ইৰাণৰ সৈতে আমেৰিকা-ইজৰাইলৰ সংঘাত আহি উপস্থিত হৈছে ভাৰতীয়ৰ পাকঘৰত। বজাৰৰ পৰা কাৰ্যতঃ নোহোৱা হৈ গৈছে গেছ চিলিণ্ডাৰ। এনে পৰিস্থিতিত পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে লোকসভাত এক বিবৃতি প্ৰকাশ কৰে। কিন্তু তেওঁৰ বক্তব্যৰ পিছতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে উভতি ধৰি কয়, পেট্ৰলিয়াম মন্ত্ৰীয়ে আপোচ কৰিছে। কাৰ পৰা তেল কিনিব সেইটো নিৰ্ণয় কৰাৰ স্বাধীনতা আনৰ হাতত তুলি দিছে হৰদীপে।
মন্ত্ৰীগৰাকীৰ বক্তব্যৰ প্ৰতি সঁহাৰি জনাই ৰাহুলে কয়, “প্ৰতিখন দেশৰ মৌলিক ভেটি হ’ল তেওঁলোকৰ শক্তি সম্পদৰ যোগান সুৰক্ষিত কৰা। কিন্তু আমি কাৰ পৰা তেল কিনিম, কাৰ পৰা গেছ কিনিম, ৰাছিয়াৰ পৰা তেল কিনিব পাৰিম নে নাই – এই সকলোবোৰ সিদ্ধান্ত আমেৰিকাই লৈছে, আৰু আমি সেই কথা মানিও লৈছো। তেল যোগানকাৰী দেশসমূহৰ সৈতে আমাৰ কেনেধৰণৰ সম্পৰ্ক থাকিব সেইটো আমি সিদ্ধান্ত লম। কিন্তু সেই স্বাধীনতাও আনৰ হাতত গতাই দিয়া হৈছে। ভাৰতৰ দৰে এখন বিশাল দেশ, তেওঁলোকে কিয় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অনুমতি লৈ ৰাছিয়াৰ তেল কিনিব?”
কংগ্ৰেছৰ সাংসদগৰাকীয়ে ইয়াতে ৰৈ নাথাকি এপষ্টেইন ফাইলৰ প্ৰসংগও টানি লৈ আহিল। হৰদীপ সিং পুৰীৰ ভাষণৰ সময়ত বিৰোধীয়ে “এপষ্টেইন, এপষ্টেইন” শ্লোগান উত্থাপন কৰে। ইয়াৰ পিছত ৰাহুলে কয়, “মই এই সমগ্ৰ প্ৰহেলিকাটো সমাধান কৰি পেলালো। প্ৰহেলিকাটো আপোচ আৰু আমাৰ পেট্ৰলিয়াম মন্ত্ৰীৰ।”
উল্লেখ্য যে ‘কলংকৰ ডায়েৰী’ত এপষ্টেইন ফাইলত হৰদীপ পুৰীৰ নাম কেইবাবাৰো উল্লেখ আছে। তাক লৈও সংসদত উত্তেজনা সৃষ্টি হৈছে।
ৰাহুলৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই সংসদত মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পুৰীৰ মতে, “আজি বিশ্বত যি সংকট উদ্ভৱ হৈছে সেয়া আধুনিক বিশ্বৰ প্ৰথম এনে সংকট। দেশত পৰ্যাপ্ত পৰিমাণৰ গেছৰ মজুত আছে। যেতিয়া সমগ্ৰ বিশ্বই যুদ্ধৰ বাবে শক্তিৰ সংকটৰ সন্মুখীন হৈছে, তেতিয়া ভাৰতত তাৰ প্ৰভাৱ পৰা নাই। আমি প্ৰধানমন্ত্ৰীৰ অনবদ্য কূটনীতিৰ ওপৰত নিৰ্ভৰ কৰি বহু ইন্ধন জমা কৰি ৰাখিছো।” পুৰীয়ে কয় যে যোৱা কেইদিনমানত হৰমুজ প্ৰণালীৰ মাজেৰে যিমান তেল আহিব লাগিছিল তাতকৈ ভাৰতত অধিক তেলৰ মজুত আছে।





