• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত সাংসদসকলৰ সৈতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ পৰ্যালোচনা বৈঠক সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2024 11:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ১৪নৱেম্বৰ, ২০২৪ তাৰিখে ডিব্ৰুগড়ত তিনিচুকীয়া মণ্ডলৰ অধিক্ষেত্ৰৰ অন্তৰ্গত সাংসদসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ (ৰাজ্যসভা) ৰামেশ্বৰ তেলী, সাংসদ (লোকসভা) কামাখ্যা প্ৰসাদ তাছা আৰু নাগালেণ্ডৰ লোকসভাৰ সাংসদ এছ ছোপোংমেৰেন জামিৰ।

বৈঠকত তিনিচুকীয়াৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক উত্তম প্ৰকাশৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গও উপস্থিত আছিল।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকে সকলো সাংসদক আদৰণি জনোৱাৰ সময়ত সাম্প্ৰতিক সময়ৰ কাৰ্যকলাপ আৰু সফলতাসমূহৰ ওপৰত এক চমু আলোকপাত কৰে। মহাপ্ৰৱন্ধকে শেহতীয়া এডিআৰই পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে পৰিচালন কৰা বিশেষ ৰে’ল আৰু উৎসৱ বিশেষ ৰে’লৰ পৰিচালন আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত নিৰ্মাণাধীন আন্তঃগাঁথনিমূলক কাম-কাজৰ বিষয়ে আলোকপাত কৰে।

Apply Now

লগতে পঢ়কঃ বিশ্বকাপৰ কোৱালিফাইং মেচত মেছিৰ আৰ্জেণ্টিনাক পৰাস্ত কৰি চমক পেৰাগুৱেৰ

মহাপ্ৰৱন্ধকগৰাকীয়ে ‘ডিজিটেল ইণ্ডিয়া’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নগদবিহীন লেনদেন সক্ষম কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৫৮৮ টা ষ্টেচনৰ টিকট কাউণ্টাৰত কিউ.আৰ. কোড মেচিন প্ৰৱৰ্তন কৰাৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে আৰ্থ-সামাজিক বিকাশ বৃদ্ধিৰ বাবে স্থানীয় উদ্যোগীসকলক স্থানীয় অঞ্চলৰ উৎপাদিত সামগ্ৰী আৰু কাৰুশিল্প প্ৰদৰ্শন আৰু বিক্ৰী কৰাত সহায় কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনত “ৱান ষ্টেচন ৱানপ্ৰডাক্ট” ষ্টল মুকলি কৰাৰ সন্দৰ্ভত সাংসদসকলক অৱগত কৰে।

সাংসদসকলক উত্তৰ-পূৰ্ব্বাঞ্চলত চলি থকা বৈদ্যুতিকৰণ, দ্বৈত ৰে’লপথ আৰু নতুন ৰে’লপথ প্ৰকল্পৰ স্থিতিৰ বিষয়েও অৱগত কৰা হয়। লামডিঙৰ পৰা শিমলুগুড়ী আৰু তিনিচুকীয়াহৈ ডিব্ৰুগড়লৈ দ্বৈত ৰে’লপথ নিৰ্মাণৰ প্ৰক্ৰিয়াও চলি আছে। তেওঁ প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰসমূহ মুকলি কৰা ৰে’ল ষ্টেচনৰ বিষয়েও উল্লেখ কৰে।

মহাপ্ৰৱন্ধকে উল্লেখ কৰে যে নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনটো অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ) অধীনত পুনর্বিকশিত কৰা হৈছে। তেওঁ সাংসদসকলক তিনিচুকীয়া মণ্ডলত অৱস্থিত হোলোঙ্গাপাৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত এখন কৃত্ৰিম কেনোপি সেতুৰ নিৰ্মাণ কৰাৰ বিষয়েও অৱগত কৰে যাতে আৰ্বোৰিয়েল প্ৰজাতিসমূহে সুৰক্ষিতভাৱে ৰে’লপথ অতিক্ৰম কৰিব পাৰে।

লগতে পঢ়কঃ পুনৰ হ্ৰাস পালে টকাৰ মূল্য, ডলাৰৰ হিচাপত সৰ্বনিম্ন; ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনতে ভাৰতীয় মুদ্ৰাৰ পতন?

মহাপ্ৰৱন্ধকে উন্নত, এআই-আধাৰিত অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী (আইডিএছ)ৰ জৰিয়তে ৰে’লপথ অতিক্ৰম কৰা হাতীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উপস্থিত সাংসদ সদস্যসকলক অৱগত কৰে, যি ট্ৰেকৰ ওচৰত হাতীৰ চলাচল সঠিকভাৱে চিনাক্ত কৰাৰ ক্ষেত্রত সহায় কৰে আৰু প্ৰতিৰোধমূলক পদক্ষেপৰ বাবে লোকো পাইলট আৰু ষ্টেচন মাষ্টাৰসকলক সময়মতে সতৰ্ক কৰে।

সুৰক্ষা আৰু বিভিন্ন উন্নয়নমূলক কাম কাজ গ্ৰহণ কৰাৰ বাবে অবৈধ বেদখল আঁতৰোৱা, অননুমোদিত ক্ৰছিং বন্ধ কৰা, লেভেল ক্ৰছিং গেট বন্ধ কৰা আদিত সহায় আগবঢ়াবলৈ সাংসদসকলক অনুৰোধ জনোৱা হয়। এই বৈঠকৰ আলোচনাই ৰে’লৱেক এই অঞ্চলৰ জনসাধাৰণৰ বাবে ৰে’লৱেৰ উন্নয়নমূলক কামকাজৰ পৰিকল্পনা চূড়ান্ত কৰাত যথেষ্ট সহায় কৰিব। সাংসদসকলে প্ৰকাশ কৰা পৰামৰ্শ আৰু মতামতসমূহ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ প্ৰস্তুত কৰোঁতে যথাযথভাৱে বিবেচনা কৰা হ’ব বুলি মহাপ্ৰৱন্ধকে জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd