• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কংগ্ৰেছে চৰকাৰ গঠন কৰিলে অপেক্ষা মাথোঁ গ্ৰেপ্তাৰৰ’: বিশ্বনাথত মুখ্যমন্ত্ৰী হিমন্তক সকীয়াই দিলে ৰাহুলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:34 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তীব্ৰ প্ৰচাৰৰ মাজতে দেওবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি আৰু বিভাজনকাৰী ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলায়।

বিশ্বনাথত ৰাজহুৱা সভাত ভাষণ দি গান্ধীয়ে শৰ্মাক “দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী” বুলি অভিহিত কৰি ঘৃণা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। ‘অসমৰ মুখ্যমন্ত্ৰীয়ে ঘৃণা বিয়পায় আৰু ভুল কথাবোৰ কয়।’

Apply Now

তেওঁ লগদতে দাবী কৰে যে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। গান্ধীয়ে কয়, ‘আজি বা কাইলৈ ​​যিমানেই পলায়ন নকৰক কিয় জবাবদিহি হ’ব লাগিব, অসমৰ ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব, কিন্তু ক্ষমাৰ কোনো স্থান নাথাকিব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

অসমৰ সাংস্কৃতিক মহানায়কসকলক সুঁৱৰি গান্ধীয়ে কয় যে এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈ, আজান ফকিৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গায়ক জুবিন গাৰ্গৰ দৰে ব্যক্তিৰ ৰাজ্য, যিসকলে ঐক্য আৰু সমন্বয়ৰ বাবে থিয় দিছিল।

তেওঁ কয়, ‘জুবিন গাৰ্গে অসমক একত্ৰিত কৰাৰ বাবে জীৱন উচৰ্গা কৰিছিল আৰু কেতিয়াও ঘৃণা বিয়পাই দিয়া নাছিল।সেইটোৱেই হৈছে অসমৰ সংস্কৃতি। কিন্তু আজি মানুহক বিভাজিত কৰাৰ প্ৰয়াস কৰা হৈছে।’

ৰাজ্যখনৰ বৈচিত্ৰময় সামাজিক পৰিৱেশৰ কথা উল্লেখ কৰি গান্ধীয়ে সম্প্ৰদায়সমূহৰ মাজত ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘ইয়াত বিভিন্ন সম্প্ৰদায় আৰু ভাষাৰ লোক বাস কৰে আৰু অসমৰ শক্তি ভাতৃত্ববোধ আৰু প্ৰেমত নিহিত হৈ আছে।’

স্থানীয় লোকৰ পৰা মাটি লৈ ব্যৱসায়িক গোষ্ঠীক গতাই দিয়া বুলি দাবী কৰি ৰাজ্যখন দুই এটা কৰ্পৰেটৰ সুবিধাৰ বাবে চলোৱা বুলিও অভিযোগ উত্থাপন কৰে। এনে পৰিপ্ৰেক্ষিতত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি অসমক নিৰ্দিষ্ট স্বাৰ্থৰ বাবে “এটিএম”লৈ ৰূপান্তৰিত কৰা বুলি অভিযোগ উত্থাপন কৰে।

ৰাহুল গান্ধীয়ে লগতে কয় যে কংগ্ৰেছৰ ইস্তাহাৰত চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক ৪৫০ টকা মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বৰ্তমান চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, ‘আমি চাহ শ্ৰমিকক দৈনিক মজুৰি হিচাপে ৪৫০ টকা দিম আৰু ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম।‘

বিগত তিনিদিনত গান্ধীৰ এয়া দ্বিতীয়বাৰৰ বাবে ৰাজ্য ভ্ৰমণ। ইয়াৰ পূৰ্বে ২ এপ্ৰিলত কাৰ্বি আংলঙত কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ সমৰ্থনত এক সভাত ভাষণ দি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে অধিক স্বায়ত্তশাসন প্ৰদানৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে ২৪৪(এ) অনুচ্ছেদ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

তেওঁ কৈছিল, ‘২৪৪(এ) অনুচ্ছেদ কাৰ্যকৰী হ’লেই গুৱাহাটীৰ পৰা কোনেও কাৰ্বি আংলঙৰ জনসাধাৰণক শাসন নকৰে, সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনালোকৰ ওপৰত থাকিব।’

ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ সুৰ ক্ৰমে সপ্তমত উঠাৰ সময়তে ৰাহুল গান্ধীৰ এই প্ৰচাৰ অভিযানে ৰাজনৈতিক যুঁজখনত এক নতুন মাত্ৰা আনি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd