• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিৰ্বাচনৰ পিছতে বৃদ্ধি পাব পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ দাম’; ভৱিষ্যদ্বাণী ৰাহুলৰ, কেন্দ্ৰক কটাক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2026 8:30 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাইছে। গেছৰ দাম বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ সঠিক প্ৰভাৱ পাঁচখন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতহে বুজিব পৰা যাব। শনিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ ইংগিত দি এক্স পোষ্টত এই দাবী কৰে।

তেওঁ লিখিছে, ‘নিৰ্বাচন শেষ হ’লে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি হ’ব।’ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কোনো পৰিকল্পনা নথকাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে।

Apply Now

যোৱা কেইদিনমানৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। শুকুৰবাৰে ৮৬ পইচা হ্ৰাস পাই প্ৰতি ডলাৰত ৯৩.৭৫ টকা হয়। সহজ ভাষাত ক’বলৈ গ’লে এতিয়া ১ ডলাৰৰ অৰ্থ হ’ল প্ৰায় ৯৪ টাকা, যিটো সৰ্বকালৰ সৰ্বনিম্ন। এই বিষয়টো লৈ ৰাহুলে লিখিছে, ‘টকা ডলাৰৰ বিপৰীতে ১০০ৰ দিশে আগবাঢ়িছে। বৃদ্ধি পাইছে ইন্ধনৰ দাম। এইবোৰ ভৱিষ্যতে মূল্যবৃদ্ধিৰ ইংগিত।’

টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত সমগ্ৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ভাৱে ৰাহুলে। কেন্দ্ৰীয় চৰকাৰে অৱশ্যে ইয়াক ‘স্বাভাৱিক’ পৰিঘটনা বুলি অভিহিত কৰিছে। কিন্তু ৰাহুলৰ মতে, ‘সেয়া সঁচা নহয়।’ তেওঁৰ মতে চাৰিটা খণ্ডই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।

ৰাহুলৰ মতে, ‘প্ৰথমে উৎপাদন আৰু পৰিবহণৰ খৰচ বৃদ্ধি পাব। দ্বিতীয়তে, আটাইতকৈ ডাঙৰ লোকচান হ’ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। তৃতীয়তে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব। চতুৰ্থতে, বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ প্ৰত্যাহাৰ কৰিব, যাৰ ফলত শ্বেয়াৰ বজাৰত চাপ পৰিব।’

অতি সোনকালে এনেকুৱা হ’ব বুলি দাবী কৰি ৰাহুলে কয়, ‘এয়া মাথোঁ সময়ৰ কথা। নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰল-ডিজেল আৰু গেছৰ দাম বৃদ্ধি পাব।’ এপ্ৰিল মাহত অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাহুলে যে সেই দিশলৈ ইংগিত দিছে সেয়া স্পষ্ট। এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলিও ৰাহুলে আক্ৰমণ কৰে।

रुपये का डॉलर के मुकाबले कमजोर होकर 100 की तरफ बढ़ना और इंडस्ट्रियल फ्यूल की कीमतों में तेज़ बढ़ोतरी – ये सिर्फ आंकड़े नहीं, आने वाली महंगाई के साफ संकेत हैं।

सरकार चाहे इसे “नॉर्मल” बताए, लेकिन हकीकत ये है:

• उत्पादन और ट्रांसपोर्ट महंगे होंगे
• MSMEs को सबसे ज्यादा चोट…

— Rahul Gandhi (@RahulGandhi) March 21, 2026

 তেওঁৰ ভাষাত, ‘মোডী চৰকাৰ এইক্ষেত্ৰত কেৱল শূন্য। চৰকাৰে যি কৈছে সেয়া সত্য নহয়, আপোনাৰ হাতত যি আছে সেয়া সত্য।’ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বন্ধ হৈ আছে হৰমুজ প্ৰণালী। ফলত যোগানৰ নাটনি হৈছে। এল পি জি চিলিণ্ডাৰ আচলতে উপলব্ধ হ’বনে নাই তাত সন্দেহ আছে। বন্ধ হৈ পৰিছে কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্ট।

অৱশ্যে সকলো স্বাভাৱিক বুলি আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু বহুতে পতিয়ন যোৱা নাই। ইয়াৰ বিপৰীতে এল পি জি ডিলাৰত ভিৰ বাঢ়িছে। প্ৰতিদিনে দীঘলীয়া শাৰী গঢ় লৈ উঠিছে। অৱশ্যে টকাৰ মূল্যৰ উঠা-নমাক লৈ কেন্দ্ৰৰ কাষত থিয় দিছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে। তেওঁ কয়, ‘ইয়াৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে। বিষয়টো চৰকাৰৰ হাতত নাই।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd