• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাহুল গান্ধীৰ সহকাৰীৰ নাম লৈ নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে ২৫ লাখ টকাৰ প্ৰৱঞ্চনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2026 10:31 am
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ ডেৰাডুনত এগৰাকী মহিলাক ৰাহুল গান্ধীৰ সহকাৰী পৰিচয় দি নিৰ্বাচনী টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা লুট কৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ভাৱনা পাণ্ডে নামৰ মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা

অভিযোগ অনুসৰি কনিষ্ক নামৰ এজন যুৱকে তেওঁক ফোন কৰি নিজকে ৰাহুল গান্ধীৰ ঘনিষ্ঠ সহকাৰী বুলি চিনাকি দিছিল। কেৱল সিমানেই নহয় মহিলাগৰাকীৰ বিশ্বাস অৰ্জন কৰিবলৈ যুৱকজনে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী হৰিশ ৰাৱাট, সাংসদ যশপাল আৰ্য আৰু প্ৰাক্তন মন্ত্ৰী হৰক সিং ৰাৱাটৰ দৰে কেইবাজনো প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ মাত নকল কৰি কথা পাতিছিল। এনেদৰে জাল পেলাই যুৱকজনে মহিলাগৰাকীক নিৰ্বাচনত টিকট দিয়াৰ প্ৰলোভন দিছিল।

Apply Now

প্ৰৱঞ্চকজনে মহিলাগৰাকীক জনাইছিল যে কংগ্ৰেছৰ নেতা আৰু সাংসদসকল বৰ্তমান ডেৰাডুনৰ এখন হোটেলত বাহৰ পাতি আছে আৰু আগন্তুক নিৰ্বাচনৰ বাবে এটা জৰীপ চলাই থকা হৈছে। এই কামৰ বাবে অনুদানৰ প্ৰয়োজন বুলি কৈ তেওঁ মহিলাগৰাকীৰ পৰা ধন বিচাৰিছিল আৰু সেই ধন পিছত ঘূৰাই দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ কথা বিশ্বাস কৰি মহিলাগৰাকীয়ে যোৱা ১৩ এপ্ৰিলত প্ৰথম কিস্তিত চাৰে ন লাখ টকা এটা নিৰ্দিষ্ট বেংক একাউণ্টলৈ পঠিয়াইছিল। ইয়াৰ পিছত তেওঁ নগদ পাঁচ লাখ টকাও প্ৰদান কৰিছিল। অভিযোগ অনুসৰি আন এজন ব্যক্তিয়ে নিজকে মহাৰাষ্ট্ৰৰ এজন সাংসদ বুলি পৰিচয় দি মহিলাগৰাকীৰ পৰা বাকী থকা চাৰে ১১ লাখ টকা হস্তগত কৰে। এনেদৰে কেইবাটাও পৰ্যায়ত মুঠ ২৫ লাখ টকা প্ৰৱঞ্চনা কৰা হয়।

টকাখিনি দিয়াৰ কিছু দিনৰ পিছত যেতিয়া ভাৱনা পাণ্ডেই নিজৰ ধন ঘূৰাই বিচাৰিছিল তেতিয়া প্ৰৱঞ্চকসকলে বাৰে বাৰে সময় বিচাৰি কথাটো এৰাই চলিবলৈ চেষ্টা কৰিছিল। শেষত প্ৰতাৰিত হোৱা বুলি অনুভৱ কৰি মহিলাগৰাকীয়ে অৱশেষত আৰক্ষীৰ কাষ চাপে আৰু সকলো ঘটনা বিৱৰি কয়। আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। অৱশ্যে বৰ্তমানলৈকে এই বৃহৎ প্ৰৱঞ্চনাৰ সৈতে জড়িত কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীয়ে এতিয়া অভিযুক্ত কনিষ্ক আৰু তেওঁৰ সহযোগীসকলৰ সন্ধান চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd