• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

ছ’চিয়েল মিডিয়াত ৰাহুলে দাবী কৰে যে যদি কোনো দল ‘চুৰি’ হ’ব পাৰে, তেন্তে দেশৰ কোটি কোটি মানুহৰ ভোট চুৰি হোৱাৰ আশংকা থাকি যায়। তেওঁৰ ভাষাত ‘ভোট চুৰি’ আৰু ‘চৰকাৰ চুৰি’ৰ পিছত এতিয়া ‘দল চুৰি’ও গণতান্ত্ৰিক অৱনতিৰ প্ৰতীক হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2026 2:22 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে অভূতপূৰ্ব সংকটত পৰিছে তৃণমূল কংগ্ৰেছ। যিহেতু দলটোৰ আভ্যন্তৰীণ বিবাদত মমতা বেনাৰ্জী আৰু ঋতাব্ৰত বেনাৰ্জীৰ গোটে নিজকে প্ৰকৃত তৃণমূল বুলি দাবী কৰিছে, সেয়েহে নিৰ্বাচন আয়োগে ‘অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ’ নাম আৰু দলৰ সংৰক্ষিত ‘যোৰা ফুল’ প্ৰতীক ব্যৱহাৰত আপাততঃ নিষেধাজ্ঞা আৰোপ কৰিছে।

অন্তৱৰ্তীকালীন নিৰ্দেশত দুয়োটা গোটকে বিকল্প নাম আৰু প্ৰতীক প্ৰস্তাৱ কৰিবলৈ কোৱা হৈছে। এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাহুল গান্ধীয়ে। তেওঁৰ মতে, শিৱসেনা আৰু এন চি পিৰ ক্ষেত্ৰত যি ঘটনা ঘটিছিল, তৃণমূলৰ ক্ষেত্ৰতো আয়োগে একে ধাৰা বজাই ৰাখিছে। তেওঁ অভিযোগ কৰে যে বিজেপি আৰু নিৰ্বাচন আয়োগে দল ভঙাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু পিছত দলৰ নিৰ্বাচনী প্ৰতীক কাঢ়ি লোৱা হৈছে।

ছ’চিয়েল মিডিয়াত ৰাহুলে দাবী কৰে যে যদি কোনো দল ‘চুৰি’ হ’ব পাৰে, তেন্তে দেশৰ কোটি কোটি মানুহৰ ভোট চুৰি হোৱাৰ আশংকা থাকি যায়। তেওঁৰ ভাষাত ‘ভোট চুৰি’ আৰু ‘চৰকাৰ চুৰি’ৰ পিছত এতিয়া ‘দল চুৰি’ও গণতান্ত্ৰিক অৱনতিৰ প্ৰতীক হৈ পৰিছে। নিৰ্বাচন আয়োগৰ সাংবিধানিক কৰ্তব্য জনসাধাৰণৰ ৰায় ৰক্ষা কৰা, কিন্তু সেই ৰায় উলংঘা কৰাৰ ক্ষমতাৰ কাষত আয়োগে থিয় দিছে বুলি তেওঁ  অভিযোগ উত্থাপন কৰে।

Apply Now

ৰাজ্যত চৰকাৰ সলনি হোৱাৰ পিছৰে পৰা কংগ্ৰেছক মমতা বেনাৰ্জীৰ কাষত থিয় দিয়া দেখা গৈছে। ৪ মে’ৰ পিছত মমতা আৰু অভিষেক দিল্লীলৈ উৰা মাৰিছিল। কংগ্ৰেছলৈ ঘূৰি অহাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। যদিও ছোনিয়া গান্ধীৰ সৈতে দীৰ্ঘক্ষণ বৈঠকৰ অন্তত কোনো সূত্ৰ আগবাঢ়ি নাহিল, তথাপিও তৃণমূল কংগ্ৰেছৰ কঠিন সময়ত মমতা বেনাৰ্জীৰ সৈতে থকা বুলি কংগ্ৰেছে আকাৰে-ইংগিতে স্পষ্ট কৰি দিছে। আৰু সেইটো এইবাৰো দেখা গ’ল।

পোষ্টটোত ৰাহুলে স্পষ্ট কৰি দিয়ে যে আয়োগে যি কৰিলে সেয়া গ্ৰহণযোগ্য নহয়। এই সিদ্ধান্তৰ বিৰুদ্ধে যুঁজ অকল মমতা বেনাৰ্জীৰ নহয়। এই যুঁজখন দেশৰ প্ৰতিটো ৰাজনৈতিক দলৰ, মুক্ত আৰু নিকা নিৰ্বাচন বিচৰা প্ৰতিজন ভোটাৰৰ।

ইফালে আয়োগৰ এই সিদ্ধান্তৰ ফলস্বৰূপে আপাততঃ তৃণমূল কংগ্ৰেছৰ মূল নাম বা যোৰা ফুল প্ৰতীকত কালিঘাট বা ঋতব্ৰত কোনো পক্ষই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। শুকুৰবাৰে পুৱা ১১ বজাৰ ভিতৰত দুয়োটা গোটক তিনিটা দলৰ নাম আৰু তিনিটা মুক্ত প্ৰতীকৰ পছন্দ দিবলৈ কোৱা হৈছে। তাৰ পৰাই আয়োগে প্ৰতিটো গোটৰ বাবে এটা নাম আৰু চিহ্নৰ সিদ্ধান্ত ল’ব। এই ব্যৱস্থা এতিয়াৰ বাবে অস্থায়ী। দলটোৰ সাংগঠনিক নিয়ন্ত্ৰণ আৰু নাম আৰু প্ৰতীকৰ দাবী সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

पहले शिवसेना, फिर NCP और अब तृणमूल कांग्रेस।

हर बार एक ही पैटर्न – BJP और चुनाव आयोग मिलकर एक पार्टी को तोड़ते हैं। फिर उसका चुनाव चिन्ह छीन लिया जाता है।

जब पूरी की पूरी पार्टी चोरी हो सकती है, तो करोड़ों भारतीयों के वोट चोरी होना भी हैरानी की बात नहीं।

वोट चोरी। सरकार चोरी।…

— Rahul Gandhi (@RahulGandhi) September 18, 2026

পশ্চিম বংগৰ নন্দিগ্ৰাম আৰু ৰেজিনগৰ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব। সেই সময়তে অসমৰ নগাঁও লোকসভা সমষ্টিতো উপ-নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে। তাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ দুয়োটা গোটৰ মাজত দলৰ নাম, সাংগঠনিক কৰ্তৃত্ব আৰু যোৰা ফুল প্ৰতীকক লৈ হোৱা বিবাদ নিৰ্বাচন আয়োগৰ ওচৰ পাইছে। বিগত কেইসপ্তাহমানৰ পৰা আয়োগে দুয়োপক্ষৰ বক্তব্য আৰু নথি-পত্ৰ পৰীক্ষা কৰি আহিছে।

এতিয়া লক্ষণীয় হ’ব যে মমতা বেনাৰ্জীয়ে যোৰা ফুলক এৰি কোনটো প্ৰতীক নতুনকৈ বাছি লয়, বা কোনটো প্ৰতীকত ঋতব্ৰত শিবিৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সন্মত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd