• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মই পৃথিৱীত শান্তি বিচাৰো”: যুদ্ধৰ বিভীষিকাৰ মাজতে শান্তিৰ বাণীৰে চৰ্চাত এগৰাকী শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2022 8:25 pm
Lily the Young girl viral video about war
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধবিধস্ত ইউক্ৰেইনত এতিয়া কেৱল আতংক, যুদ্ধৰ দাবানল। যুদ্ধৰ বিভীষিকাই হৰি নিছে ইউক্ৰেইনৰ কত শিশুৰ শৈশৱৰ আনন্দ!

যিসকলৰ পৃথিৱীত কেৱল ৰঙ পেঞ্চিল, চকলেট, পুতলা আৰু বেলুন আছিল, এতিয়া চাইৰেনৰ প্ৰচণ্ড শব্দত তেওঁলোকৰ টোপনি ভাঙে।

Apply Now

কঁপি উঠা শৈশৱ আৰু মাকৰ বুকুত লুকুৱাই ৰখা শিশুৰ মুখ! বোমা বিস্ফোৰণৰ ফলত কঁপি উঠিছে ঘৰবোৰ। বাৰুদৰ গোন্ধত গধুৰ হৈ পৰিছে বতাহ। হয়, ইউক্ৰেইনে এতিয়া এনেদৰেই গনিছে শংকাৰ প্ৰহৰ।

শিশুৰ বিদ্যালয়লৈ যোৱা বন্ধ। বন্ধ খেলপথাৰ, উদ্যান, উৎসৱ, সকলো। কিছুমান ভূগৰ্ভস্থ বাংকাৰত লুকাই আছে। নিজৰ প্ৰিয় ব্যক্তি- প্ৰিয় স্থান এৰি সুৰক্ষিত আশ্ৰয়ৰ সন্ধানত আন দেশলৈ যাত্ৰা কৰিছে সকলোৱে।

দৰাচলতে যুদ্ধ মানে কেৱল মৃত্যু নহয়, অথবা কেৱল সম্পত্তিৰ ক্ষয়-ক্ষতি নহয়, যুদ্ধই সলনি কৰি পেলায় সকলো! ওলট-পালট হয় পৰিস্থিতিবোৰ। সৰুৰ পৰা ডাঙৰলৈ সকলোৰে ওপৰত ইয়াৰ আঁচোৰ ৰৈ যায়।

সেয়েহে সমগ্ৰ বিশ্বৰ শান্তিপ্ৰেমী লোকসকলে ইউক্ৰেইনৰ এই সংকটত তেওঁলোকৰ কাষত থিয় দিছে। তেওঁলোকে সামাজিক মাধ্যমত যুদ্ধ নহয়, শান্তিৰ বাৰ্তা প্ৰচাৰ কৰি আছে।

সেই মিচিলত নতুন সংযোজন হৈছে এটা ভিডিঅ’ বাৰ্তা। বাৰ্তাটো দিছে লিলি নামৰ এটি শিশুৱে।

 

 

View this post on Instagram

 

A post shared by Brittany & Lily (@brittikitty)

তাই নাজানে যুদ্ধ কিয় হয়, তাই নাজানে ক্ষমতা আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক আৰু এই সকলো বোৰ গধুৰ শব্দ। কিন্তু আধাফুটা মাতেৰেই তাই কৈ গ’ল, তাই কি বিচাৰে।

“মই পৃথিৱীত শান্তি বিচাৰো, পৃথিৱীৰ টুকুৰা নহয়।” তাই পৃথিৱীত শান্তি বিচাৰে। পৃথিৱী টুকুৰা-টুকুৰ হৈ যোৱাটো নিবিচাৰে এই শিশুটিয়ে। তাই মনত পেলাই দিছে সাৰ্বজনীন ভাতৃত্ববোধৰ কথা। তাই আঙুলি তুলি ধমক দিছে যু্দ্ধ বন্ধ কৰাৰ।

তাইৰ এই অনুৰোধ যুদ্ধত আসক্ত লোকসকলৰ কাণৰ পৰ্দাত পৰিব নে নাই লিলিয়ে হয়তো নাজানে। কিন্তু তাইৰ এই বাৰ্তাই স্পৰ্শ কৰিব পাৰিছে পৃথিৱীৰ বহুতো লোকক।

এই সৰু ভিডিঅ’টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত এতিয়া লিলিৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিছে বহুজনে।

যুদ্ধৰ অন্ত পৰক। সময়বোৰ হৈ পৰক লিলিৰ দৰে প্ৰতিজন শিশুৰ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd