• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ জি কৰ কাণ্ড: জীয়ৰীক ন্যায় দিয়াৰ স্বাৰ্থত বিজেপিৰ টিকটত নিৰ্বাচন খেলিবলৈ সন্মত নিৰ্যাতিতাৰ মাতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2026 9:08 pm
Online image.

Online image.

87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত জঘন্য ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কনিষ্ঠ চিকিৎসকগৰাকীৰ মাতৃয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ পানীহাটি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সন্মতি প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে। কন্যাৰ ন্যায় প্ৰদান কৰিবলৈ কেৱল বিজেপিয়েই সক্ষম বুলি উল্লেখ কৰি তেওঁ ৰাজ্যখনত মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তৃণমূল কংগ্ৰেছ চৰকাৰক উৎখাত কৰাৰ সংকল্প লৈছে।

যদিও ৰাজ্যিক বিজেপিয়ে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে তেওঁৰ প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই আৰু শেহতীয়াকৈ প্ৰকাশিত প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকাতো পানীহাটি সমষ্টিটো খালী ৰখা হৈছে, তথাপিও নিৰ্যাতিতাৰ মাতৃয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “মই বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। প্ৰস্তাৱটো বাৰে বাৰে আহিছিল, কিন্তু প্ৰথমতে মই সন্মতি দিয়া নাছিলো। অৱশেষত মহিলাৰ ওপৰত বৃদ্ধি পোৱা অত্যাচাৰ আৰু সুৰক্ষাৰ অভাৱৰ বাবে তৃণমূল কংগ্ৰেছ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে মই প্ৰাৰ্থী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।”

Apply Now

পৰিয়ালটোৱে দাবী কৰা অনুসৰি, আন ৰাজনৈতিক দলেও তেওঁলোকক টিকট দিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু জীয়ৰীৰ ন্যায়ৰ স্বাৰ্থত তেওঁলোকে বিজেপিক বাছনি কৰে। নিৰ্যাতিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, বিজেপিয়ে পানীহাটি সমষ্টিৰ প্ৰস্তাৱ দিছিল আৰু মাতৃগৰাকীয়ে এতিয়া তাত সন্মতি জনাইছে। আনকি মাতৃগৰাকীয়ে নিজে বিজেপি নেতাসকলক ফোন কৰি প্ৰাৰ্থিত্বৰ ইচ্ছা প্ৰকাশ কৰা বুলিও সদৰী কৰে।

উল্লেখ্য যে, ২০২৪ চনৰ আগষ্ট মাহত আৰ জি কৰ চিকিৎসালয় চৌহদত এই জঘন্য ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছিল, যাৰ ফলত সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। শেহতীয়াকৈ ২০২৫ চনৰ জানুৱাৰী মাহত এই গোচৰত এজন স্থানীয় প্ৰভাৱশালী চিভিক ভলণ্টিয়াৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

আনহাতে, চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়ে তৃণমূল কংগ্ৰেছৰ লগতে বাওঁপন্থী দলসমূহকো কঠোৰ সমালোচনা কৰিছে। তেওঁলোকৰ অভিযোগ, চিপিআই(এম) নেতৃত্বাধীন বাওঁপন্থী দলসমূহে তেওঁলোকৰ জীয়ৰীৰ মৃত্যুৰ পৰা ৰাজনৈতিক ফায়দা লুটিছে আৰু তৃণমূল বিৰোধী ভোট বিভাজন কৰি শাসকীয় দলটোক ক্ষমতাত বৰ্তি থকাত সহায় কৰিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে কয় যে পৰিয়ালটোৰ সৈতে তেওঁলোকৰ কোনো সংঘাত নাই, কিন্তু তেওঁ তেওঁলোকক নিৰপেক্ষ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে সন্দেহ প্ৰকাশ কৰে যে পিতৃ-মাতৃ হয়তো ‘ষ্টকহ’ম চিণ্ড্ৰম’ৰ বলি হৈছে, য’ত ভুক্তভোগীয়ে নিজৰ উৎপীড়কৰ প্ৰতি সহানুভূতিশীল হৈ পৰে।

তাত্পৰ্যপূৰ্ণভাৱে, চলিত বৰ্ষৰ জানুৱাৰী মাহত দিয়া এক সাক্ষাৎকাৰত পৰিয়ালটোৱে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নোহোৱাৰ কথা প্ৰকাশ কৰিছিল। আনকি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ ভূমিকাৰ লগতে বিজেপিৰ প্ৰতিও তেওঁলোকে ক্ষোভ উজাৰিছিল। কিন্তু এতিয়া তেওঁলোকৰ এই নতুন সিদ্ধান্তই পশ্চিমবংগৰ নিৰ্বাচনী ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd