NORTHEAST NOW (Assamese)

ধৰমতুলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, এজন নিহত

February 3, 2021 11:49 am · চানু গগৈ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মঙলবাৰে সন্ধিয়া মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত বঙালধৰাত সংঘটিত হৈছে এটা শোকাৱহ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাটোত কমল বৰদলৈ নামৰ এগৰাকী যুৱক থিতাতে নিহত হয়।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা যুৱকজনৰ ঘৰ ৰহাৰ সমীপৰ বগৰিগুৰিত বুলি জানিব পৰা গৈছে।

এ এছ ০১ই ডি ৫১৯৩ নম্বৰৰ এখন স্কুটীৰে ঘৰলৈ আহি থকা অৱস্থাত এখন অচিনাক্ত বাহনে সন্মুখৰ পৰা তীব্ৰ জোৰত খুন্দিয়াই। খুন্দাত যুৱকজনৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে অচিনাকী বাহনখন।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পিছত ঘটনাস্থলত ধৰমতুল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related News