NORTHEAST NOW (Assamese)

ড্ৰাগছ মুক্ত অসম গঢ়াত ব্যৰ্থ হিমন্তৰ চৰকাৰ! অভিলেখ সৃষ্টি কৰি জব্দ হ’ল ২১০ কোটি টকাৰ ড্ৰাগছ

April 5, 2024 11:16 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 5, 2024 12:26 pm

 বৃহস্পতিবাৰে অসম আৰক্ষীয়ে জব্দ কৰে মুঠ ২১০ কোটি টকাৰ ড্ৰাগছ। এতিয়ালৈকে অসমত একেলগে জব্দ হোৱা ড্ৰাগছৰ ভিতৰত এয়াসই সৰ্বাধিক মূল্যৰ। 

কাছাৰ জিলাত ২১০ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই।

ইতিমধ্যে আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই এই অভিযানক “ড্ৰাগছ মুক্ত অসম”ৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি প্ৰশংসা কৰে।

অসম আৰক্ষীৰ এছটিএফ আৰু কাছাৰ জিলা আৰক্ষীৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে শিলচৰত এই অভিযানত মুঠ ২১ কেজি হেৰ’ইন জব্দ কৰা হয়।

Related News