DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰ: সম্পূৰ্ণ কৰিলে ১৭ সহস্ৰাধিক ৰান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 8:02 pm
Rohit Sharma
107
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত আহমেদাবাদ টেষ্ট তৃতীয় দিনা আজি এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে। অষ্ট্ৰেলিয়াৰ ৪৮০ ৰানৰ প্ৰত্যুত্তৰত ভাৰতৰ ইনিংছত আজি ৰোহিত শৰ্মাই ৩৫ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

এই ইনিংছটোৰে ৰোহিত শৰ্মাই আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭,০০০ ৰান সম্পূৰ্ণ কৰে। এইদৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অনন্য সাফল্য অৰ্জন কৰা ষষ্ঠগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয়।

ৰোহিত শৰ্মাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে ভাৰতৰ হৈ কেৱল শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী আৰু এম এছ ধোনিয়েহে ১৭,০০০ ৰানৰ সংখ্যাও অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এতিয়া এই অভিজাত তালিকাত নিজৰ নামো সন্নিৱিষ্ট কৰিলে ৰোহিত শৰ্মাই।

উল্লেখ্য যে, এই তালিকাত শীৰ্ষস্থানত আছে কিংবদন্তী তাৰকা তথা ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ। ৬৬৪ খন মেচত ৩৪,৩৫৭ ৰান সংগ্ৰহেৰে শচীন দেশৰ লগৰে বিশ্বৰে সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈৰ ৰেকৰ্ডৰ অধিকাৰী।

শচীন তেণ্ডুলকাৰৰ পিছতে বিৰাট কোহলীয়ে ৪৯৪ খন মেচত ২৫,১০৬ ৰান, ৰাহুল দ্ৰাবিড়ে ৫০৪ খন খেলত ২৪,০৬৪ ৰান, সৌৰভ গাংগুলীয়ে ৪২১ খন খেলত ১৮,৪৩৩ ৰান আৰু ধোনীয়ে ৫৩৫ খন খেলত ১৭,০৯২ ৰান সংগ্ৰহ কৰিছে।

আজিৰ এই ৩৫ ৰানৰ ইনিংছটোৰে ৰোহিত শৰ্মাই আন্ত:ৰাষ্টীয় কেৰিয়াৰৰ ৪৩৮ খন মেচত নিজৰ সংগ্ৰহিত ৰানৰ সংখ্যা ১৭,০১৪ লৈ বৃদ্ধি কৰে।

ইফালে চলিত টেষ্টখনত অষ্ট্ৰেলিয়াৰ ৪৮০ ৰানৰ বৃহৎ স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে কালিৰ ৩৬ ৰানৰ পৰা আজিৰ ইনিংছ আৰম্ভ কৰি আজি দিনটোৰ খেল সামৰণিলৈকে ৩ উইকেটৰ বিনিময়ত ২৮৯ ৰান সংগ্ৰহ কৰিছে।

অধিনায়ক ৰোহিত শৰ্মাই ৩৫ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পিছত শুভমন গিল আৰু পূজাৰাই ভাৰতীয় ইনিংছৰ ভেটি গঢ়ি তোলে। পূজাৰাই ৪২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গিলে ১২৮ ৰানৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে।

বৰ্তমান বিৰাট কোহলীয়ে ৫৯ আৰু ৰবীন্দ্ৰ জাদেজাই ১৬ ৰানৰ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত আছে। হাতত সাতটা উইকেট বাকী থকা অৱস্থাত ভাৰত এতিয়াও অষ্ট্ৰেলিয়াতকৈ ১৯১ ৰানত পিছ পৰি আছে।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd