নগাঁও জিলাৰ চামগুৰিৰ আমবাগান অঞ্চলৰ পথত আজি সন্ধিয়া ডকাইতৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয় এজন লোক।
ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ চিএছপি হুমায়ুন কবিৰক গুলীয়াই আহত কৰে অচিনাক্ত ডকাইতৰ দলে।
পুঠিখাইটি অঞ্চলৰ এটা চিএছপি কেন্দ্ৰৰ স্বতাধিকাৰী হুমায়ুন কবিৰে বন্ধু এজনৰ লগত কলিয়াবৰ ষ্টেট বেংক শাখাৰ পৰা প্ৰায় ২ লাখ টকা লৈ মটৰ চাইকেলৰে আহি থকাৰ সময়তে কাঠপাৰ অঞ্চলৰ ৰাস্তাত এখন বাইকত অহা দুজনীয়া এটা ডকাইতৰ দলে কবিৰক গুলী কৰি পলায়ন কৰে।
আঘাতপ্ৰাপ্ত হুমায়ুনক চিকিৎসাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে আমবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে বুলি আৰক্ষীৰ সূূূত্ৰে প্ৰকাশ কৰিছে।
অৱশ্যে কবিৰৰ ওপৰত গুলীচালনা কৰিলেও তেওঁৰ হাতত থকা ধনৰাশি ডকাইতে ধনখিনি লুট কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে।