মঙলবাৰে গধূলি মহা সপ্তমীৰ ভিৰত আৰক্ষীয়ে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি থকাৰ মাজতে কলিয়াবৰৰ মিছাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়া এখন দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই ৰাজেশ শ্বাহ নামৰ এজন লোকৰ এখন ভৰি ছিঙি নিয়ে।
আহত শ্বাহক মিছা আৰক্ষীয়ে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। অতিমাত্ৰা ৰক্তক্ষৰণ হোৱা লোকজনক বহু পৰিমাণে তেজৰ জৰুৰী প্ৰয়োজন হৈছে বুলিও চিকিৎসকে সদৰী কৰিছে।
দিন হাজিৰা কৰি চলা অতি দুখীয়া শ্বাহৰ ঘৰ মিছাৰ ভূঞাপট্টিত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ (নং AS 25BC 9819) চালক নৰ বাহাদুৰ ছেত্ৰীক মিছা আৰক্ষীয়ে আটক কৰা লগতে গাড়ীখনো জব্দ কৰিছে।
প্ৰত্যক্ষদৰ্শীৰ মতে গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈ চিমেণ্ট লৈ গৈ থকা ট্ৰাকখনে অতিমাত্ৰা গতিৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই লোকজনক মহতিয়াই নিয়ে।
ট্ৰাকখন ইমানেই বেগেৰে গৈছিল যে ঘটনাৰ স্থানত গাড়ীৰ বেগ আৰু জনসমাগম নিয়ন্ত্ৰণত থকা কৰ্তব্যৰত কেইবাজনো আৰক্ষীও কথমপিহে ৰক্ষা পৰে।
অতি দুখীয়া, অমায়িক লোকজন এনেদৰে ভয়ানক দুৰ্ঘটনাত পতিত হোৱাত সকলোৱে দুখ প্ৰকাশ কৰিছে।