NORTHEAST NOW (Assamese)

আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ গঁড় চিকাৰী আখতাৰ

May 14, 2019 5:28 pm · ৰিদিপ শৰ্মা
Updated: May 14, 2019 5:29 pm
ফটো : নৰ্থ-ইষ্ট নাও

পুনৰ এবাৰ অসম আৰক্ষীক দুৰ্বল বুলি প্ৰমাণ কৰি আৰক্ষীৰ জিম্মাৰ পৰাই পলাই যাবলৈ সক্ষম হ’ল আখতাৰ আলী (২৭) নামৰ এজন দুৰ্ধৰ্ষ চোৰাং গঁড় চিকাৰী।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰিস্থ পশ্চিম ৰেঞ্জত সোধা-পোচা কৰাৰ বাবে ৰখা আখতাৰ আলীয়ে সোমবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে।

যোৱা ৯ মে’ত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষী, কলিয়াবৰ আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ যুটীয়া অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আখতাৰ আলীক।

২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত ভলুকাজান বন শিবিৰত গঁড় নিধনত জড়িত থকাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আখতাৰে কাজিৰঙাৰ বাগৰিস্থ পশ্চিম ৰেঞ্জৰ আৰক্ষী জিম্মাৰ পৰা সোমবাৰে নিশা পলায় যাবলৈ সক্ষম হয়।

২০১৬ চনত উচ্ছেদ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বান্দৰডুবিৰ বাসিন্দা আখতাৰে শেহতীয়াকৈ জখলাবন্ধাৰ গৰুবন্ধাত বাহৰ পাতি আছিল।

এনেদৰে বন বিভাগৰ জিম্মাৰ পৰা এজন দুৰ্ধৰ্ষ গঁড় চিকাৰী পলায়ন কৰা ঘটনাই বিপাঙত পেলাইছে বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষক।

Related News