• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত আজমলক ১০ লাখ ভোটত হৰুওৱাৰ পিছৰে পৰা হিমন্তই মোক দেখিব নোৱাৰা হৈছে : মন্তব্য ৰকিবুল হুছেইনৰ

by
February 26, 2026 4:45 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইনে আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে ধুবুৰী লোকসভা সমষ্টিত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক ১০ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক লক্ষ্য কৰি মৌখিক আক্ৰমণ চলাই আহিছে।

হুছেইনৰ মতে এসময়ত তেওঁলোকৰ মাজত ভাল সম্পর্ক আছিল যদিও আজমলৰ পৰাজয়ৰ পিছত এই সমীকৰণ সলনি হৈছে। তেওঁ দাবী কৰে যে আজমলৰ পৰাজয়ৰ ফলত ৰাজ্যত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ অসুবিধা হোৱা বাবেই মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে।

Apply Now

ৰকিবুল হুছেইনে অধিক বিস্ফোৰক মন্তব্য কৰি কয় যে বৰ্তমান উজনি অসমত বিজেপিৰ ভেটি দুৰ্বল হৈ পৰিছে। বিশেষকৈ মৰাণ, মটক আৰু চাহ জনজাতিৰ লোকসকলৰ মাজত বিজেপিৰ প্ৰতি অসন্তুষ্টি বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰত চাহ জনজাতিৰ কোনো প্ৰতিনিধি নথকাৰ বাবে নিৰ্বাচনত জয়ী হ’বলৈ মুখ্যমন্ত্ৰীয়ে পুনৰ পুৰণি বন্ধু বদৰুদ্দিন আজমলৰ সহায় ল’বলৈ বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে। মুম্বাই বা ডুবাইত জিৰণি লৈ থকা আজমলক হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ মাতি অনা বুলিও হুছেইনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈও ৰকিবুল হুছেইনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰে যে চামগুৰিৰ ফলাফল একমাত্ৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হোৱা ভোটৰ খেলিমেলি বা ৰিগিঙৰ বাবেহে সম্ভৱ হৈছে। চামগুৰিৰ ৰাইজ তেওঁৰ আপোন বুলি উল্লেখ কৰি তেওঁ কয় যে অহা নিৰ্বাচনত কংগ্ৰেছে এই সমষ্টিটোত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰি ইয়াৰ প্ৰত্যুত্তৰ দিব। অৱশ্যে ৰকিবুল হুছেইনৰ এই গুৰুতৰ অভিযোগসমূহৰ সন্দৰ্ভত বৰ্তমানলৈকে বিজেপি দল বা অসম চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd