সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে ‘বেজবল’ ধাৰা। ইংলেণ্ডৰ এই আক্ৰমণাত্মক বেটিং শৈলীটোক লৈ ক্ৰিকেট বিশ্বত ব্যাপক বাদ-বিবাদ পৰিলক্ষিত হৈছে। তাৰ পিছতো অৱশ্যে ইংলেণ্ডে অব্যাহত ৰাখিছে এই শৈলী।
চলিত ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত এই বেজবল শৈলী অৱশ্যে বিশেষ সফল হোৱা নাই। যদিও ইংলেণ্ডৰ কেইগৰাকীমান খেলুৱৈয়ে শৃংখলাটোত তেনে আক্ৰমণাত্মক ইনিংছ খেলিছে, তথাপি ভাৰতীয় দলৰ উদীয়মান তাৰকা যশস্বী জয়ছোৱালৰ ‘বেজবল’ বেটিঙক লৈহে সকলো চমকৃত হৈছে।
জয়ছোৱালৰ এনে বেটিং সম্পৰ্কত নাছিল। ইংলেণ্ডৰ তাৰকা বেটাৰ বেন ডাকেটে কৰিছিল এক বিশেষ মন্তব্য। ডাকেটৰ মতে, ইংলেণ্ডৰ ‘বেজবল’শৈলীয়ে জয়ছোৱালক আক্ৰমণাত্মক শৈলীৰে খেলিবলৈ উৎসাহিত কৰিছে। এই কৃতিত্ব ইংলেণ্ডে পাব লাগে।
ডাকেটে লগতে মন্তব্য কৰিছিল যে যেতিয়া বিপক্ষৰ খেলুৱৈক তেনেদৰে খেলা দেখা পোৱা যায়, তেতিয়া ইংলেণ্ডে কিছু কৃতিত্ব ল’ব লাগে। আন দলে টেষ্ট ক্ৰিকেট খেলাৰ শৈলীতকৈ ইংলেণ্ডে বেলেগ ধৰণে খেলিছে বুলি মন্তব্য কৰিছিল ডাকেটে।
শৃংখলাৰ পঞ্চমখন টেষ্টৰ প্ৰাকক্ষণত সংবাদমেলত অংশগ্ৰহণ কৰি আজি ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই ইংলেণ্ডৰ তাৰকাগৰাকীৰ এই মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বেন ডাকেটৰ মন্তব্য সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত ৰোহিতে দিয়ে ভাৰতৰ উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টৰ দৃষ্টান্ত।
বেন ডাকেটৰ মন্তব্য সন্দৰ্ভত আজি সংবাদ মেলত ৰোহিত শৰ্মাৰ প্ৰত্যুত্তৰ, “আমাৰ দলত ঋষভ পণ্ট নামৰ এজন খেলুৱৈ আছিল, বেন ডাকেটে চাগে তেওঁক খেলা দেখা নাই।” ৰো্হিতৰ এই মন্তব্যই এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।
অধিনায়কগৰাকীৰ এই মন্তব্যৰ পিছতে ক্ৰিকেট অনুৰাগীসকলে পুনৰাই যেন অনুভৱ কৰিছে পণ্টৰ অভাৱ! উল্লেখ্য যে, ২০২২ চনৰ ডিচেম্বৰ মাহত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত কোনো মতে প্ৰাণৰক্ষা প্ৰৰিছিল পণ্টৰ। দুৰ্ঘটনাত পোৱা আঘাতৰ বাবে খেলুৱৈগৰাকী তেতিয়াৰ পৰাই ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগা হৈছে।





