দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ভাৰতীয় পৌৰাণিক কাহিনীৰে আশীৰ দশকৰ ধাৰাবাহিক ৰামায়ন যোৱা ১৬ এপ্ৰিলত ৭.৭কোটি দৰ্শকৰ সৈতে বিশ্বৰ আটাইতকৈ সৰ্বাধিক লোকে চোৱা শ্ব’ হিচাপে পৰিগণিত হৈছে।
ডি ডি নেশ্যনেলে বৃহস্পতিবাৰে ইয়াৰ টুইটাৰত এই তথ্য সদৰী কৰে।
‘’বিশ্ব অভিলেখ!! দূৰদৰ্শনত ৰামায়নৰ পুনৰ সম্প্ৰচাৰে বিশ্বজুৰি থকা দৰ্শকৰ অভিলেখ ভংগ কৰিছে, শ্ব’টো যোৱা ১৬ এপ্ৰিলত বিশ্বৰ ৭.৭কোটি দৰ্শকেৰে আটাইতকৈ সৰ্বাধিক লোকে চোৱা মনোৰঞ্জনমূলক শ্ব’ হিচাপে পৰিগণিত হৈছে,’’- ডি ডি নেশ্যনেলৰ টুইটটোত কোৱা হৈছে।
যোৱা ২৮ মাৰ্চৰ পৰা ৰাইজৰ দাবীত ৰামানন্দ সাগৰৰ ৰামায়নৰ পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল আৰু পুৱা ৯বজাত আৰু নিশা ৯বজাত প্ৰতিদিনে দুটাকৈ এঘন্টীয়া খণ্ড ডি ডি নেশ্যনেল যোগে সম্প্ৰচাৰ কৰা হৈছে।
উল্লেখ্য যে যেতিয়া প্ৰথমবাৰ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ কৰা হৈছিল তেতিয়াও ধাৰাবাহিকখনে জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিছিল আৰু শ্ব’টোৱে পুনৰ এইবাৰ তাৰ পুনৰাবৃত্তি ঘটাইছে।
মহাকাব্যিক পৌৰাণিক ধাৰাবাহিকখন প্ৰথমবাৰ ১৯৮৭চনৰ ২৫ জানুৱাৰিৰ পৰা প্ৰতি দেওবাৰে পুৱা ৯-৩০বজাত সম্প্ৰচাৰ কৰা হৈছিল আৰু ১৯৮৮চনৰ ৩১ জুলাইলৈকে চলিছিল। ধাৰাবাহিকখন ২০০৩চনৰ জুনলৈকে লিমকা বুক অফ ৰেকৰ্ডছত বিশ্বৰ আটাইতকৈ বেছি দৰ্শকে উপভোগ কৰা পৌৰাণিক কাহিনীৰ ধাৰাবাহিক হিচাপে অবিলেখ গঢ়িছিল।
কৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰ ঘোষণা কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ পাছত নাগৰিকসকলে পুনৰ সম্প্ৰচাৰৰ বাবে অনুৰোধ কৰা ৰামানন্দ সাগৰৰ ৰামায়ন আৰু বি আৰ চোপ্ৰাৰ মহাভাৰত, এই পুৰণি টিভি ধাৰাবাহিকবোৰ জনসাধাৰণৰ মনোৰঞ্জনৰ ভাল আকৰ্ষণ হ’ব বুলি দাবী কৰা হৈছে।
দূৰদৰ্শনৰ চেনেলত পুৰণি ধাৰাবাহিক প্ৰদৰ্শনৰ ফলত ই লকডাউনৰ সময়ত একেৰাহে দুটা সপ্তাহ আটাইতকৈ বেছি দৰ্শকে চোৱা চেনেল হিচাপে পৰিগণিত হৈছে।
দূৰদৰ্শনে যোৱা ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে দূৰদৰ্শনে ১.৫ বিলিয়ন দৰ্শক আৰু ৪ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে ১.৯বিলিয়ন দৰ্শক লাভ কৰিছে।