• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

সূত্ৰ অনুসৰি এই নতুন দলটোৰ মূল ৰাজনৈতিক কেন্দ্ৰবিন্দু হ’বলৈ গৈ আছে অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 8:16 am
187
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনেকুৱা হ’ব বুলি খবৰ ওলাইছিল আৰু সেয়াই সঁচা হৈ পৰিল। লোকসভাত সুকীয়া সংসদীয় দল বা ব্লক গঠনৰ লগত জড়িত সকলো আইনী আৰু কাৰিকৰী জটিলতাৰ পৰা হাত সাৰিবলৈ ২০ জন বিদ্ৰোহী তৃণমূল সাংসদে ‘নেশ্যনেলিষ্ট চিটিজেন পাৰ্টি অফ ইণ্ডিয়া’ত যোগদান কৰিছে।

সূত্ৰ অনুসৰি এই নতুন দলটোৰ মূল ৰাজনৈতিক কেন্দ্ৰবিন্দু হ’বলৈ গৈ আছে অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা। জানিব পৰা মতে, এন চি পি আইত যোগদান কৰিলেও বিদ্ৰোহী তৃণমূল সাংসদসকলে বিজেপি নেতৃত্বাধীন শাসকীয় এন ডি এক সমৰ্থন কৰিব।

Apply Now

ত্ৰিপুৰাৰ ৰাজনৈতিক মহলত ‘নেচনেলিষ্ট চিটিজেন পাৰ্টি অৱ ইণ্ডিয়া’ (এন চি পি আই) বৰ বেছি পৰিচিত নাম নহয়। আনকি ৰাজ্যৰ বহু ৰাজনৈতিক পৰ্যবেক্ষকৰ হাতত দলটোৰ সাংগঠনিক গাঁথনি বা নেতৃত্বৰ বিষয়ে স্পষ্ট তথ্য নাই।

অৱশ্যে ২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত দলটোৰ উপস্থিতি দেখা গৈছিল। এন চি পি আইয়ে দুটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল – ধলাই জিলাৰ চৌমানু আৰু উনকোটি জিলাৰ কৈলাশহৰ। কিন্তু নিৰ্বাচনী যুঁজত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল দলটোৱে। দুয়োটা সমষ্টিৰ পৰা তেওঁলোকৰ প্ৰাৰ্থীয়ে মিলি মুঠ ৮২২টা ভোট লাভ কৰে, যিটো মুঠ ভোটৰ মাত্ৰ ০.০৩ শতাংশ।

নিৰ্বাচন আয়োগৰ ৰেকৰ্ড অনুসৰি বৰ্তমান ‘নেশ্যনেলিষ্ট চিটিজেন পাৰ্টি অফ ইণ্ডিয়া’ স্বীকৃতি নোপোৱা ৰাজনৈতিক দল হিচাপে তালিকাভুক্ত হৈ আছে।

দেওবাৰে দিল্লীত এই ৰাজনৈতিক কাৰ্যকলাপে অভূতপূৰ্ব চৰ্চা লাভ কৰিলে। এই দিনটোতে ক্ষুব্ধ তৃণমূলৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বাসগৃহলৈ যোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ চৰকাৰী বাসগৃহলৈ যায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত অনুষ্ঠিত এই হাই-প্ৰফাইল বৈঠকত কাকলি ঘোষ দস্তিদাৰ, সুদীপ বেনাৰ্জী, শতাব্দী ৰায়, অৰূপ চক্ৰৱৰ্তী, সয়নী ঘোষ, মালা ৰায়, বাপি হালদাৰ আৰু প্ৰসুন বেনাৰ্জী উপস্থিত থাকে।

এই বৈঠকৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু আশ্চৰ্যজনক কথাটো হ’ল, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ উপৰিও বিজেপিৰ প্ৰভাৱশালী লোকসভাৰ সাংসদ নিশিকান্ত ডুবেও তাত উপস্থিত আছিল। ফলত বিজেপি আৰু বিদ্ৰোহীৰ মাজত আভ্যন্তৰীণ বুজাবুজি চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল বুলি কোৱা বাহুল্য মাথোঁ।

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দুৰ্যোগৰ পিছৰে পৰা তৃণমূলৰ ভিতৰত যি তীব্ৰ অসন্তুষ্টি গঢ় লৈ উঠিছিল, দেওবাৰৰ এই ঘটনাই তাক বিস্ফোৰণৰ মুখত থিয় কৰালে। যোৱা কেইদিনমানত এজনৰ পিছত আনজন সাংসদে মুকলিকৈ দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। বংগৰ সাম্প্ৰতিক ৰাজনৈতিক আৰু আইন-শৃংখলা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁলোকে দিল্লীত মোডী চৰকাৰকো সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ পূৰ্বে কাকলি ঘোষ দস্তিদাৰৰ নেতৃত্বত গঠিত এই শিবিৰটোৱে অধ্যক্ষলৈ পত্ৰ লিখি লোকসভাত পৃথক সংসদীয় গোট হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাইছিল। শুকুৰবাৰে তৃণমূলৰ ১৯জন সাংসদৰ স্বাক্ষৰিত এখন গোপন নথি পোহৰলৈ অহাত লোকসভাৰ তৃণমূল শিবিৰত বৃহৎ বিভাজনৰ জল্পনা-কল্পনা বাস্তৱায়িত হৈ পৰে।

দেওবাৰে পুৱা কাকলি ঘোষ দস্তিদাৰে বিমানবন্দৰত দাবী কৰিছিল যে তেওঁলোকৰ শিবিৰত আৰু দুজন সাংসদে যোগদান কৰিছে, যাৰ ফলত লোকসভাত মুঠ বিদ্ৰোহীৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে।কিন্তু কোন দুজন নতুনকৈ আগবাঢ়ি আহিছে সেয়া স্পষ্ট নকৰিলে বিদ্ৰোহী সাংসদগৰাকীয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd