আজি মাৰ্ঘেৰিটা বৰগোলাইস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু বোকাময় অৱস্থাৰ শীঘ্ৰে মেৰামতিৰ দাবীত অটো-মেজিক চালকসকলে পুৱা ১১ বজাৰ পৰা প্ৰায় দুই ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ফলত বহু সময় ধৰি ব্যাপক যান-জঁটৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে বিগত তিনিবছৰে ৰাজ্য তথা কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহ মেৰামতি নকৰাৰ ফলতেই সাধাৰণ জনসাধাৰণ যথেষ্ট কষ্টৰ সন্মুখীন হ’ব লগা হৈছে। লগতে বিভিন্ন সময়ত সংঘটিত পথ দুৰ্ঘটনাত বহুলোকে অকালতে প্ৰাণ হেৰুৱাব লগা উপৰিও বহুলোকে পংগুত্বৰ জীৱন পাৰ কৰিব লগা হৈছে।
ফলত আজি ক্ষুব্ধ হৈ পৰা মাৰ্ঘেৰিটাৰ লিডু-জাগুন-বৰগোলাই লাইনৰ অটো-মেজিক চালকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। পিছত অৱৰোধস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ এই পথ অৱৰোধ মুকলি কৰে।
পথ অৱৰোধৰ পিছত আজি প্ৰতিবাদকাৰী সকলে সাংসদ ৰামেশ্বৰ তেলী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যথা অট-মেজিক চালকসকলে পত্নী সন্তানসহ ৰাষ্ট্ৰীয় ঘাইপথত বহি আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব আৰু এইক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে জগৰীয়া হ’ব বুলি হুংকাৰ দিয়ে।
উল্লেখযোগ্য যে মাৰ্ঘেৰিটা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ মেৰামতিৰ দাবীত যোৱা ২৪ এপ্ৰিলত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। তাৰোপৰি বৰোগোলাইত সংস্থাৰ স্থানীয় দল-সংগঠনৰ সহযোগত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে পুনৰবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰৰ প্ৰেৰণ কৰা হৈছিল আৰু উল্লখিত স্মাৰক পত্ৰত ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি তথা উক্ত পথ মেৰামতিৰ নামত হোৱা দুৰ্নীতিৰ এক উচ্চ পৰ্য্যায়ৰ তদন্তৰো দাবী উত্থাপন কৰা হৈছিল।
কিন্তু মন কৰিব লগীয়া যে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পিছতো বৰ্তমানলৈকে চৰকাৰ তথা প্রশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰিলে।