• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জি ট্রফী : ৰাজস্থানৰ বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১০৮ ৰানতে প্ৰথম ইনিংছ সামৰিলে অসমে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2018 11:39 am
Assam Ranji Team
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ঘৰৰ মাটিত শক্তিশালী হাৰিয়ানাক ইনিংছ ব্যৱধানত পৰাস্ত কৰি মনোবল তুংগত থকা অসমে আজিৰ পৰা ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ চি’ৰ এখন মেচত ৰাজস্থানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

জয়পুৰৰ চাৱাই মনসিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থানে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথম ইনিংছ মুকলি কৰি পুনৰবাৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় অসম। আলহী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ ১০৮ ৰান।

Apply Now

দুৰ্ভাগ্যজনক কথাটো হ’ল যে অসমৰ আঠগৰাকী বেটছমেনে দহকৰ ঘৰ স্পৰ্শ নকাৰকৈ পেভেলিয়নলৈ উভটি যায়। একমাত্ৰ কুনাল শইকীয়া ক্ৰিজত কিছু সময় অতিবাহিত কৰিছিল যদিও তেওঁ নিজৰ ব্যক্তিগত ২২ ৰানত আউট হয়। আৰু তাৰ পাছত ল’ৱাৰ অৰ্ডাৰ বেটছমেন অৰূপ দাসে ৩৬ আৰু ৰঞ্জিত মালীয়ে ২৮ ৰান কৰি দলটোক কিছু সন্মানজনক স্থিতিত উপনীত কৰায়।

আনহাতে ৰাজস্থানৰ হৈ অনিকেত সিঙে দুৰ্দান্ত বলিঙেৰে পাঁচটা, নাথু সিঙে তিনিটা, টি এম উল হক আৰু ৰাহুল চাহাৰে এটা উইকেট দখল কৰে। ইফালে ১০৮ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা ৰাজস্থানে এই পৰ্যন্ত দুটা উইকেটৰ বিনিময়ত ৩৮ ৰান সংগ্ৰহ কৰিছে। অসমৰ হৈ অৰূপ আৰু ৰঞ্জিত মালীয়ে এটাকৈ ইউকেট লাভ কৰিছে।

উল্লেখ্য যে উৰিষ্যাৰ বিপক্ষে বেয়াকৈ মুখথেকেচা খোৱাৰ পিছত অসমে হাৰিয়ানাৰ বিপক্ষে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই মেচখন ইনিংছ ব্যৱধানত বিজয়ী হৈছিল। হাৰিয়ানাৰ বিৰুদ্ধে বিজয়ৰ মূলতে আছিল অসমৰ স্পীডষ্টাৰ অৰূপ দাস। অৰূপে মেচখনত ১০টা উইকেট লাভ কৰিছিল।

অৰূপৰ উপৰি বাকী কেইজন বলাৰ আৰু আঘাতৰ পাছত প্ৰত্যাৱৰ্তন কৰা বেটছমেন গকুল শৰ্মাৰ প্ৰদৰ্শনো আছিল সন্তোষজনক। অভিজ্ঞ বেটছমেন গকুল শৰ্মাই মেচখনত গুৰুত্বপূৰ্ণ ৯৬ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিছিল।

একাধিক তাৰকাৰে গঠিত হাৰিয়ানাৰ বিপক্ষে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা অসমে আজিৰ পৰা আৰম্ভ হোৱা নিজৰ পঞ্চমখন মেচত ৰাজস্থানৰ বিৰুদ্ধে আৰম্ভণিতে মুখথেকেচা খাবলগীয়া হৈছে যদিও পিছলৈ মেচখনত কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষ্যণীয় হ’ব।

এই পৰ্যন্ত অসম দলে খেলা চাৰিখন মেচৰ দুখনত জয়ী হোৱাৰ বিপৰীতে এখনত পৰাজিত আৰু এখন ড্ৰ খেলিছে। এই চাৰিখন মেচৰ পৰা অসমৰ সংগৃহীত পইণ্ট হৈছে ১৪।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd