শ্বহীদ মনোৰঞ্জন বৰাৰ নামেৰে নামকৰণ কৰা হ’ল যোৰহাটত ২.২ কিলোমিটাৰ পথ l
উল্লেখ্য যে ২০১০ চনৰ ২আগষ্ট তাৰিখে গোৱালপাৰা জিলাৰ ভালুকডুবিত মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল মনোৰঞ্জন বৰা l
বৃহস্পতিবাৰে যোৰহাটৰ উজনি ভকত পমুৱা গাঁৱৰ ২.২ কিলোমিটাৰ পথ শ্বহীদ মনোৰঞ্জন বৰাৰ নামেৰে নামকৰণ কৰে CRPF ৰ যোৰহাট জিলাৰ 119 নং CRPF বেটিলিয়ানে l
যোৰহাট জিলাৰ বহুকেইজন গণ্য মান্য ব্যক্তি আৰু গাঁৱৰ ৰাইজৰ উপস্থিতিত যোৰহাট জিলাৰ মুখ্য কাৰ্যবাহী বিষয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰে এই পথটি l
এই অনুষ্ঠানত শ্বহীদ মনোৰঞ্জন বৰাৰ মাতৃ আৰু পত্নীৰ লগতে পৰিয়ালৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে l
এই পথ নামকৰণক লৈ মাতৃ আৰু পৰিয়ালৰ লোক আনন্দিত হৈ পৰিছে l