DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, দললৈ উভতিল ৰোহিত শৰ্মা

প্ৰত্যাৱৰ্তন ঘটিল কুলদীপ যাদৱৰ, টি-২০ দলত নতুন মুখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2022 8:45 am
Indian squad against West Indies
164
VIEWS
Share on FacebookShare on Twitter

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। আঘাতমুক্ত হৈ দললৈ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুধবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলা আৰু ঘৰুৱা টি-২০ শৃংখলাৰ বাবে ১৮ জনীয়া দল ঘোষণা কৰে। হোৱাইট বল ক্ৰিকেটৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে এদিনীয়াত দলটোক নেতৃত্ব দিব।

উল্লেখ্য যে নিয়মীয়া অধিনায়ক হিচাপে নিযুক্ত হোৱাৰ পিছতে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বাহিৰ হৈছিল ৰোহিত শৰ্মা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ০-৩ ব্যৱধানত হোৱাইটৱাছৰ পিছত ৰোহিতৰ প্ৰত্যাৱৰ্তন দলৰ বাবে এক উৎসাহজনক খবৰ।

আনহাতে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত এদিনীয়া দলৰ অংশ হিচাপে দললৈ উভতি আহিছে কুলদীপ যাদৱ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ পিছত ৰবিচন্দ্ৰন অশ্বিনক দলৰ পৰা বাদ দিয়া হৈছে।

অফস্পিনাৰ ৱাশ্বিংটন সুন্দৰকো দললৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু ঘোষিত দুয়োটা দলতে স্থান লাভ কৰিছে। উদীয়মান লেগ স্পিনাৰ ৰবি বিষ্ণৈক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত স্থান দিয়া হৈছে।

আনহাতে অলৰাউণ্ডাৰ দীপক হুদাক ঘোষিত এদিনীয়া দলত অন্তৰ্ভূক্ত কৰা হৈছে। যুৱ পেচ বলাৰ আভেশ খানক দুয়োটা দলতে স্থান দিয়া হৈছে। যোৱা চিজনৰ আইপিএলত সুন্দৰ প্ৰদৰ্শনৰ সুবাদত টি-২০ দলত স্থান লাভ কৰিছে হৰ্ষল পেটেলে।

আনহাতে দক্ষিণ আফ্ৰিকা ভ্ৰমণত দুৰ্বল প্ৰদৰ্শনৰ পিছত এদিনীয়া দলৰ পৰা বাদ পৰিছে অভিজ্ঞ পেচ বলাৰ ভুৱনেশ্বৰ কুমাৰ। অৱশ্যে টি-২০ শৃংখলাৰ বাবে তেওঁক দলত অন্তৰ্ভূক্ত কৰা হৈছে।

দলৰ তাৰকা পেচাৰদ্বয় যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীক দুয়োটা শৃংখলাটোতে বিশ্ৰাম দিয়া হৈছে। আনহাতে কে এল ৰাহুল দ্বিতীয় এদিনীয়াৰ পৰা দলত উপলব্ধ হ’ব বুলি এক টুইটযোগে প্ৰকাশ কৰিছে বিচিচিআইয়ে।

বিচিচিআইয়ে লগতে কয় যে ৰবীন্দ্ৰ জাদেজা আঁঠুৰ আঘাতৰ পৰা ক্ৰমাৎ আৰোগ্য হৈছে আৰু সম্পূৰ্ণ সুস্থ নোহোৱাৰ বাবে শৃংখলাত উপলব্ধ নহ’ব। আনহাতে স্পীনাৰ অক্সৰ পেটেল টি-২০ ৰ বাবে দলত উপলব্ধ হ’ব।

ৰোহিত শৰ্মাৰ প্ৰত্যাৱৰ্তনৰ পিছত শিখৰ ধাৱানৰ সৈতে দলৰ ইনিংছ মুকলি কৰাটো প্ৰায় নিশ্চিত আৰু ইয়াৰ ফলত সহ-অধিনায়ক কে এল ৰাহুল বেটিং ক্ৰমৰ ৪ নম্বৰ স্থানলৈ নামি আহিব পাৰে।

উল্লেখ্য যে তিনিখন এদিনীয়া খেলৰ শৃংখলাটো আহমেদাবাদত আৰু টি-২০ শৃংখলা কলকাতাত অনুষ্ঠিত হ’ব।

এদিনীয়া দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, শিখৰ ধাৱান, বিৰাট কোহলী, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, আভেশ খান

টি-২০ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), ঈশান কিষণ, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট (উইকেট-ৰক্ষক), ভেঙ্কটেশ আয়াৰ, দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ, অক্সৰ পেটেল, যুজবেন্দ্ৰ চাহাল, ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ, ভুৱনেশ্বৰ কুমাৰ, আভেশ খান, হৰ্ষল পেটেল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd