• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে দিচপুৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে কৰা নাই তদন্ত! মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল দুলাল বৰা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 14, 2018 10:53 pm

2 min read

প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে দিচপুৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে কৰা নাই তদন্ত! মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল দুলাল বৰা
259
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ২ মে’ৰ দিনা দিচপুৰ থানাত প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰ চেনিয়াৰ বিৰুদ্ধে আৰ টি আই কৰ্মী দুলাল বৰাই সাৰদা কেলেংকাৰীৰ ফাইল লুকুৱাই ৰখাক লৈ এক গোচৰ ৰুজু কৰিছিল ১১৮৮/১৮ নং এক নম্বৰত।

কিন্তু পাঁচ মাহ উকলি যোৱাৰ পাছতো বৰ্তমানলৈকে প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে কোনোধৰণৰ তদন্ত আৰম্ভ নকৰাৰ অভিযোগ তুলি আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপে আৰ টি আই কৰ্মী দুলাল বৰা।

উল্লেখযোগ্য যে পিপাৰচেনিয়াই চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিত অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে সেই ফাইলটো বিচাৰি পোৱা হৈছিল বুলি বৰাই ৩০ মে’ত দিচপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰা এখন সংবাদমেলত সদৰী কৰিছিল।

তেওঁ লগতে কৈছিল যে পিপাৰচেনিয়াই চাকৰিৰ পৰা অৱসৰ লোৱা দিনাই ফাইলটো উদ্ধাৰ হয় বুলি মুখ্য সচিবৰ বিষয়াই মুখ্য তথ্য আয়ুক্তৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা শপতনামাত উল্লেখ আছে।

সেয়েহে দুবছৰ ধৰি ফাইল লুকুৱাই ৰখাৰ অভিযোগ তুলি আৰ টি আই কৰ্মীগৰাকীয়ে দিচপুৰ থানাত গোচৰ দিছিল বুলি নৰ্থ ইষ্ট নাওক আজি জানিবলৈ দিয়ে দুলাল বৰাই। তেওঁ লগতে কয় ‘৫ মাহ ওকলি যোৱাৰ পাছতো দিচপুৰ আৰক্ষীয়ে অভিযুক্ত পিপাৰচেনিয়াৰ বিৰুদ্ধে ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত কোনো তদন্তই আৰম্ভ নকৰাৰ বাবে আজি আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য হ’লো।‘

তাৰোপৰি আৰ টি আই কৰ্মী বৰাই মুখ্য দণ্ডাধীশ আদালতে দিচপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক এমাহৰ ভিতৰত তেওঁ ৰুজু কৰা গোচৰৰ দিচপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কিমান দূৰ আগবঢ়াইছে তাৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিবলৈ দিয়ে।

আনহাতে আৰ টি আই কৰ্মী বৰাই তথ্য বিভাগৰ মুখ্য আয়ুক্তই যোৱা ৮ অক্টোবৰত প্ৰদান কৰা ৰায়ৰ প্ৰতিলিপি এসপ্তাহৰ ভিতৰত প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাই ৰাজ্যৰ মুখ্য মন্ত্ৰী, মুখ্য সচিব আৰু কৰ্মচাৰী বিভাগৰ সচিবলৈ আজি এখন চিঠি প্ৰেৰণ কৰে।

ইফালে ৰায়ৰ প্ৰতিলিপি প্ৰদান নকৰিলে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গোচৰ ৰুজু কৰিব বুলি হুংকাৰ দিয়ে আৰ টি আই কৰ্মী বৰাই।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd