DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
May 26, 2022 10:10 am
261
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ কোকৰাঝাৰৰ চালাকাটিত আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত হ’ল কিশোৰী বলাৎকাৰী আফৰুদ্দিন ইছলাম।

কালি চালাকাটি আৰক্ষীয়ে এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।

যোৱা নিশা প্ৰায় ১২.১৫ বজাত আৰক্ষীৰ জিম্মাত থকা আফৰুদ্দিন ইছলামক আন অভিযুক্ত কেইজনৰ সৈতে ধৰ্ষণৰ ঘটনা ৰেকৰ্ডিঙৰ বাবে ব্যৱহাৰ কৰা ম’বাইল ফোনটো উদ্ধাৰৰ বাবে আৰক্ষীয়ে লৈ গৈছিল।

ঢোলমাৰা ৰাণীপুৰ চাহ বাগিচাৰ ওচৰত উপস্থিত হোৱাৰ পিছত অভিযুক্ত আফৰুদ্দিন ইছলামে হঠাতে আৰক্ষীৰ পৰা চাৰ্ভিচ পিষ্টল কাঢ়ি লৈ যায় । আফৰুদ্দিন ইছলামে আৰক্ষীক পিষ্টলেৰে গুলী কৰিবলৈ উদ্যত হোৱাৰ সময়তে আৰক্ষীয়ে বাধ্যত পৰি আফৰুদ্দিন ইছলামক গুলীয়ায়।

ফলত অভিযুক্ত আফৰুদ্দিন ইছলামৰ সোঁ ভৰিত এটা গুলীয়ে আঘাত কৰে আৰু তেওঁ মাটিত পৰি যায়।

আৰক্ষীয়ে লগে লগে আফৰুদ্দিন ইছলামক চিকিৎসাৰ বাবে আৰএনবি অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

উল্লেখ্য ৰাজ্যত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। মানৱ সমাজক ভূলুন্ঠিত কৰা এনে এক জঘন্য কাণ্ড সংঘটিত হৈছিল কোকৰাঝাৰত।

জিলাখনৰ চালাকাটি আৰক্ষী চকীৰ অধীনস্থ এক এলেকাত সোমবাৰে সন্ধিয়া এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য যে কোকৰাঝাৰত চলিত মাহত তৃতীয়বাৰৰ বাবে ধৰ্ষণৰ দৰে ঘটনা পোহৰলৈ আহিছে।

স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে সন্ধিয়া ওচৰৰ দোকানৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে কিশোৰী গৰাকীক তিনিজন ব্যক্তিয়ে দলবদ্ধ ধৰ্ষণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

অভিযুক্ত তিনি যুৱকে কিশোৰী গৰাকীক এক নিৰ্জন স্থানলৈ লৈ যায় আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে বুলি অভিযোগ কৰা হৈছে।
আনহাতে এই জঘন্য ঘটনা গাপ দি ৰাখিবলৈও কিশোৰীগৰাকীক ভাবুকি দিয়া হৈছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অৱশ্যে কিশোৰীগৰাকীয়ে সন্মুখীন হোৱা এনে নিৰ্যাতনৰ কথা পৰিয়ালক অৱগত কৰে আৰু আৰক্ষীৰ কাষ চাপে।

স্থানীয় আৰক্ষী চকীত ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

ধৃত অভিযুক্ত কেইজনৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে ২৪৭/২২ নম্বৰত ধৰ্ষণকাৰী কেইজনৰ বিৰুদ্ধে দণ্ডবিধি তথা পকচো আইনৰ অধীনত ৩৬৩/৩৬৮/৩৭৬(ডি) আদি ধাৰাত গোচৰ ৰুজু কৰিছে।

Recent News

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

হিন্দু স্বামীৰ লগত বজাৰ কৰিবলৈ যোৱাই হ’ল কাল ; কট্টৰ মুছলমান পুৰুষে প্ৰহাৰ কৰিলে পত্নীক

হিন্দু স্বামীৰ লগত বজাৰ কৰিবলৈ যোৱাই হ’ল কাল ; কট্টৰ মুছলমান পুৰুষে প্ৰহাৰ কৰিলে পত্নীক

জানি লওঁক অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সবিশেষ! সময় কিমান? ভাড়া কিমান?

জানি লওঁক অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সবিশেষ! সময় কিমান? ভাড়া কিমান?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd