমণ তীক্ষ্ণ আছিল।

ৰাহুল গান্ধীয়ে লিখিছে, “NEET 2026 প্ৰশ্নকাকত ফাদিলৰ খবৰ শুনিলো।এয়া এতিয়া পৰীক্ষা নহয়, NEET এতিয়া নিলামত পৰিণত হৈছে। পৰীক্ষাৰ ৪২ ঘন্টা আগতে হোৱাটছএপত প্ৰশ্ন বিক্ৰী হৈ আছিল।২২ লাখৰো অধিক শিক্ষাৰ্থীয়ে গোটেই এবছৰ দিনে-নিশাই পঢ়া-শুনা কৰিছিল, আৰু এৰাতিতে তেওঁলোকৰ ভৱিষ্যত বজাৰত নিলাম কৰি দিয়া হ’ল।”

বিজেপি চৰকাৰৰ দহ বছৰীয়া ইতিহাসৰ উদ্ধৃতি দি ৰাহুলে কয়, ‘এয়া প্ৰথমবাৰৰ বাবে নহয়। যোৱা ১০ বছৰত ৮৯ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে, ৪৮ বাৰ পৰীক্ষা পুনৰ ল’বলগীয়া হৈছে। প্ৰতিবাৰেই একে প্ৰতিশ্ৰুতি দিয়া হয়, তাৰ পিছত গভীৰ মৌনতা।”

তেওঁ আৰু কয় যে মোডী চৰকাৰৰ এই ব্যৰ্থতাৰ মূল্য দৰিদ্ৰৰ সন্তানে দিব লগা হৈছে। ৰাহুলে দাবী কৰে যে দেশৰ যুৱক-যুৱতীসকলৰ সপোনৰ পথত এতিয়া মোডী চৰকাৰেই আটাইতকৈ ডাঙৰ বাধা। অৱশ্যে তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলৰ লগত আছে আৰু এই ব্যৱস্থা সলনি কৰিব বুলি আশ্বাস দিয়ে।

ইফালে NEET পৰীক্ষাক লৈ অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে জোকাৰণি উঠিছে ৰাজস্থান আৰক্ষী। এই সন্দৰ্ভত ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযান গোটৰ তদন্ত আৰম্ভ হৈছে। এছ অ’ জিৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিশাল বানচালে কয় যে ৪১০টা প্ৰশ্নৰ এখন ‘গেচ পেপাৰ’ বা সম্ভাৱ্য প্ৰশ্নকাকত তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে।

অভিযোগ উত্থাপন হৈছে যে পৰীক্ষাৰ ৰসায়ন বিজ্ঞান শাখাৰ পৰা প্ৰায় ১২০টা প্ৰশ্ন এই ছেটৰ সৈতে হুবহু মিল আছিল। চাঞ্চল্যকৰ দাবীটো হ’ল পৰীক্ষাৰ পূৰ্বে এই নথিখন বাহিৰত প্ৰচাৰিত হৈ আছিল। তদন্তকাৰীয়ে ইয়াৰ আঁৰত কোনো অপৰাধী দল আছে নেকি তদন্ত কৰি আছে।

কিন্তু পৰীক্ষাত গাফিলতিৰ কোনো অভিযোগ মানি ল’বলৈ অনিচ্ছুক নেশ্যনেল টেষ্টিং এজেন্সীয়ে। দেওবাৰে এন টি এয়ে এক্স-হেণ্ডেলযোগে কয় যে কটকটীয়া নিৰাপত্তাৰ মাজতে যোৱা ৩ মে’ত সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। তেওঁলোকৰ দাবী-

• প্ৰশ্নকাকত পৰিবহণৰ বাবে জিপিএছ ট্ৰেক কৰা বাহন ব্যৱহাৰ কৰা হৈছিল।

• প্ৰতিখন প্ৰশ্নকাকতত এটা বিশেষ ৱাটাৰমাৰ্ক আছিল যিটো চিনাক্ত কৰা সম্ভৱ।

• কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ পৰাই এআই প্ৰযুক্তি ব্যৱহাৰ কৰি চিচিটিভি চোৱাচিতা কৰা হৈছিল।

• পৰীক্ষা কেন্দ্ৰত ৫জি জামাৰ স্থাপন কৰি প্ৰতিজন পৰীক্ষাৰ্থীৰ বায়’মেট্ৰিক পৰীক্ষা কৰা হয়।

এন টি এৰ তথ্য অনুসৰি পৰীক্ষাৰ চাৰিদিন পিছত ৭ মে’ৰ নিশাই তেওঁলোকে প্ৰথমে এই অনিয়মৰ তথ্য লাভ কৰিছিল। সেই তথ্য ৮ মে’ৰ পুৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক দিয়া হৈছিল। ৰাজস্থান এছ অ’ জিৰ তদন্তত সম্পূৰ্ণ সহযোগিতা আশ্বাস দিয়াৰ সমান্তৰালকৈ এন টি এয়ে ৩ মে’ৰ পৰীক্ষাটো সকলো নিয়ম অনুসৰি সফলতাৰে অনুষ্ঠিত হোৱা বুলি দাবী কৰে।

NEET 2026 के पेपर लीक की खबर सुनी।

परीक्षा नहीं – NEET अब नीलामी है।

कई सवाल परीक्षा से 42 घंटे पहले WhatsApp पर बिक रहे थे।

22 लाख से ज़्यादा बच्चे साल भर रात-रात भर आँखें जलाकर पढ़ते रहे और एक रात में उनका भविष्य बाज़ार में सरेआम नीलाम हो गया। यह पहली बार नहीं है। 10 साल में…

— Rahul Gandhi (@RahulGandhi) May 11, 2026

তদন্ত আৰু অভিযোগৰ এই যুঁজৰ মাজতে লাখ লাখ প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকল স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd