• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 10:42 am
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰ আগতে এখন ঘৰৰ পৰা প্ৰায় ১০ লাখ টকাৰ আ-অলংকাৰ চুৰি হৈছিল। বহু বিচাৰ-খোঁচাৰ পিছতো কোনো শুংসূত্ৰ পোৱা হোৱা নাছিল। অৱশেষত এটা ইনষ্টাগ্ৰাম ৰীলে এই চুৰি কাৰ্যৰ ৰহস্য ফাদিল কৰিলে। চুৰি কৰা আ-অলংকাৰ পিন্ধি ভিডিঅ‘ বনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল অভিযুক্ত বনকৰা মহিলাগৰাকীয়ে। সেই সূত্ৰৰ আধাৰতে উত্তৰাখণ্ড আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ঘটনাটো ডেৰাডুনৰ। আৰক্ষীয়ে জনোৱা মতে, নীতিশা বৎস নামৰ এগৰাকী মহিলাই শেহতীয়াকৈ ৰাজপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। তেওঁ জনায় যে প্ৰায় এবছৰ আগতে জাখানৰ ভগীৰথীপুৰম অঞ্চলত থকাৰ সময়ত তেওঁৰ ঘৰৰ পৰা দুটা হীৰা লগোৱা আঙঠি, এডাল সোণৰ চেইন, হীৰা লগোৱা হাৰ্ট পেনডেণ্ট, এডাল ডাইমণ্ডৰ নেকলেচ আৰু সোণৰ লকেটসহ একাধিক মূল্যবান আ-অলংকাৰ অন্তৰ্ধান হৈছিল।

Apply Now

প্ৰথমৰে পৰাই তেওঁৰ ঘৰৰ বনকৰা মহিলা বিমলা দেৱীৰ ওপৰত সন্দেহ আছিল। কিন্তু সোধা-পোছাৰ সময়ত বিমলাই সকলো অভিযোগ অস্বীকাৰ কৰে। আনকি নিজেই থানালৈ গৈ অভিযোগ দিবলৈ মান্তি হোৱাত নীতিশাই ভাবিছিল যে হয়তো আ-অলংকাৰখিনি ক’ৰবাত হেৰাই গৈছে বা আন কোনোবাই চুৰি কৰিছে।

যোৱা ২৯ জুনত ঘটনাই লয় অন্য মোৰ। নীতিশাৰ চিনাকি এজন ব্যক্তিয়ে বিমলা দেৱীৰ ইনষ্টাগ্ৰাম ৰীল আৰু হোৱাটছএপ ষ্টেটাছ দেখা পায়। তাত বিমলাক এনে কিছুমান আ-অলংকাৰ পিন্ধি থকা দেখা গৈছিল, যিবোৰ হুবহু নীতিশাৰ হেৰোৱা আ-অলংকাৰৰ সৈতে একেই। ভিডিঅ‘ আৰু ছবি দেখি নীতিশাইও আ-অলংকাৰখিনি নিজৰ বুলি চিনাক্ত কৰে।

ইয়াৰ পিছত থানাত নতুনকৈ এখন অভিযোগ দাখিল কৰা হয়। যোৱা ১ জুলাইত ৰাজপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু শুক্ৰবাৰে ডেৰাডুনৰ জোহৰি ৰোড অঞ্চলৰ পৰা বিমলা দেৱীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ দাবী অনুসৰি, অভিযুক্তৰ পৰা ডাইমণ্ডৰ নেকলেচ, সোণৰ লকেট, দুটা সোণৰ আঙঠি, এটা সোণৰ পেনডেণ্ট আৰু এটা ম‘বাইল ফোন উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ মুঠ মূল্য প্ৰায় ১০ লাখ টকা।

আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত বিমলা দেৱীয়ে চুৰিৰ কথা স্বীকাৰ কৰিছে। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ বাসিন্দা বিমলা ডেৰাডুনৰ জাখানত আছিল আৰু নীতিশাৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল। তদন্তকাৰীৰ আগত তেওঁ জনায় যে ঘৰত কাম কৰি থকাৰ সময়ত তেওঁ লকাৰত দামী আ-অলংকাৰবোৰ ৰখা দেখিছিল। প্ৰায় এবছৰ আগতে সুযোগ বুজি তাৰ পৰাই সেইখিনি চুৰি কৰিছিল। বৰ্তমান সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd