ভাৰতত ক্ৰীড়াক্ষেত্ৰত যোগোৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপ আগবঢ়োৱা ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ৰ নাম ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ ৰ সলনি ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ কৰা হৈছে।
এই প্ৰসংগত টুইটাৰত প্ৰধানমন্ত্ৰী নৰন্দ্ৰে মোদীয়ে এই বুলি লিখিছে ‘ দেশক গৰ্বিত কৰাৰ বহু মুহূৰ্তৰ মাজতে মোক অনেকেই অনুৰোধ কৰিছে যে খেলৰত্ন পুৰস্কাৰ মেজৰ ধ্যানচান্দক সমৰ্পন কৰা হওঁক।মানুহৰ এই আবেগৰ কথা মনত ৰাখিয়েই ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰ নাম এতিয়াৰে পৰা ধ্যান চান্দ খেলৰত্ন ৰখা হ’ল’।
এই বঁটা বিজয়ী সকলক এটি পদক, এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয়। এই বঁটা প্ৰথম পাইছিল দবা খেলুৱৈ বিশ্বনাথন আনন্দে।
আজিলৈকে এই বঁটা শচীন টেণ্ডুলকাৰ, মেৰী কম, অভিনৱ বিন্দ্রা, ৰাজ্যৱৰ্ধন সিং ৰাথোড়, মহেন্দ্ৰ সিং ধনী, ছাইনা নেহৱাল, এইবাৰ অলিম্পিক ৰূপৰ পদক পোৱা চাইখম মীৰাবাই চানু, বিৰাট কোহলি, ৰোহিত শৰ্মা আদি খেলুৱৈ সকলে লাভ কৰিবলৈ সক্ষম হৈছে।
এই বঁটা প্ৰথম ১৯৯১-৯২ চনত প্ৰদান কৰা হৈছিল।
উল্লেখ্য ৪১ বছৰৰ পিছত এইবাৰ ভাৰতীয় পুৰুষ হকীৰ দলটোৱে অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় মহিলা হকীৰ দলটোৱেও ভাল ফলাফল প্ৰদৰ্শন কৰিছে আৰু অলিম্পিকত চতুৰ্থ স্থানত আছে।