• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ABVP-এ হাজেলাক “দৌৰাই দৌৰাই খেদি খেদি পিটিম” বুলি ভাবুকি দিয়াৰ পিছতো চৰকাৰ নিমাত; ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

“ABVP অসমৰ জাতীয় সংগঠন নহয়, আছুক সমালোচনা কৰাৰ অধিকাৰ নাই”, আছুক কটাক্ষ সম্পৰ্কত বিধায়ক আমিনুল ইছলাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2019 4:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ বি ভি পি নামৰ হিন্দুত্ববাদী, চৰম সাম্প্ৰদায়িক সংগঠন এটাই অসমৰ এজন কৰ্তব্যৰত, দায়িত্বশীল আই এছ বিষয়াক ৰজপথত দৌৰাই দৌৰাই খেদি খেদি পিটিম বুলি ভাবুকি দিয়াৰ পিছতো সংগঠনটোৰ বিৰুদ্ধে চৰকাৰে বা আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত বিভিন্ন পক্ষই প্ৰশ্ন কৰিছে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নামৰ এই সংগঠনটোৰ কেইজনমান নেতা-পালিনেতা, কৰ্মীয়ে যোৱা ২১ আগষ্টত শিৱসাগৰত এন আৰ চিৰ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰোতে প্ৰতীক হাজেলাক ভাবুকি দিছিল।

Apply Now

“যদি আমাৰ দাবী নামানে, এ বি ভি পি অসম প্ৰদেশে প্ৰতীক হাজেলাক গুৱাহাটীৰ ৰাজপথত দৌৰাই-দৌৰাই খেদি-খেদি পিটিবলৈ কুণ্ঠাবোধ নকৰিব”, সাংবাদিকৰ কেমেৰাৰ সন্মুখতে কোৱা সংগঠনটোৰ নেতা-পালিনেতাকেইজনৰ এই মন্তব্য নৰ্থ-ইষ্ট নাওত বাতৰি হিচাপে ভিডিঅ’সহ প্ৰকাশ হৈছিল।

প্ৰতীক হাজেলাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাম কৰি আছে আৰু যোৱা ছবছৰ ধৰি তেওঁৰ নেতৃত্বতে এন আৰ চিৰ কাম আগ বাঢ়ি অন্তিম পৰ্য্যায় পাইছেহি।

উচ্চতম ন্যায়ালয়ে অহা ৩১ আগষ্টত যিকোনো মূল্যৰ বিনিময়ত চূড়ান্ত এন আৰ চি তালিকা প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।

এজন কৰ্তব্যৰত দায়িত্বশীল বিষয়াক এটা পাবতগজা সংগঠনৰ কেইজনমান তথাকথিত নেতাই এইদৰে মুকলি ভাবুকি দিয়াৰ পিছতো চৰকাৰে বা আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত বিভিন্ন জনে ছ’চিয়েল মিডিয়াত চৰকাৰৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন তুলিছে।

লগতে পঢ়ক এন আৰ চিৰ গইনালৈ জাতীয় সংগঠনে ‘দোকান’ চলোৱাৰ অভিযোগ ABVPৰ

এজন চৰকাৰী বিষয়াক দৌৰাই দৌৰাই খেদি খেদি পিটিম বুলি কোৱাৰ ক’ত অধিকাৰ পালে এই তথাকথিত সংগঠনটোৱে? এই প্ৰশ্ন কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনু ইছলামে।

নিজৰ ফেইচবুকৰ এটা পোষ্টত বিধায়কজনে কৈছে, “ABVP য়ে হাজেলাক গুৱাহাটীত খেদি খেদি পিটাৰ হুমকি দিয়াৰ অধিকাৰ ক’ত পালে?”

বিধায়কজনে লগতে কৈছে, “ABVP অসমৰ জাতীয় সংগঠন নহয়, আছুক সমালোচনা কৰাৰ অধিকাৰ নাই।”

হিন্দুত্ববাদী সংগঠনটোৱে উক্ত দিনাৰ প্ৰতিবাদস্থলীত আছুকো কটাক্ষ কৰিছিল জাতীয়তাবাদৰ দোকান দিয়া বুলি।

AminulIslam
ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ ফেইচবুক পোষ্টটোৰ স্ক্ৰীনশ্বট।

৮৫৫জন চহিদৰ কথা কোৱা জাতীয় সংগঠন তথা জাতীয় সংগঠনৰ ‘বাঘা বাঘা নেতা’ এতিয়া নিমাত বুলি অভিযোগ কৰি সংগঠনটোৰ এজন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যই কৈছিল, “জাতীয়তাবাদ নামৰ দোকানখনৰ পৰা যি প্ৰাপ্য আদায় হৈ আছে সেয়া বন্ধ হৈ যোৱাৰ ভয়ত তেওঁলোক নিমাত”।

আছুক সমালোচনা কৰাক প্ৰশ্ন কৰি বিধায়ক আমিনুল ইছলামে কয়, “অসম আন্দোলনৰ লগত প্ৰত্যক্ষভাবে জড়িত আছু আৰু অন্যান্য সংগঠনক তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ তেওঁলোকৰ নাই।”

আমিনুল ইছলামে নিজৰ পোষ্টটোৰ সৈতে নৰ্থ-ইষ্ট নাওত প্ৰকাশিত ভিডিঅ’টোও আপল’ড কৰি দিছে।

বিধায়কগৰাকীয়ে এ বি ভি পি নামৰ সংগঠনটোক অসমত সংঘাত সৃষ্টি নকৰিবলৈও সকীয়াই দিয়ে।

“ভাৰতৰ বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ সংঘাত আৰু অশান্তিৰ সৃষ্টি কৰা সংগঠনটোৱে অসমত অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা নকৰাটো ভাল। কাৰণ অসমবাসীয়ে শান্তি বিচাৰে; অশান্তি নিবিচাৰে।” নিজৰ পোষ্টটোত এইদৰে কয় ইছলামে।

আনহাতে, এবিভিপিৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৈতে চৰ্চাত থকাৰ পিছত ইয়াক লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, “কিছুমানে যদি এন আৰ চিক ফটা কাগজ আৰু এন আৰ চি মূল্যহীন বুলি ক’ব বিচাৰে তেন্তে তাক আমি বিৰোধিতা কৰিম, কিয়নো অসম চুক্তিৰ ভিত্তিত এইখন কৰা হৈছে। বিজেপি চৰকাৰ আৰু তেওঁলোকৰ আনুষংগিক দল-সংগঠনে এন আৰ চিক লৈ বিভ্ৰান্তিকৰভাৱে তথ্য-পাতি দি আছে। এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ ধৰা এই সময়ছোৱাত এইবোৰ কথা আহিব নালাগিছিল।

এন আৰ চিক লৈ হিন্দুত্ববাদী সংগঠনবোৰে অসংবিধানিক মন্তব্য কৰি অহা বুলি উল্লেখ কৰি শইকীয়াই কয়, “সদৌ অসম ছাত্ৰ সন্থাই যেনেদৰে জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগলৈকে অসমলৈ অহাসকলে নাগৰিকত্ব পাব লাগিব বুলি কৈছিল, তেনেদৰেই হ’ব লাগে। হিন্দুত্বৰ ভিত্তিত বা মুছলমান ভিত্তিত নাগৰিকত্ব দিয়াটো অসংবিধানিক।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd