চাপৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কল্পনা নাগ(৭৪) ৰ মৃত্যু ঘটিছে। যোৱা নিশা প্ৰায় ৪ বজাত হৃদক্ৰিয়া বন্ধ হৈ চাপৰ চহৰৰ ৫ নং ৱাৰ্ডত থকা বাসগৃহতে তেওঁৰ মৃত্যু ঘটে।
পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক চাপৰ এফ, আৰ, ইউ চিকিৎসাললৈ লৈ যায় যদিও কৰ্তব্যৰত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাপৰত গভীৰ শোকৰ ছাঁ পৰে। উল্লেখযোগ্য যে চাপৰৰে পৰেশ চন্দ্ৰ বিশ্বাসৰ কন্যা কল্পনা চাপৰত নাৰী শিক্ষা প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
তেওঁ চাপৰ ছোৱালী হাইস্কুলত ২০০৮ বৰ্ষৰ পৰা ২০১১বৰ্ষৰ আগষ্ট মাহ লৈকে প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰে।২০১১ চনৰ ৩১ আগষ্টত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত কল্পনা নাগে স্বামী তথা অৱসৰী শিক্ষক সুশীল চন্দ্ৰ নাগ, পুত্ৰ কমল নাগ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।
তেওঁৰ মৃত্যুত চাপৰ প্ৰেছ ক্লাব, চাপৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মইনুল ইছলাম তথা সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীবৃন্দ, অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক,গদাধৰ কবি চক্ৰ,ধুবুৰীৰ সম্পাদক তথা বিশিষ্ট কবি অহিদ খান পেৰিছ, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়, মুখপাত্ৰ তিলক প্ৰসাদ, সমাজকৰ্মী আব্দুল ছামাদ , বিশিষ্ট লেখক ছাঁজিদ হুছেইন , কবি ধীমান দাস , বিষয় শিক্ষক অমলেন্দু দাস , পৰীক্ষিত পোদ্দাৰ, কিৰ্পা ৰায়, বিশিষ্ট যাদুকৰ আনোৱাৰা হুছেইন, আব্দুল বাৰেক , কালু নন্দি , বিমল বিশ্বাস , বিকাশ দে , কুৰমান আলী ( আশ্ৰব) আদিকে ধৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।