• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্তত পচিছে ৩০ হাজাৰ টন পিঁয়াজ! ইউনুছ চৰকাৰৰ ‘ভাৰত বিৰোধী’ সিদ্ধান্তৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2025 1:21 pm
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত পিঁয়াজৰ মূল্য প্ৰতি কিলোত প্ৰায় ১০০ টকা হৈছেগৈ। কিন্তু মহম্মদ ইউনুছৰ নেতৃত্বৰ অন্তৱৰ্তীকালীন চৰকাৰখনে হঠাতে ভাৰতৰ পৰা আধা দামত পিয়াঁজ আমদানি কৰাত নিষেধাজ্ঞা লগালে। আৰু এই সিদ্ধান্তই সীমান্তত নীৰৱ দুৰ্যোগৰ সৃষ্টি কৰিছে – মাহদিপুৰৰ পৰা হিলীলৈকে প্ৰায় ৩০ হাজাৰ টন পিঁয়াজ গুদাম, লৰীত পৰি থাকি নষ্ট আছে।

অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী ইউনুছে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ভাৰত বিৰোধী মনোভাৱ দেখুৱাইছে বুলি ইতিমধ্যে ৰাজনৈতিক মহলত অভিযোগ উত্থাপন হৈছে। এইবাৰ সেই অভিযোগ আৰু অধিক শক্তিশালী। কাৰণ বাংলাদেশত পিঁয়াজৰ আকাশলংঘী মূল্যৰ পাছতো ভাৰতীয় পিঁয়াজ আমদানিত প্ৰত্যক্ষ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলত কেৱল বাংলাদেশী ক্ৰেতাসকলেই ক্ষতিগ্ৰস্ত হোৱা নাই, ভাৰতীয় ব্যৱসায়ীসকলো বিপদত পৰিছে।

Apply Now

বাংলাদেশী ব্যৱসায়ীৰ পৰা নিশ্চিত বাৰ্তা লাভ কৰাৰ পিছত ভাৰতীয় ৰপ্তানিকাৰীসকলে আগতীয়াকৈ নাচিকৰ পৰা পিঁয়াজ কিনি সীমান্তত মজুত কৰি ৰাখিছিল। কিন্তু হঠাৎ নিষেধাজ্ঞাৰ বাবে সেই সকলোবোৰ পিঁয়াজ এতিয়া গুদামত পচিবলৈ আৰম্ভ কৰিছে। মাহদিপুৰ, হিলী, সোনা মছজিদ— আটাইকেইটা সীমাতে ছবিখন একে।

যোৱা ১৬ নৱেম্বৰত বাংলাদেশৰ সোনা মছজিদ আমদানি-ৰপ্তানি গোটে এক বিবৃতিত কয় যে কিছুদিনৰ পৰা কৃষি সম্প্ৰসাৰণ বিভাগে ভাৰতীয় পিঁয়াজৰ আমদানি অনুমতি (আই পি) নিয়ন্ত্ৰণ কৰি আহিছে। প্ৰথমে কিছুমান আমদানিকাৰকক ৫০ টন দিয়া হৈছিল, আৰু পিছলৈ আন কিছুমানক ৩০ টন আই পি দিয়া হৈছিল। কিন্তু হঠাৎ ইউনুছ প্ৰশাসনে সমগ্ৰ প্ৰক্ৰিয়াটো বন্ধ কৰি দিলে। তেওঁলোকৰ স্পষ্ট দাবী যে দেশৰ কৃষকৰ স্বাৰ্থ ৰক্ষা কৰাই হেনো উদ্দেশ্য।

অৱশ্যে ৰপ্তানিকাৰীসকলৰ কাহিনী বেলেগ। বছৰৰ এই সময়ত বাংলাদেশত পিঁয়াজৰ চাহিদা সদায় বেছি। প্ৰতিদিনে সেই দেশলৈ ৩০-৩৫ খন লৰী পিঁয়াজ যায়। ফলত ব্যৱসায়ীসকলে আগতীয়াকৈ সামগ্ৰীবিধ মজুত কৰি ৰাখিছিল। ঢাকাৰ মহলৰ পৰা জনা গৈছে যে এইবাৰ বাংলাদেশত উৎপাদন অধিক হৈছে। সেয়ে ভাৰতীয় পিঁয়াজৰ চাহিদা হ্ৰাস কৰিছে চৰকাৰে।

মাহদিপুৰৰ এজন ৰপ্তানিকাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, “আমি অৰ্ডাৰ পাই নাচিকৰ পৰা পিঁয়াজ লৈ আহিলোঁ। হঠাৎ নিষেধাজ্ঞা আহিল! আমি বন্দৰৰ ওচৰৰ গুদাম এটাত মজুত কৰিব লগা হ’ল। এতিয়া পচি গৈছে। আমি কেজিত ছয় টকাত বিক্ৰী কৰিবলৈ বাধ্য হৈছো। মই চাৰি ল’ৰী পিঁয়াজ আনিলোঁ—বৃহৎ লোকচান হৈছে।”

বাংলাদেশৰ এজন আমদানিকাৰীয়েও হতাশ হৈ কৈছে, “আমি ভাৰতীয় পিয়াঁজ কিনিবলৈ সাজু। কিন্তু চৰকাৰৰ নিৰ্দেশত আমি কৰিব নোৱাৰো। ক্লিয়াৰেন্স চাৰ্টিফিকেট দিলে তৎক্ষণাত আমদানি আৰম্ভ কৰিম।”

সীমান্তৰ এই ছবিখনে ক্ষোভ, উদ্বিগ্নতা আৰু ব্যৱস্থাহীনতাৰ ইংগিত দিয়ে। ইউনুছ প্ৰশাসনৰ এই অস্থিৰ সিদ্ধান্তত দুয়োখন দেশৰ ক্ষতি বাঢ়িছে, আৰু ঢাকাৰ এই সিদ্ধান্তই ঢাকা-দিল্লীৰ সম্পৰ্কত অধিক অৱনতি ঘটাব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd