• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

স্পীন ত্ৰাস: কেৰিবিয়ান ভূমিত অশ্বিনৰ অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 5:15 pm
India vs West Indies Ashwin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ গজৰ বিশ্বত ভাৰতে ধাৰাবাহিকভাৱে লাভ কৰিছে তাৰকা স্পিনাৰ। স্পীন ঘূৰ্ণীৰে এই তাৰকাসকলে বিশ্ব ক্ৰিকেটত নিজকে সফল ৰূপত প্ৰতিষ্ঠা কৰিছে। সাম্প্ৰতিক সময়ত ভাৰতীয় ক্ৰিকেটৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অফ স্পিনাৰ হিচাপে পৰিগণিত হৈছে ৰবিচন্দ্ৰন অশ্বিন।

কেৱল দেশৰ মাটিতে নহয়, বিদেশী ভূমিতো নিজৰ চলনাময়ী স্পীন যাদুৰে বিপক্ষৰ বেটাৰক শলঠেকত পেলোৱাত সিদ্ধহস্ত অশ্বিন ভাৰতীয় ক্ৰিকেটৰে এক অবিচ্ছেদ্য অংশ। ধাৰাবাহিকতাৰ প্ৰভাৱেৰে তাৰকা অফ স্পিনাৰগৰাকী সম্প্ৰতি টেষ্ট ক্ৰিকেটত বিশ্বৰ শীৰ্ষস্থানৰ বলাৰ।

Apply Now

ইয়াৰ বাবেই শেহতীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অশ্বিনক মূল দলত দলত স্থান নিদিয়াত আশ্চৰ্যচকিত হৈ পৰিছিল ক্ৰিকেট জগত, উঠিছিল সমালোচনাৰ ঢৌ। এই সমালোচনা যে অনৰ্থক নাছিল, সেয়া কালিৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচতে প্ৰমাণ কৰিলে অশ্বিনে।

কালি অশ্বিনৰ স্পীন ঘূৰ্ণীত দিশহাৰা হৈ ঘৰুৱা কেৰিবিয়ান দলটি থমকিবলৈ বাধ্য হয় মাত্ৰ ১৫০ ৰানতে। ৱেষ্ট ইণ্ডিজৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা অশ্বিনে ৬০ ৰানৰ বিনিময়ত দখল কৰে ৫ টা উইকেট। এই প্ৰদৰ্শনৰ সুবাদত এক ঈৰ্ষণীয় অভিলেখৰ অধিকাৰী হয় অশ্বিন।

কালিৰ প্ৰদৰ্শনকে ধৰি নিজ টেষ্ট কেৰিয়াৰত অশ্বিনে এতিয়ালৈকে ৩৩ বাৰ এটা ইনিংছত পাঁচ বা তাতোধিক উইকেট দখল কৰিছে। লগে লগে সক্ৰিয় খেলুৱৈৰ ভিতৰত সৰ্বাধিকবাৰ পাঁচ উইকেট দখল কৰা বলাৰৰ কৃতিত্বৰ অধিকাৰী হয় ভাৰতীয় স্পীন তাৰকাগৰাকী।

এই ক্ষেত্ৰত অশ্বিনে অতিক্ৰম কৰে ইংলেণ্ডৰ তাৰকা পেচাৰ জেমচ এণ্ডাৰছনক। অভিজ্ঞ ইংলিছ তাৰকাগৰাকীয়ে বৰ্তমানলৈকে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত ৩২ বাৰ ৫ বা তাতোধিক উইকেট দখল কৰিছে। এই তালিকাত শীৰ্ষস্থানত আছে শ্ৰীলংকান কিংবদন্তি মুৰুলীধৰণ।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেটৰ গৰাকী মুৰুলীধৰণে নিজ কেৰিয়াৰত ৬৭ বাৰ এই কৃতিত্ব অৰ্জন কৰিছিল। তেওঁৰ পিছতে আছে আন এগৰাকী স্পীন কিংবদন্তি অষ্ট্ৰেলিয়াৰ শ্বেন ৱাৰ্ণ (৩৭), নিউজিলেণ্ডৰ প্ৰাক্তন অল ৰাউণ্ডাৰ ৰিচাৰ্ড হেডলী (৩৬), ভাৰতৰ অনিল কুম্বলে (৩৫), শ্ৰীলংকাৰ ৰঙ্গনা হেৰাথ (৩৪) আৰু তাৰ পিছত অশ্বিন।

ইফালে টেষ্ট ক্ৰিকেটত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অশ্বিনে এতিয়ালৈকে পাঁচবাৰ পাঁচ বা তাতোধিক উইকেট লাভ কৰিছে। এই ক্ষেত্ৰত অশ্বিন আন এগৰাকী প্ৰাক্তন ভাৰতীয় স্পীন তাৰকা হৰভজন সিঙৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থানত থাকে। এই তালিকাৰ শীৰ্ষস্থানত আছে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী পেচাৰ মেলকম মাৰ্শ্বেল(৬)।

তদুপৰি কালি ৱেষ্ট ইণ্ডিজৰ ভূমিত তিনিবাৰ পাঁচ বা তাতোধিক উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰি অশ্বিনে সৰ্বাধিকবাৰ এই কৃতিত্ব লাভ কৰা ভাৰতীয় বলাৰ সুভাষ গুপ্তে, কুম্বলে, হৰভজন আৰু ঈশান্ত শৰ্মাৰ সৈতে সমস্থান লাভ কৰে। সমান্তৰালভাৱে অনিল কুম্বলেক অতিক্ৰম কৰি টেষ্টত সৰ্বাধিকবাৰ ব’ল্ড আউট কৰা ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় অশ্বিন।

লক্ষণীয়ভাৱে অশ্বিনে কালি নিজৰ কেৰিয়াৰত ৭০০টা আন্তঃৰাষ্ট্ৰীয় উইকেট সম্পূৰ্ণ কৰে। বৰ্তমানলৈকে ২৭১ খন মেচত ২৫.৮৩ গড়ে ৭০২ টা উইকেট দখল কৰিছে তাৰকাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd