বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ আজি দিল্লীৰ তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে। ৯ কোটি টকীয়া এটা ধাৰৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।
এই সকলোবোৰৰ মাজতে অভিনেতাগৰাকীক ৫ কোটি টকা মূল ধন ঋণ হিচাপে দিয়া ব্যৱসায়ী মাধৱ গোপাল আগৰৱালে এতিয়া মুখ খুলিছে। তেওঁ এই ১৪ বছৰীয়া দীঘলীয়া আইনী যুঁজ আৰু অভিনেতাগৰাকীৰ সৈতে হোৱা তেওঁৰ প্ৰথম সাক্ষাৎ তথা অভিজ্ঞতাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে।
মাধৱ গোপাল আগৰৱালে জনাইছে যে তেওঁ সাংসদ মিথিলেশ কুমাৰ কাঠৰিয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ৰাজপাল যাদৱক লগ পাইছিল। তেতিয়া ৰাজপাল যাদৱে তেওঁক কৈছিল যে তেওঁৰ ছবি অতা পতা লাপতাৰ কাম প্ৰায় শেষ হৈছে আৰু যদিহে তেওঁ অতি সোনকালে টকা যোগাৰ কৰিব নোৱাৰে তেন্তে তেওঁৰ সকলো পৰিশ্ৰম অথলে যাব। আৰম্ভণিতে ব্যৱসায়ীজনে টকা দিবলৈ অমান্তি হৈছিল যদিও ৰাজপাল যাদৱৰ পত্নী ৰাধাই তেওঁলৈ বহুতো আবেগিক মেছেজ পঠিয়াইছিল। পত্নীৰ সেই অনুৰোধ পেলাব নোৱাৰি অৱশেষত ব্যৱসায়ীজনে অভিনেতাগৰাকীক সহায় কৰিবলৈ মান্তি হৈছিল।
চুক্তি পত্ৰত স্পষ্টকৈ লিখা আছিল যে ছবিখন সফল হওক বা বিফল হওক সেই ধাৰৰ পইচাৰ ওপৰত তাৰ কোনো প্ৰভাৱ নপৰিব। ৰাজপাল যাদৱে সঠিক সময়ত সেই টকা ঘূৰাই দিব লাগিব বুলি এক ব্যক্তিগত গেৰাণ্টিও দিছিল। ব্যৱসায়ীজনে কৈছে যে তেওঁ সেই পইচা বিনিয়োগ কৰা নাছিল বৰঞ্চ ঋণ হিচাপেহে দিছিল। কাৰণ বিনিয়োগত কোনো ব্যক্তিগত গেৰাণ্টি বা চেক নাথাকে। তেওঁ লগতে কয় যে পইচা বিচাৰি তেওঁ এবাৰ ৰাজপাল যাদৱৰ ঘৰলৈ গৈ এজন শিশুৰ দৰে কান্দিছিল কাৰণ তেওঁ সেই ধাৰ দিবলৈ আনৰ পৰা পইচা আনিছিল।
যেতিয়া নিৰ্ধাৰিত সময়ত টকা ঘূৰাই নাপালে তেতিয়া ব্যৱসায়ীজনে আদালতৰ দ্বাৰস্থ হৈছিল। যদিও পিছত ১০.৪০ কোটি টকাৰ এক বুজাবুজি হৈছিল কিন্তু ৰাজপাল যাদৱে জমা দিয়া সকলোবোৰ চেক বেংকত গৈ বাউন্স হৈছিল। ইয়াৰ পিছতে ছবিখন মুক্তি পাইছিল যদিও সিমান ভাল ফল দেখুৱাব নোৱাৰিলে। ব্যৱসায়ীজনে কৈছে যে তেওঁ এজন ব্যৱসায়ী আৰু তেওঁ কেৱল তেওঁৰ নিজৰ পইচাহে ঘূৰাই বিচাৰিছে। বৰ্তমান ৰাজপাল যাদৱে সাময়িক সকাহ পাইছে যদিও এই দীৰ্ঘদিনীয়া গোচৰটোৱে তেওঁক বহু অসুবিধাৰ মাজলৈ ঠেলি দিছে।





