• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

এজন প্ৰতিবাদকাৰীয়ে পেলেটৰ ফলত চকুৰ ক্ষতিসাধন হোৱাৰ পিছতে ২০ জুলাইৰ আৰক্ষীৰ এই কাৰ্যক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 11, 2026 10:52 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০ জুলাইত দিল্লীত ছাত্ৰ-ছাত্ৰীৰ ‘সংসদ চালো’ পদযাত্ৰাৰ সময়ত পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগ অধিক তীব্ৰতৰ হৈ পৰিছে। তথ্যৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা চিকিৎসালয়ৰ ৰেকৰ্ড অনুসৰি সেইদিনা দিল্লীৰ দুখন চৰকাৰী চিকিৎসালয়ত পেলেট, শ্বট বা প্ৰজেক্টাইলত আঘাতপ্ৰাপ্ত হৈ কমেও ১০ জন প্ৰতিবাদকাৰী ভৰ্তি হৈছিল। এই ঘটনাত এতিয়ালৈকে ৫ জন লোক পেলেটৰ দ্বাৰা আহত হোৱাৰ খবৰ পোৱা গৈছে। কিন্তু আৰ টি আইৰ জৰিয়তে লাভ কৰা নতুন তথ্য অনুসৰি আহতৰ সংখ্যা কমেও দুগুণ।

এই তথ্য পোহৰলৈ আনিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেট গোখলেই। তেওঁৰ আৰ টি আইৰ উত্তৰত দিল্লীৰ লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজ এণ্ড হাস্পাতালে জনোৱা মতে, ২০ জুলাইত তাত পেলেট, শ্বট বা প্ৰজেক্টাইলৰ আঘাতত কমেও ৯ জন লোকক ভৰ্তি কৰা হৈছিল। আনহাতে, ছফদৰজং হাস্পতালে জনোৱা মতে, পেলেট আঘাতপ্ৰাপ্ত এজন যুৱকক একেদিনাই চিকিৎসা কৰা হয়। ফলত দুয়োখন চিকিৎসালয়ৰ পৰা মুঠ পেলেট আঘাতৰ সংখ্যা কমেও ১০ জন।

Apply Now

আৰ টি আইৰ তথ্য অনুসৰি যোৱা ২০ জুলাইত মুঠ ৮১ জন আহতক লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল।ইয়াৰে ৪৬ জন প্ৰতিবাদকাৰী আৰু ৩৫ জন আৰক্ষী। চিকিৎসালয়ৰ ৰেকৰ্ড অনুসৰি প্ৰতিবাদকাৰীসকল নিজেই চিকিৎসালয়লৈ আহিছিল, আনহাতে আহত আৰক্ষীক তেওঁলোকৰ সহযোগীসকলে লৈ গৈছিল।

আহতসকলৰ ভিতৰত ১৪ জনৰ মূৰ আৰু মুখত আঘাত আছিল। পাঁচজনৰ হাড় ভাঙি গৈছিল। আন ৩৬ জনৰ শৰীৰত কটা-ছিঙা আৰু আঘাত আছিল। এজন ব্যক্তিৰ চকু, শ্বাস-প্ৰশ্বাসতন্ত্ৰ আৰু ছালত গুৰুতৰ আঘাতৰ কথা কোৱা হৈছে। ইয়াৰ উপৰিও ৯ জন লোকৰ ‘পেলেট, শ্বট বা প্ৰজেক্টাইল জাতীয় আঘাত’ৰ কথা উল্লেখ কৰা হৈছে।

৭ আগষ্টৰ আৰ টি আইৰ সঁহাৰিত ২০ জুলাইত ছফদৰজং হাস্পতালত সংঘটিত হোৱা ঘটনাৰ কথাও উল্লেখ আছে। ইয়াত স্পষ্টকৈ লিখা আছে যে সেইদিনা এজন ৰোগী পেলেট আঘাত পাই চিকিৎসালয়লৈ আহিছিল। চিকিৎসালয়ৰ ৰেকৰ্ডত ইয়াক ‘পেলেট ইনজুৰি – ১ টা কেছ’ বুলি উল্লেখ কৰা হৈছে। তদুপৰি, আৰ টি আইত জনোৱা হৈছে যে যন্তৰ মন্তৰ বা তাৰ ওচৰত মুঠ ২৯ জন লোক—২৫ জন আৰক্ষী জোৱান আৰু চাৰিজন প্ৰতিবাদকাৰী—আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ আহিছিল।

২০ জুলাইৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীৰ বিৰুদ্ধে অত্যধিক বল প্ৰয়োগৰ অভিযোগ উত্থাপন হৈছিল। আন্দোলনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকৰ ওপৰত লাঠীচাৰ্জ আৰু কন্দুৱা গেছৰ উপৰিও পেলেটও নিক্ষেপ কৰা হৈছে। কিন্তু দিল্লী আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে সেইদিনা ৰাজধানীত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰা নাছিল।

অৱশ্যে পেলেট গান ৰেপিড একচন ফৰ্চ (আৰ এ এফ)ৰ অস্ত্ৰভাণ্ডাৰৰ অংশ। ফলত ২০ জুলাইৰ ঘটনাত আৰ এ এফৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে সংসদ মাৰ্গ থানাৰ সাধাৰণ ডায়েৰী এণ্ট্ৰি পোহৰলৈ আহে, য’ত আৰ এ এফে সংঘৰ্ষ বিৰোধী বন্দুক আৰু প্লাষ্টিকৰ পেলেট ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে।

চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চৰ বিশেষ শাখা ৰেপিড একচন ফৰ্চে ২২ জুলাইত পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত দাখিল কৰা জি ডি এণ্ট্ৰি অনুসৰি দিল্লী আৰক্ষীৰ এজন শীৰ্ষ বিষয়াৰ নিৰ্দেশত ৰেপিড একচন ফৰ্চে সংঘৰ্ষ বিৰোধী বন্দুকৰ পৰা দুটা ৰাউণ্ড পেলেট গুলিয়াইছিল বুলি দ্য হিন্দুৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে। ৰাজধানীত নিৰস্ত্ৰ প্ৰতিবাদকাৰীক দমন কৰিবলৈ পেলেট গান ব্যৱহাৰ কৰা এইটোৱেই প্ৰথম।

প্ৰকাশিত নথি অনুসৰি ২০ জুলাইত চিজেপিৰ প্ৰতিবাদ দমন কৰিবলৈ আৰ এ এফে ৫৫ ৰাউণ্ড অবৈদ্যুতিক গোলা, ১৫ ৰাউণ্ড বৈদ্যুতিক গোলা, পাঁচটা কন্দুৱা গেছ গ্ৰেনেড, সংঘৰ্ষ বিৰোধী বন্দুকৰ পৰা দুটা গুলী আৰু দুটা ৰাউণ্ড প্লাষ্টিক পেলেট ব্যৱহাৰ কৰিছিল।

আৰ টি আইৰ তথ্য প্ৰকাশ কৰি ছাকেট গোখলেই দাবী কৰিছে যে ২০ জুলাইত যন্তৰ মন্তৰ প্ৰতিবাদত পাঁচজন লোক পেলেট আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱাৰ বিপৰীতে চিকিৎসালয়ৰ ৰেকৰ্ডত আঘাতপ্ৰাপ্তৰ সংখ্যা কমেও ১০ জন বুলি নিশ্চিত কৰা হৈছে। তেওঁ কয় যে চিকিৎসালয়ৰ ৰেকৰ্ড পোহৰলৈ অহাৰ লগে লগে ঘটনাৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিছে।

অৱশ্যে সকলো চৰকাৰী চিকিৎসালয়ৰ তথ্য এতিয়াও পোৱা নাই। ছাকেট গোখলেৰ আৰ টি আইৰ ভিত্তিত প্ৰকাশ পোৱা তথ্য অনুসৰি এইমছ, ৰাম মনোহৰ লোহিয়া হাস্পতালৰ কৰ্তৃপক্ষৰ সঁহাৰি এতিয়াও অহা নাই। ফলত ২০ জুলাইৰ কাণ্ডত পেলেট বা প্ৰজেক্টাইলৰ আঘাতৰ ফলত আহত হোৱা মুঠ লোকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

এজন প্ৰতিবাদকাৰীয়ে পেলেটৰ ফলত চকুৰ ক্ষতিসাধন হোৱাৰ পিছতে ২০ জুলাইৰ আৰক্ষীৰ এই কাৰ্যক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰে। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ সন্মুখত এজন ছাত্ৰক উপস্থিত কৰে। শোভাযাত্ৰাৰ সময়ত পেলেটৰ আঘাতত তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা বুলি দাবী কৰে ছাত্ৰজনে।

যদিও পেলেট গানক ‘কম মাৰাত্মক’ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়, তথাপিও চিকিৎসকসকলে দীৰ্ঘদিন ধৰি গুৰুতৰ ক্ষতিৰ সম্ভাৱনাৰ বিষয়ে সতৰ্ক কৰি আহিছে। যদি পেলেট চকু, স্নায়ু, ৰক্তবাহী নলী, হাড় বা শৰীৰৰ গুৰুত্বপূৰ্ণ অংগত আঘাত কৰে তেন্তে স্থায়ী ক্ষতি আৰু আনকি মৃত্যুও হ’ব পাৰে। ২০ জুলাইৰ ঘটনাৰ পিছত দিল্লীতো এই অস্ত্ৰ ব্যৱহাৰৰ যুক্তিসংগততাক লৈ নতুন প্ৰশ্ন উত্থাপন হৈছে।

ভাৰতত উন্মত্ত জনতাক নিয়ন্ত্ৰণত পেলেট গানৰ ব্যৱহাৰক লৈ সৃষ্টি হোৱা বিতৰ্ক নতুন নহয়। জম্মু-কাশ্মীৰত ব্যৱহাৰ কৰাৰ পিছত চকুৰ গুৰুতৰ আঘাত আৰু স্থায়ী দৃষ্টিশক্তি হেৰুৱাৰ বহু ঘটনা পোহৰলৈ আহিছে। ২০১৬ চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক পেলেট গান ব্যৱহাৰ কৰাৰ পূৰ্বে পৰিস্থিতি সঠিকভাৱে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। পিছৰ বছৰত কেন্দ্ৰই উচ্চতম ন্যায়ালয়তো কয় যে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে পেলেট গানক ‘শেষ উপায়’ হিচাপে ব্যৱহাৰ কৰিব লাগে।

ফলত ৰাজধানী দিল্লীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে পেলেট বা প্লাষ্টিকৰ পেলেট ব্যৱহাৰ কৰা হৈছিল নেকি, যদি কৰা হৈছিল, তেন্তে কোনে আদেশ দিছিল, আৰু পৰিস্থিতি কিমান গুৰুতৰ আছিল—এই তিনিটা প্ৰশ্নই এতিয়া বিশেষ গুৰুত্ব লাভ কৰিছে।

২০ জুলাইৰ ঘটনাৰ পিছৰে পৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অত্যধিক বল প্ৰয়োগ কৰাৰ অভিযোগক লৈ বিতৰ্ক চলি আহিছে। এফালে পেলেট গান ব্যৱহাৰৰ অভিযোগ আৰক্ষীয়ে অস্বীকাৰ কৰিছে, আনফালে চিকিৎসালয়ৰ আৰ টি আইৰ উত্তৰ আৰু আৰক্ষীৰ সাধাৰণ ডায়েৰীত কিছু তথ্য পোহৰলৈ আহিছে যিয়ে সেই দাবীক প্ৰশ্নৰ সন্মুখীন কৰি তুলিছে।

এইমছ আৰু ৰাম মনোহৰ লোহিয়া হাস্পতালৰ ৰিপৰ্ট ওলালে আহত লোকৰ সংখ্যা আৰু বৃদ্ধি পাবনে নাই সেয়া হ’ব লক্ষ্যণীয়। তদুপৰি ২০ জুলাইৰ কাণ্ডত কোনটো বাহিনীয়ে সঠিকভাৱে কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ব্যৱহাৰৰ অনুমোদন বা নিৰ্দেশনা ক’ৰ পৰা আহিছিল সেই সন্দৰ্ভত বিতং তদন্তৰ দাবী উত্থাপন হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd