প্ৰাক্তন অভিনেত্ৰী ত্বিশা শৰ্মাৰ মৃত্যুৰ তদন্ত বৰ্তমান চিবিআইৰ হাতত। তেওঁৰ স্বামী সমৰ্থ সিঙক আৰক্ষীয়ে জেৰা কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে। সমৰ্থই আৰক্ষীক জনোৱা মতে, এপ্ৰিল মাহত গৰ্ভধাৰণ কৰাৰ পিছৰে পৰা ত্বিশাৰ আচৰণ সলনি হৈছিল আৰু গৰ্ভপাতৰ পিছত তেওঁ মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল। সমৰ্থই লগতে দাবী কৰিছে যে তেওঁ পত্নীক ৭ লাখ টকা দিছিল, অৱশ্যে কি কাৰণত এই টকা দিছিল সেই কথা তেওঁ স্পষ্ট কৰা নাই। উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ এক নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে চিবিআইয়ে নতুনকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
যোৱা ১২ মে’ তাৰিখে শাহু-শহুৰৰ ঘৰত ৩৩ বছৰীয়া ত্বিশাৰ মৃতদেহ উদ্ধাৰ হৈছিল। স্বামীৰ পৰিয়ালে এয়া আত্মহত্যা বুলি দাবী কৰিছে যদিও ত্বিশাৰ পিতৃ-মাতৃয়ে যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰায় দহ দিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত জব্বলপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা সমৰ্থ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। জেৰাৰ সময়ত সমৰ্থই দিয়া বহু উত্তৰ তেওঁৰ মাতৃ তথা প্ৰাক্তন জিলা ন্যায়াধীশ গিৰীবালা সিঙে আগতে আৰক্ষীক দিয়া ভাষ্যৰ লগত একেখিনি মিলে পোৱা গৈছে।
জেৰাৰ সময়ত সমৰ্থই কয় যে বিয়াৰ প্ৰথম কেইমাহমান তেওঁলোকৰ সম্পৰ্ক একেবাৰে স্বাভাৱিক আছিল। কিন্তু ১৭ এপ্ৰিলত ত্বিশাই গৰ্ভৱতী হোৱাৰ কথা গম পোৱাৰ পিছৰে পৰা অশান্তি আৰম্ভ হয়। সমৰ্থৰ মতে, ত্বিশাই প্ৰায়ে নিজৰ অতীতৰ গ্লেমাৰ জগতখনৰ কথা কৈছিল আৰু এগৰাকী সাধাৰণ গৃহিণী হিচাপে ঘৰুৱা দায়িত্ব পালন কৰি জীৱন নিৰ্বাহ কৰিবলৈ অস্বস্তি বোধ কৰিছিল। সমৰ্থই লগতে জনায় যে এপ্ৰিল মাহত তেওঁলোক একেলগে বেংগালুৰুলৈ যোৱাৰ কথা আছিল, কিন্তু ত্বিশাই হঠাতে ৰাজস্থানৰ আজমেৰত থকা ভাতৃৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লয়। পিছত সমৰ্থই গম পায় যে ত্বিশা আজমেৰত মাত্ৰ এদিন থাকি তেওঁক নজনোৱাকৈ দিল্লীলৈ গুচি গৈছিল, যাৰ বাবে দুয়োৰে মাজত বিবাদ আৰু অধিক বৃদ্ধি পাইছিল।
১২ মে’ৰ নিশাৰ ঘটনা বৰ্ণনা কৰি সমৰ্থই কয় যে সেইদিনা সকলো স্বাভাৱিক আছিল। একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত দুয়ো খোজ কাঢ়িছিল আৰু ঘৰত টিভি চাইছিল। তাৰ পিছত সমৰ্থ শুই পৰে আৰু ত্বিশা মাকৰ লগত ফোনত কথা পাতিবলৈ তললৈ যায়। বহু সময় ধৰি ফোন নুঠোৱাত ত্বিশাৰ মাতৃয়ে চিন্তিত হৈ সমৰ্থৰ মাকলৈ ফোন কৰে। সমৰ্থ আৰু তেওঁৰ মাতৃয়ে বিচাৰি গৈ ছাদত ত্বিশাক ওলমি থকা অৱস্থাত দেখা পায়। লগে লগে তেওঁক উদ্ধাৰ কৰি এইমছ ভূপাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ পিছত সমৰ্থই আৰক্ষীৰ পৰা বাচিবলৈ ম’বাইল ফোন বন্ধ কৰি প্ৰায় এসপ্তাহ ধৰি জব্বলপুৰত আত্মগোপন কৰি আছিল। পলাতক অৱস্থাত কোনে তেওঁক আশ্ৰয় দিছিল সেই কথা তেওঁ এতিয়াও প্ৰকাশ কৰা নাই। বৰ্তমান সমৰ্থ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে যৌতুক দাবী আৰু নিৰ্যাতনৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।





