DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন ‘মি. ডিব্ৰুগড় বিশ্ববিদ্যালয়’ৰ পুডুচেৰিত মৃত্যু; সাগৰৰ তীৰত অনুশীলন চলাই থাকোতেই ডুবিল পানীত

পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণী পাই উত্তীৰ্ণ হৈছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান ঋতুৰাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2018 9:06 pm
RiturajBora

পুডুচেৰিত সাগৰত ডুব গৈ মৃত্যুমুখত পৰা ডিব্ৰুগড়ৰ ঋতুৰাজ বৰা।

2.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ‘মি. ডিব্ৰুগড় বিশ্ববিদ্যালয়’ তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলিবল, হেণ্ডবল খেলুৱৈ ঋতুৰাজ বৰা নামৰ ডিব্ৰুগড়ৰ মিলন নগৰৰ যুৱকজন কালিৰ পৰা পুডুচেৰিৰ ছেৰিনিটি উপকূলত সন্ধানহীন হৈ থকাৰ পিছত আজি তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। সাগৰৰ উপকূলৰ পানীত ওপঙি থকা অৱস্থাত অভিযানকাৰী দলে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ সূত্ৰই জনোৱামতে, তেওঁ কালি ৩জন লগৰীয়াৰ সৈতে নিয়মীয়া অনুশীলনৰ বাবে সাগৰ তীৰলৈ গৈছিল। উপকূলৰক্ষীয়ে সাগৰৰ পৰিস্থিতি অনুকূল নহয় বুলি কোৱা আৰু বাধা দিয়া সত্ত্বেও চাৰিওজনে উপকূলৰ বালিত অনুশীলন চলাবলৈ গৈছিল। পিছত ডাঙৰ ঢৌ অহাত বাকীকেইজন উভতি আহিল যদিও ঋতুৰাজ পিছুৱাই অহা নাছিল। পিছত তেওঁক বন্ধুকেইজনে বিচাৰি নাপায় উপকূলৰক্ষীক খবৰ দিয়ে। আজি তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

২০১৬ চনৰ মি. ডিব্ৰুগড় য়ুনিভাৰ্ছিটি খিতাপধাৰী যুৱকজনে পুডুচেৰিত ফিজিকেল এডুকেইশ্যনত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছিল। তেওঁ ব’ডি বিল্ডাৰ হোৱাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভলিবল আৰু হেণ্ডবল খেলি কৃতিত্ব আৰ্জিছিল। পুডুচেৰি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাতো তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হৈ আহিছিল প্ৰতিটো পৰীক্ষা। তেওঁ এইবাৰ অন্তিমটো ছিমেষ্টাৰত অৱতীৰ্ণ হ’বলৈ গৈ আছিল।

ঋতুৰাজৰ মৃতদেহ বিশেষ বিমানযোগে আজি ডিব্ৰুগড় পোৱাৰ কথা। মেধাৱী আৰু প্ৰতিভাশালী যুৱকজনৰ মৃত্যুত ডিব্ৰুগড় মিলন নগৰৰ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd