• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুহূৰ্ততে লেণ্ডমাইন বিচাৰি উলিয়াব পৰা এটা বিশেষ এন্দুৰক দিয়া হৈছে সাহসিকতাৰ সোণৰ পদক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 26, 2020 11:45 am

2 min read

EivTR7vXkAAdDPP

মাগাৱয়া।

313
VIEWS
Share on FacebookShare on Twitter

সিংহ আৰু নিগনিৰ গল্পটো আমি সকলোৱে জানো। সকলোৰে কিবা নহয় কিবা এটা বিশেষ গুণ থাকিবই পাৰে। বিপদত সিংহকো সহায় কৰিব পৰা সক্ষমতাৰ কথা নিগনিয়ে গল্পটোত প্ৰমান কৰি থৈছে।

পিচে, সেইটো আছিল এটা সাধুকথা। কিন্তু বাস্তৱতে, এইবাৰ এনে এটা সৰু এন্দুৰে  সাহসিকতাৰ বাবে লাভ কৰিলে সোণৰ পদক।

আচৰিত যেন লাগিলেও এয়া সত্য। ক্ষুদ্ৰাকৃতিৰ এই এন্দুৰটোৱে প্ৰকৃততে মাটিত পুতি ৰখা লেণ্ডমাইন উদ্ধাৰ কৰাৰ বাবে সিদ্ধহস্ত।

প্ৰশিক্ষিত মানুহেও য’ত শংকাৰ মাজেৰে এনে কাম কৰিবলৈ আগবাঢ়ে তাত এই এন্দুৰটোৱে অতি সহজেই সেই কাম কৰি পেলায়।

এনে কাৰণতে আফ্ৰিকাৰ এই এন্দুৰটোক কম্বোডিয়াত সোণৰ পদকেৰে পুৰষ্কৃত কৰা হয়।

বাতৰি অনুসৰি মাগাৱয়া নামৰ এই এন্দুৰটোৱে এতিয়ালৈকে ৩৯টা লেণ্ডমাইন আৰু ২৮টা বিস্ফোৰক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ই প্ৰায় ২০খন ফুটবল খেলপথাৰৰ সমান ১লাখ ৪১হাজাৰ বৰ্গ কিলোমিটাৰ পৰীক্ষা কৰিছে।  এই ধৰণৰ আফ্ৰিকাৰ এন্দুৰবোৰক সাধাৰণতে মাটিৰ তলত থকা লেণ্ডমাইন বা বিস্ফোৰক বিচাৰি উলিওৱা কামত লগোৱা হয়।

This official Hero Rat has been awarded a gold medal for his “lifesaving bravery and devotion to duty” in detecting landmines.

Read more about Magawa's remarkable detection skills here:https://t.co/nhhepj4w8r pic.twitter.com/XruzxROG15

— ITV News (@itvnews) September 25, 2020

ইয়াৰ বাবে অৱশ্যে দীঘলীয়া প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এইক্ষেত্ৰত  APOPOনামৰ সংস্থাটোৱে এনে ধৰণৰ এন্দুৰবোৰক প্ৰশিক্ষণ দি দক্ষ কৰি তোলে।

কম্বোডিয়াৰ পিডিএছএ নামৰ এটা সংস্থাই মাগাৱয়াক সোণৰ পদকেৰে পুৰষ্কৃত কৰিছে। তেওঁলোকৰ ৭৭বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এইদৰে এটা এন্দুৰে এইদৰে পুৰষ্কৃত হৈছে।

মাগাৱাৰ সোণৰ পদক জয়ক লৈ বিশ্বত আলোডনৰ সৃষ্টি হয়। পিডিএছএ এই খৱৰ টুইট কৰি দিয়া প’ষ্টটো ভাইৰেল হৈ পৰিছে আৰু ছচিয়েল মিডিয়াত এন্দুৰৰ কৃতিত্বৰ প্ৰশংসাৰে ভৰি পৰিছে।

Recent News

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd